পৃষ্ঠা:Pratiphal.pdf/৪০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
(৩৪)

 “প্ৰায় আধাঘণ্টামান হ’ল।” পুলিচ্ ইন্স্‌পেক্টৰ হেমন্ত দাসে উত্তৰ দিলে।

 “সিহঁত ওলাই গৈছে নেকি?” বৰুৱাই পুনৰ সুধিলে।

 “নাই যোৱা।”

 “বাৰু, বলক আমি সেই গছজোপাৰ আঁৰ লওঁ।” বৰুৱাই ক’লে

 তিনিও গছৰ আঁৰত থিয় হল আৰু জিতেন লহকৰহঁত ওলাই অহালৈ ৰখি থাকিল। তেতিয়া ঠিক বাৰটা বাজিছিল। প্ৰায় ১৫ মিনিট মান পিচত ঘৰটোৰ পৰা দুজন মানুহ ওলাই আহিল। মানুহ দুজনৰ এজন প্ৰায় ৬ফুট দীঘল আৰু আন জন সাধাৰণ হিচাবৰ ওখ। মানুহ দুজন ঘৰটোৰ পৰা ওলাই পছিম মুৱা হ’ল। লগে লগে বৰুৱাহঁত গছৰ আঁৰৰ পৰা ওলাই ৫০ গজ মান আতঁৰে আতঁৰে থাকি মানুহ দুজনক অনুসৰণ কৰিবলৈ ধৰিলে।

 এঘণ্টা মান পিচত মানুহ দুজন আহি এটা সৰু ৰাস্তাৰ কাষত থকা মজলীয়া ধৰণৰ ডাঙৰ টিঙৰ ঘৰৰ আগ পালেহি আৰু তাতে ৰ’ল।