পৃষ্ঠা:Pratiphal.pdf/৪৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
(৩৮)

যেনেকৈ মোৰ প্ৰতি বিশ্বাসঘাতকতা কৰিছিলা, সেই দৰে সুৰেন বৰাইও বিশ্বাস-ঘাতকতা কৰিছিল। আৰু সেই বাবেই আজি প্ৰায় ২৫/৩০ বছৰৰ মূৰত তাক তাৰ প্ৰতিফল দিছো। তুমিও মোৰ প্ৰতি বিশ্বাসঘাতকতা কৰিছিলা আৰু সুৰেন বৰাৰ দৰে তোমাক আজি তাৰ প্ৰতিফল দিম! বুজিছা? তোমাক ১৫ মিনিট সময় বাচি থাকিবলৈ দিলো। ..... সত্য চিঠিখন মেজৰ ওপৰত থৈ দিয়া।”

 সত্যই জিতেনৰ গুৰিত থিয় হৈ আছিল। এতিয়া জিতেনৰ কথা শুনি জেপৰ পৰা এখন চিঠি উলিয়াই মেজৰ ওপৰত থৈ দিলে।

 ‘৫ মিনিট সময় আছে।” জিতেনে ঘড়ীৰ ওপৰত চকু ফুৰাই কলে।

 মনীন্দ্ৰই ইমান সময়ে কোনোমতে থিয় দি আছিল; এইবাৰ বিছনাৰ ওপৰত বহি পৰিল। তেওঁৰ কঁপনি ইমান বেছি হৈছিল যে বিছনাখন পৰ্য্যন্ত কঁপি উঠিছিল।

 “এঃ,” জিতেনে বিৰক্তিৰ সুৰত কলে, “ভয়তে হাৰ্টফেল, কৰিব যেনহে পাওঁ। এতিয়া যে মৰিবলৈ