পৃষ্ঠা:Pratiphal.pdf/৪১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
(৩৫)

 বৰুৱাইও তাকে দেখি দাস আৰু অজিতক কিছুদূৰ আতৰত থাকি ৰবলৈ দিলে।

 মানুহ দুজনে কিছু পৰ তাতে ৰৈ থাকি গেট খুলি ঘৰৰ কম্পাউণ্ডৰ ভিতৰ সোমাল আৰু ঘৰটোৰ দক্ষিণ ফালেদি গৈ এখন খিড়কীৰ তলত থিয় হ’ল। তাতে দুয়ো কিছু পৰ ৰৈ থাকিল আৰু একো শব্দ নাপাই দীঘল মানুহজন খিড়িকীয়েদি ভিতৰ সোমাই গ’ল।

 এইটোৱেই জিতেন লহকৰৰ ২য় বিশ্বাসঘাতক মনীন্দ্ৰ ব্ৰত দেৱৰ ঘৰ।

 মনীন্দ্ৰ মানুহজন বঙালী। তেওঁৰ লৰা-তিৰোতা কোনোৱেই নাই। এজন চাকৰেই ঘৰৰ সকলো কাম কৰে। ঘৰটোত এই দুজনৰ বাহিৰে আন কোনো মানুহ নাথাকে। চাকৰ জনে তাতে আকৌ তাৰ ঘৰত শোৱে। তাৰ শোৱা ঘৰটো কম্পাউণ্ডৰ উত্তৰ ফালৰ একেবাৰে মূৰত; গতিকে মনীন্দ্ৰ দেৱৰ শোৱা কোঠালীৰ পৰা চিঞৰিলেও সহজে নুশুনি।

 মানুহজন ভিতৰ সোমাই অলপ পিছতে “সত্য সত্য” বুলি মাত লগালে, অতি ধীৰে ধীৰে।