সৰু, হৰকান্তই কলিকতাত থাকি এম, এ পঢ়ে। ষ্টাইল কৰা বিষয়ত নাম কৰিছে। দুই ভায়েকৰ কোনো কথাতেই মতৰ মিল নাই।
বৰাই সদায়েই ৰাতি ৯টা বজাত ভাত খাই উঠি দোকানৰ হিচাব পত্ৰ চোৱাত লাগে। হিচাব পত্ৰ চাই উঠি ৰাতি প্ৰায় বাৰটা বজাত শোৱে।
সিদিনাও বৰাই খাই লৈ উঠি হিচাব-পত্ৰ চাই আছিল। ৰাতি প্ৰায় ১১টা বাজিছে। জাৰৰ দিন। ইফালে কৃষ্ণ পক্ষৰ শেহতীয়া ৰাতি; গতিকে গোটই জগত অন্ধকাৰৰ অতল গহ্বৰত তল গৈ আছিল। বৰাই এখন গৰম আলোৱানেৰে নিজৰ সৰ্ব্বাঙ্গ ঢাকি একাণপতীয়া হৈ হিচাবত মন দিছিল। তেতিয়া ঘৰৰ বাকী মানুহবোৰ টোপনিৰ জালত।
হঠাৎ সুৰেন বৰাই পিচফালে এটা খচ্ খচ্
শব্দ শুনি মুখ ঘূৰাই চালে; চায়েই তেওঁ চক্ খাই
উঠিল; তেওঁ ঠক্ ঠক্কৈ কঁপিবলৈ ধৰিলে। তেওঁ
ভয়তে ইমান কঁপছিল যে তেওঁৰ দাঁতে দাঁতে লাগি
খট্ খট্ শব্দ উঠিছিল। অৱশেহত অতি কষ্টেৰে
তেওঁ উচ্চাৰণ কৰিলে,– “তু-তু-মি—তু-ম্-মি।”