এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
(৩৬)
সেই মাত শুনি বাহিৰত ৰৈ থকা চুটি মানুহ জন ভিতৰ সোমাই গ’ল।
পাঠক সকলে বোধকৰো এতিয়া গম পাইছে যে দীঘল মানুহজন জিতেন লহকৰ আৰু চুটিজন তেওঁৰ সহকাৰী সত্য আৰু তেওঁলোক দুয়ো আহিছে মনীন্দ্ৰক হত্যা কৰিবলৈ।
কোঠালীটোৰ ভিতৰ সোমাই দুয়ো অলপ-পৰ নিশব্দে থিয় হৈ ৰ’ল। কোঠালীটোৰ ভিতৰত পোহৰ অকণো নাছিল। সেই আন্ধাৰৰ মাজেদি তেওঁলোক দুয়ো মনীন্দ্ৰৰ উশাহ-নিশাহৰ শব্দ শুনিবলৈ পালে।
তাৰ পিচত জিতেনে হাতৰ টৰ্চটো জ্বলাই লৈ ‘চুইচ্’ বিচাৰি লাইটটো জ্বলাই দিলে; লগে লগে কোঠালীটো উজ্জ্বল পোহৰেৰে ভৰি পৰিল।
লাইট জ্বলোৱা শব্দতে মনীন্দ্ৰই সাৰ পাই
উঠিল আৰু কোঠালীটোৰ ভিতৰত দুজন
মানুহক দেখা পাই বিছনাৰ ওপৰত জপিয়াই
বহি পৰিল আৰু চিঞৰ মাৰিলে, “কোন,
কোন?”