পৃষ্ঠা:Pratiphal.pdf/১২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
(৬)

ভগৱানৰ অভিপ্ৰেত নাছিল। আৰু সেইবাবেই আচৰিত ভাৱে এজন নাৱৰীয়াৰ হাতত মোৰ জীৱন ৰক্ষা পৰে। সেই নাৱৰীয়াৰ বাবেই মই আজি তোমাক নিজ হাতেৰে তোমাৰ বিশ্বাসঘাতকতাৰ প্ৰতিফল দিবলৈ আহিব পাৰিছো, আৰু ভগৱানৰ ইচ্ছাও বোধকৰো এয়েই!

 “মই বহুদিন আগেয়েই তোমাৰ গুৰিলৈ আহিলোঁহেতেন; কিন্তু টকা-পইচাৰ যোগাৰ নোহোৱাৰ বাৱেই আহিব পৰা নাছিলো। আজি আহিব পাৰিছোঁ। আৰু আজি তোমাক হত্যা কৰি তোমাৰ বিশ্বাসঘাতকতাৰ প্ৰতিশোধ লম। তুমি....।”

 "মই ভুল কৰিছলোঁ‌।” আগন্তুকৰ কথা শেষ নহওঁতেই বৰাই কাতৰ ভাবে কালে, “তোমাক মোৰ আধা সম্পত্তি দিম; মোক ক্ষমা কৰা...”

 “মনে মনে থাকা” আগন্তুকে কৰ্কশ স্বৰেৰে ডাবি দি উঠিল; “তোমাৰ কান্দোন মই শুনিবলৈ অহা নাই। তুমি মৰিবই লাগিব। তোমাৰ সম্পত্তিত মোৰ আৱশ্যকতা নাই। ঈশ্বৰৰ ইচ্ছাত মই বৰ্ত্তমানে তোমাতকৈ বহু গুণে ধনী। মোৰ