পৃষ্ঠা:Pratiphal.pdf/২২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
(১৬)

অৱশ্যে পিচতহে গম পাওঁ যে সিহঁত ভৰ-টোপনিত নাছিল। সিহঁতক ক্লোৰোফৰ্ম্মৰ দ্বাৰা অজ্ঞান কৰি থৈছিল। মই বহুত কষ্টেৰে সিহঁতৰ জ্ঞান অনাই উদ্‌গ্ৰীৱ হৈ দেউতাৰ কোঠালীলৈ যাওঁ। গৈ দেখো এই অৱস্থা। তেওঁৰ মৃতদেহ পৰি আছে।

 “তাৰ পিচতেই মই আপোনাৰ গুৰিলৈ আহো” কৃষ্ণকান্তই তেওঁৰ কথা শেষ কৰিলে।

 “ৰব আপুনি গুলী কৰি, মাৰাৰ কথা কৈছে নহয়?” বৰুৱাই সুধিলে।

 “এৰা।”

 “তেনেহলে আপোনাৰ কথাই ঠিক। আপোনালোকক অজ্ঞান কৰি থৈহে হত্যা কৰিছে। নহলে গুলীৰ শব্দ শুনিলেহেঁতেন। ক্লোৰফৰ্ম্মৰ দ্বাৰাই হওক বা আন যি কোনো উপায়েৰেই হওক আপোনালোকক অজ্ঞান কৰিছিল। ...... বাৰু আপুনি সেইটো কোঠালিত কিবা পাইছিল নেকি?”

 “অ’, মই পাহৰিছিলোৱেই,” কৃষ্ণকান্তই জেপৰ পৰা এখন চিঠি উলিয়াই বৰুৱাৰ হাতত দি কলে,