পৃষ্ঠা:Pratiphal.pdf/৩৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
(৩০)

 “সেই কাৰণেই মই তাৰ ওপৰত সন্দেহ কৰিছিলোঁ আৰু মোৰ এই সন্দেহেই হত্যাকাৰীক ধৰা পেলাই দিব।”

 “কেনেকৈ?” আজিতে আচৰিত হৈ সুধিলে।

 “জিতেন লহকৰে আজি তাৰ ২য় বিশ্বাসঘাতক বঙালীটোক প্ৰতিফল দিবলৈ যাব”

 “কেনেকৈ জানিলা?” অজিতে চকীৰ পৰা জপিয়াই উঠিল।

 “মই মানুহটোক অনুসৰণ কৰোঁ, বুজিছা, আৰু সি গৈ নদীৰ পাৰৰ ঘৰ এটাত সোমায়; তেতিয়া মইও চুপি চুপি গৈ সিহঁতৰ কথা-বাৰ্ত্তা শুনোঁ‌— তাৰ পৰাই সিহঁতে যে আজি আৰু এজনক হত্যা কৰিবলৈ যাব তাৰ গম পাওঁ। কিন্তু লহকৰক নিজ চকুৰে দেখা নাপালোঁ‌। অৱশ্যে আজি ৰাতি যেনে তেনে দেখা পাম।”

 “মানুহজন লহকৰৰ সহকাৰী?"

 “এৰা। আৰু সি মোৰ আগত কৈছে তাৰ নাম মহেন্দ্ৰ শইকীয়া বুলি; কিন্তু তাৰ আচল নাম সত্য। উপাধিটো অৱশ্যে নাজানোঁ‌।” বৰুৱাই ক’লে।