পৃষ্ঠা:Pratiphal.pdf/৪৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
(৩৭)

 জিতেনে লগে লগে জেপৰ পৰা দুটা পিস্তল উলিয়ালে আৰু অনুচ্চ অথচ কঠোৰ কণ্ঠে কৈ উঠিল,— “মনে মনে বিছনাৰ পৰা নামি আহা; নহলে যমপুৰী দেখা পাবা।”

 মনীন্দ্ৰৰ বুকু আঠুৱাৰ ভিতৰতে পিস্তল দুটা দেখা পাই কঁপি উঠিল, তেওঁৰ মুখ শেতা পৰিল তেওঁ কঁপিবলৈ ধৰিলে।

 “ইমান পৰে কি কৰিছা?” জিতেনে পুনৰ কৈ উঠিল, “ওলাই নাহা কিয়?”

 মনীন্দ্ৰই ভয়তে কঁপি কঁপি উঠি আহিল। ওলাই আহিয়েই সন্মুখত জিতেন দেখা পাই চক্ খাই বিছনাৰ ওপৰতে বহি পৰিল।

 “থিয় হোৱা।” জিতেনে আদেশ দিলে। মনীন্দ্ৰই কঁপি কঁ‌পি কোনোমতে থিয় হ’ল।

 “মনীন,” জিতেনে কবলৈ ধৰিলে, “তুমি বোধকৰো মোক চিনি পাইছা। অলপতে ঘটা সুৰেন বৰাৰ মৃত্যু কাহিনীও বোধকৰো জানিবলৈ পাৰিছা। সুৰেন বৰাক হত্যা কোনে কৰিছে জানা?... মই, ময়েই সুৰেন বৰাক হত্যা কৰিছো। তুমি