পৃষ্ঠা:Pratiphal.pdf/৪৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
(৪০)

 ধোঁ‌ৱা কম পৰাত দেখা গ’ল সত্য, লহকৰ আৰু মনীন্দ্ৰৰ দেহ মাটিত বাগৰি আছে। সত্য আৰু মনীন্দ্ৰৰ প্ৰাণ পখী উৰি গৈছে। সিহঁত দুয়োৰে মৃত্যু ঘটে লহকৰৰ গুলীত আৰু লহকৰে গুলী খায় বৰুৱাৰ হাতত।

 লহকৰ তেতিয়াও মৰা নাছিল কিন্তু মৰাত বেচি পৰ নালাগিল। মৰণৰ সময়ত কৈ গ’ল, “সত্যক হত্যা কৰিলো যাতে মোৰ বৰ্ত্তমান পৰিচয় মানুহে নাজানে। মনীন্দ্ৰক তাৰ প্ৰতিফল দিলো..... এয়ে মোৰ তৃপ্তি। মইও নৰহত্যাৰ প্ৰতিফল পালো। .....প্ৰতিফল দিলো আৰু প্ৰতিফল পালো.....”

শেষ