পৃষ্ঠা:Pratiphal.pdf/১৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
(১১)

চেয়াৰৰ পৰা জপিয়াই উঠিল। লগে লগে দুটা পিস্তলৰ যুগপৎ গৰ্জ্জন শুনা গ’ল আৰু বৰাৰ মৃত দেহ মাটিত বাগৰি পৰিল। বৰাই কি ক’ব খুজিছিল বা কৰিব খুজিছিল গম পোৱা নগল।

 জিতেনে বৰাৰ মাটিত পৰা দেহ লাৰি চাই খিৰিকিয়েদি ওলাই গ’ল।

 

২য় পৰিচ্ছেদ

 ডিটেক্‌টিভ হৰেন বৰুৱাৰ ঘৰ। বৰুৱা এতিয়াও সৰ্ব্বসাধাৰণৰ মাজত বিখ্যাত হৈ উঠা নাই। কিন্তু তেওঁৰ সূক্ষ্মদৃষ্টি, অসাধাৰণ বুদ্ধি, অদ্ভুত ক্ষিপ্ৰতা আৰু কৌশলৰ বাবে পুলিচ বিভাগত সু-পৰিচিত কেবাটাও অদ্ভুত চুৰিৰ মীমাংসা কৰিবলৈ পুলিচক সহায় কৰি বৰ্ত্তমানে পুলিচবিভাগৰ এজন আৱশ্যকীয় মানুহত পৰিণত হৈছে। তেওঁ এম, এ, পঢ়ি থাকোতেই অপৰাধ তত্ত্বত মন দিয়ে আৰু এম, এ পাচ কৰি উঠি জটিল ‘কেচ’ বিলাকত পুলিচক সহায় কৰাত লাগে। কিন্তু সেইবুলি তেওঁ টকা আৰ্জ্জিবলৈ এই কামত হাত দিয়া