পৃষ্ঠা:Pratiphal.pdf/২৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
(১৭)

“এইখন টেবুলৰ ওপৰত পাইছিলো। ইয়াৰ বাহিৰে আন একো পোৱা নাই।”

 বৰুৱাই চিঠিখন হাতত লৈ মেলিলে।

 অজিতে অত পৰে নিশব্দে গৈ আছিল। এই বাৰ চিঠিখন চাবলৈ বৰুৱাৰ গুৰি চাপিল।

 এই খনেই যোৱা ৰাতি জিতেন লহকৰে লিখি থৈ যোৱা চিঠি।

 চিঠিখন কাকো সম্বোধন কৰি লিখা নাছিল। মাথো তলৰ কথা কেই ফাকি লিখা আছিল।

 “সুৰেন বৰাৰ বিশ্বাসঘাতকতাক ‘প্ৰতিফল’ আজি প্ৰায় ৩০ বছৰৰ মূৰত দিলো। সি মোক যি কষ্ট দিছিল তাৰ তুলনাত সি অতি সহজতে ৰেহাই পালে।

 “বৰাৰ পাচত আৰু এজনক বিশ্বাসঘাতকতাৰ প্ৰতিফল দিব লগীয়া আছে। তাৰ নাম ইয়াত প্ৰকাশ নকৰো। সময়ত সকলোৱে জানিব পাৰিব। তলত অৱশ্যে মোৰ নাম লিখা আছে। কিন্তু পুলিচে যেন মিছাকৈয়ে মোক সেই নামত বিচাৰি

হায়ৰান নহয়। কাৰণ বৰ্ত্তমানে মই সেই জিতেন