এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
(৩১)
মানুহ দুজন আমাৰ পৰিচিত। তেওঁলোকৰ এজন হৰেন বৰুৱা আৰু আন জন অজিত চৌধুৰী।
তেওঁলোক দুয়ো নিশব্দে গৈ আছিল। হঠাৎ অজিতে নিস্তব্ধতা ভঙ্গ কৰি সুধিলে, “পুলিচৰ হতুৱাই আমি ইহঁতক ইয়াতে গ্ৰেপ্তাৰ কৰিলেইতো হ’লহেঁতেন। মিছাকৈয়ে ইমান কষ্ট কিয় কৰিব লাগিছিল?’
“কি অভিযোগ গ্ৰেপ্তাৰ কৰিবা?” বৰুৱাই সুধিলে।
“সুৰেন বৰাৰ হত্যাকাৰী বুলি।”
“সুৰেন বৰাক জিতেন লহকৰেহে হত্যা কৰিছিল”।
“জিতেন লহকৰক আমি পালোৱেই নহয়?”
“কোনে ক’লে জিতেন লহকৰক পালোঁ বুলি?” বৰুৱাই সুধিলে।
“কিয় আমি এতিয়া যাৰ তালৈ যাম সি জানো জিতেন লহকৰ নহয়?”
“হয় বুলি মইও স্বীকাৰ কৰোঁ, কাৰণ আমি জানিছোঁ। কিন্তু আনে এই কথা নাজানে অইন