পৃষ্ঠা:Pratiphal.pdf/৩২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
(২৬)

পিন্ধনত এটা পাঞ্জাবী আৰু এখন ধুতি। বৰুৱা সোমোৱা দেখা পাই নমস্কাৰ জনাই কলে, ‘আপোনাৰ নামেই বোধকৰোঁ হৰেন বৰুৱা?

 ‘হয়, পিছে আপোনাক হলে মই চিনি পোৱা নাই। বৰুৱাই কলে।

 মোৰ নাম, মহেন্দ্ৰ শইকীয়া। যোৱা কালি আপুনি দিয়া বিজ্ঞাপনখন দেখিহে মই আহিছোঁ।”

 “সেইটো মই আগেয়েই অনুমান কৰিছিলোঁ। পিচে আপুনি জিতেন লহকৰৰ কিবা হয়নে, এনেয়েই চিনি পায়?” বৰুৱাই সুধিলে।

 “মই জিতেন লহকৰৰ একো নহওঁ আৰু তেওঁক মই চিনিও নাপাওঁ।” ডেকাজনে উত্তৰ দিলে।

 “তেনেহলে?” বৰুৱাই অলপ আচৰিত হৈ সুধিলে।

 “মই যদিও লহকৰক চিনি নাপাওঁ তথাপি তেওঁৰ বিষয়ে বহুখিনি কথা কব পাৰিম। কাৰণ দেউতাৰ লগত তেওঁৰ বৰ্ম্মাত চিনাকি হৈছিল; আৰু দেউতাৰ মুখৰ পৰাই তেওঁৰ বিষয়ে শুনিছিলোঁ‌।” শইকীয়াই কলে।