পৃষ্ঠা:Pratiphal.pdf/১৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
(১৩)

 “এৰা। বহক।” বৰুৱাই কলে।

 “মোক বোধহয় অপুনি চিনি পোৱা নাই।”

 "নাই।”

 “মোৰ নাম কৃষ্ণকান্ত বৰা; সুৰেন বৰাৰ ময়েই ডাঙৰ ল'ৰা।” মানুহজনে ক'লে।

 “অ’ পিছে আপুনি আহিলে কেলৈ?” বৰুৱাই সুধিলে।

 “যোৱা ৰাতি দেউতাক কোনোবাই গুলী কৰি হত্যা কৰিছে। মই.....”

 “হত্যা? যোৱা ৰাতি??”

 “হয়।” কৃষ্ণকান্তই কলে, “মই সেই কাৰণেই আপোনাৰ গুৰিলৈ আহিছোঁ। আপুনি যেনেকৈয়েই হওক হত্যাকাৰীক ধৰি দিব লাগিব। মই ৫০,০০০৲ টকা দিবলৈ মান্তি হৈছোঁ। মই আপোনাৰ বিষয়ে শুনিছোঁ‌।”

 “আপোনাক মোৰ গুৰিলৈ আহিবলৈ ক’লে কোনে?”

 “মই আগেয়েই পুলিচ ইন্সপেক্টৰ দাসৰ মুখত আপোনাৰ কথা শুনিছিলোঁ‌। সেই বাবেই আহিছোঁ‌।