এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
(৩)
বৰ্তমানে মানুহে জানে যে সুৰেন বৰাই নিজৰ অধ্যৱসায়ৰ ফলত কাঠৰ কাৰবাৰত লক্ষপতি হৈ ফিৰি আহে; আৰু জিতেন লহকৰ এতিয়াও ব্ৰহ্মদেশতেই আছে। মাজৰ ৫ বছৰৰ কথা মানুহে নাজানে— আনকি সুৰেন বৰা পৰ্য্যন্ত এই বিষয়ত নীৰৱ।
বৰাৰ লৰা দুজন। ডাঙৰ জনৰ নাম কৃষ্ণ বৰা আৰু সৰুজনৰ নাম হৰ বৰা। বৰাৰ ঘৈণীয়েকৰ দুবছৰমান আগেয়ে মৃত্যু হয়।
বৰাৰ বৰ্তমান বয়স প্ৰায় ৫৫ বছৰ। তেওঁ, মানুহজন চুটি-চাপৰ আৰু শকত আৱত, মুখখন ঘূৰণীয়া, চকু দুটা সৰু সৰু; মুখত দাড়ীৰ চিন চাব নাই; কিন্তু গোঁফ আছে, মূৰটোত চুলি দুডাল এডালকৈ নাইকিয়া হব ধৰিছে।
ডাঙৰ লৰা কৃষ্ণকান্তৰ বৰ্তমান বয়স প্ৰায় ২৫
বছৰ। বি, এ, পাচ কৰি দেউতাকৰ কাৰবাৰ চোৱাত
লাগিছে। কাৰবাৰী বিদ্যাত দেউতাকক চেৰ পেলাই
গৈছে। লোকৰ মূৰত টাঙোন মাৰি টকা অৰ্জ্জা
বিদ্যা প্ৰায় আয়ত্ত কৰি লৈছে।