পৃষ্ঠা:Pratiphal.pdf/১৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
(৯)

কাগজ এচিলা আৰু কলম এটা দিয়াচোন।...... বেচ্। ৰ’বা আগেয়ে মই সত্যক মাতি লওঁ। নহলে তুমি গণ্ডগোল কৰিব পাৰা। ” বুলি তেওঁ মাত লগালে— “সত্য, সত্য।”

 লগে লগে এজন ডেকা লৰা খিৰিকিয়েদি ভিতৰ সোমাই আহিল।

 জিতেনে ডেকাজনৰ ফালে চাই কলে, “সত্য, তুমি অলপ বৰাক পহৰা দিয়া। মই চিঠিখন লিখি থওঁ। বৰা, তোমাৰ আয়ু অলপ দীঘল আছিল বোধকৰো।” বুলি চিঠি লিখিবলৈ ধৰিলে।

 চিঠিখন লিখা হোৱাৰ পিচত তেওঁ সেইখন টেবুলৰ ওপৰত থৈ সত্যক কলে, “তুমি এতিয়া যাব পাৰা। ঠিক্ চাৰে বাৰটাত গুলীয়াম।”

 সত্যই খিৰিকিয়েদি বাহিৰ ওলাই গ’ল। জিতেনে পুনৰ বৰাক কবলৈ ধৰিলে, “সুৰেন, তোমাক মই তিলে তিলে হত্যা কৰিব পৰাহলে বেচি সুখী হলোঁহেতেন! তোমাৰ বাবে মই যিমান কষ্ট সহ্য কৰিছোঁ‌! ৩ মাহ, বুজিছা, পূৰা ৩ মাহ মই বাটে বাটে মগনীয়াৰ নিচিনা ঘূৰি ফুৰিছো। কত