এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
(৭)
টকাৰেই ব্যৱসায়ত নামি দুয়ো বহু টকা উপাৰ্জ্জন কৰিছিলোঁ। কিন্তু ফিৰি আহিবৰ সময়ত লোভত পৰি ভাবিলা মোক হত্যা কৰি মোৰ সকলো টকা আত্মসাৎ কৰি অকলে সকলো ভোগ কৰিবা। অৱশ্যে তুমি ভোগ যথেষ্ট কৰিছা এই ২০-২৫ বছৰে। কিন্তু আজিৰ পৰা তোমাৰ ভোগৰ দিন উকলিল।”
বৰাই পুনৰায় কলে, “মই তোমাক এতিয়াই ৫০,০০০৲ টকাৰ চেক্ এখন লিখি দিওঁ। তুমি মোক ক্ষমা কৰা।”
বৰাই লৰালৰিকৈ ড্ৰয়াৰৰ পৰা চেক্ বহী উলিয়াই এখন চেক্ লিখি দিলে।
“তুমি বৰ দিগদাৰী কৰাহে”, মানুহজনে ভেকাহী মাৰি উঠিল। “তোমাৰ নিচিনা দহোটাক মই কিনি লব পাৰো, আৰু তুমি আহা মোক ৫০,০০০৲ টকাৰ লোভ দেখুৱাবলৈ?” এই বুলি চেক্ খন টুকুৰা-টুকুৰ কৰি ফালি পেলালে আৰু কলে, “এয়া তোমাৰ চেক্।”
ঘড়ীত টং টং কৰি ১২টা কোব পৰিল।
মানুহজনে কলে, “ইহ্ বাৰটা বাজিলেই।” তাৰ