পৃষ্ঠা:Pratiphal.pdf/৩৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
(২৯)

সোমাই আহি কলে, “অজিত, তুমি ভাতপানী খাবা। মোৰ আহোঁতে পলম হব পাৰে।”

 অজিতক কথাষাৰ কৈয়েই বৰুৱা ওলাই গ’ল। অজিতে একো সুধিবলৈ নাপালে।

 প্ৰায় এঘণ্টামান পিচত বৰুৱা উভতি আহিল আৰু তেওঁ ঘৰ সোমোৱা মাত্ৰেই অজিতে সুধিলে, “কলৈ গৈছিল? তেতিয়া মানুহজনে আহি কি কলে?”

 বৰুৱাই চকী এখনত বহি কলে, “সেই মানুহজনকেই অনুসৰণ কৰি গৈছিলোঁ।”

 “কিয়?”

 “তাৰ ওপৰত সন্দেহ হৈছিল।”

 “কিয়?”

 “সি যিবিলাক কথা কৈছিল তাকে শুনি।”

 “সি কি কৈ গ’ল?”

 বৰুৱাই শইকীয়াই কোৱা সকলোখিনি কথা অজিতৰ আগত কলে।

 “তাৰ বাপেকে কলে, সি শুনিলে, তাকে তোমাৰ আগত ক’লে। নহয়?” অজিতে হাঁহি ক’লে।