এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
(২৫)
অজিতে সুধিলে, “কি বুলি বিজ্ঞাপন দিব লাগিব?”
“এনেকৈ দিবা যে জিতেন লহকৰৰ বিষয়ে যদি কোনোবাই কিবা জানে তেনেহলে তলৰ ঠিকনাত লগ ধৰি বিশদ বিৱৰণ দিলে উপযুক্ত ভাৱে পুৰস্কৃত কৰা হব। এইদৰে দিলেই হব।
“বাৰু” বুলি অজিতে বেলেগ ৰাস্তা ধৰিলে।
চতুৰ্থ পৰিচ্ছেদ
হৰেন বৰুৱাৰ ঘৰ। বৰুৱা আৰু অজিত দুয়ো কথা পাতি আছে, এনেতে চাকৰ দীন সোমাই আহি কলে, “দেউতা আপোনাক এজন মানুহে মাতিছে।
“বাৰু বহিবলৈ দেগৈ।” বৰুৱাই কলে।
“কোন আহিল বা?’ অজিতে সুধিলে।
“সম্ভৱত কালি দিয়া বিজ্ঞাপন চাই কোনোবা আহিছে। বাৰু তুমি বহা, মই আহোঁগৈ।
বৰুৱাই চ’ৰা ঘৰ পাই দেখিলে এজন ২৫/২৬ বছৰ মান বয়সৰ ডেকা বহি আছে। ডেকাজনৰ