পৃষ্ঠা:Pratiphal.pdf/১৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
(৮)

পিচত বৰাৰ ফাললৈ চাই কলে,— “সাজু হোৱা সুৰেন বৰা; আৰু ১৫ মিনিট মাথোন তুমি বাচি থাকিবলৈ পাবা।”

 “জিতেন, বন্ধু হিচাবে অন্ততঃ ক্ষমা কৰা,” বুলি বৰাই মানুহজনৰ ভৰিত দীঘল দি পৰিল।

 “বন্ধু?” বুলি আগন্তুকে বিকট শব্দৰে হাঁহি উঠিল। তাৰ পিচতেই কৰ্কশ কণ্ঠেৰে কলে, “বন্ধু! আজি বন্ধু বুলি তুমি প্ৰাণৰ ভয়ত কবলৈ বাধ্য হৈছা। কিন্তু সেইদিনা, মোক মাৰিবলৈও যেতিয়া কুণ্ঠাবোধ কৰা নাছিল। তেতিয়া বন্ধুত্ব গৈছিল ক’লৈ?...... ৫ মিনিট সময় আছে; মনে মনে চকীখনত বহি থাকা।”

 বৰাৰ মুখত হতাশাৰ ভাৱ ফুটি উঠিল। অৱসন্ন ভাৱে চকীখনত বহি পৰিল।

 পাঠক সকলে বোধহয় এতিয়া গম পাইছে, যে আগন্তুকেই সুৰেন বৰাৰ বন্ধু, জিতেন লহকৰ আৰু এওঁয়েই বৰাৰ লগত বৰ্ম্মালৈ গৈছিল।

 “ওহ্হো। এটা কথা পাহৰছিলোৱেই’ জিতেনে কৈ উঠিল, “এখন চিঠি লিখিব লাগে। চাও