পৃষ্ঠা:Pratiphal.pdf/২৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
(২৩)

 “অইন কাৰণে এৰিব পাৰে সঁ‌চা।” বৰুৱাই কলে, “কিন্তু ইয়াত ৰং এৰাৰ বিশেষত্বটো লক্ষ্য কৰি চাওক— ৰড কেইডালৰ ৰং কোনো বস্তুত খুন্দা খাই এৰা নাই; কিবা এটা টান বস্তুৰ ঘঁহনি খাইহে এৰিছে।— যেতিয়া জখলা ডালৰ হু‌ক্‌টো ইয়াত লগাবলৈ দলি মাৰি পঠিয়াই, তেতিয়া তাৰ হুক্‌ডাল ৰডৰ ওপৰত খুন্দা খাইছিল তাৰ পিচত তল ফালৰ পৰা টান মাৰোতে হুক্‌ডাল চুচৰি আহিছিল তাৰ ফলতেই ৰডালৰ ৰং এৰি গৈছে। তাৰ পাছত হুকডাল যেতিয়া মজিয়াৰ কাঠৰ তক্তাত লাগে আৰু তলৰ ফালৰ পৰা মানুহ উঠা হেঁচা খায় তেতিয়া হুকৰ জোঙা মুখ কাঠত লাগি গাঁত হৈ গৈছে। দেখিছে? গতিকে মোৰ অনুমানেই ঠিক।”

 “বৰুৱা!” কৃষ্ণকান্তই চিঞৰি উঠিল, “আপুনি এজন অদ্ভুত মানুহ!”

 “আপুনি মোক বৰ ওখ কৰি ভাবিছে।” বৰুৱাই কলে, “কাৰণ মই যিখিনি কথা কলোঁ তাক অলপ মনযোগ দিলে সকলোৱে কব