পৃষ্ঠা:Pratiphal.pdf/৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

(২)

কেৰাণীৰ কাম কৰিছিল। পিতাকৰ তেৱেঁ‌ই একমাত্ৰ সন্তান আছিল। তেওঁ যেতিয়া ৬ বছৰৰ লৰা সেই সময়তে মাক ঢুকায়। পিতাকেই তেওঁক ডাঙৰ দীঘল কৰে। আত্মীয়-স্বজন বুলিবলৈ তেওঁলোকৰ কোনো নাছিল।

 ইয়াৰ পিচত প্ৰায় ১৮ বছৰ বয়সত তেওঁৰ পিতাকৰ মৃত্যু ঘটে। ফলত অনাথ অৱস্থাত তেওঁ পতিত হয়। পিতাকৰ কাষলতিৰ তলত ঘুৰি ফুৰা সুৰেন বৰাই কঠোৰ বাস্তৱৰ সমুখীন হব লগাত পৰে।

 ২ বছৰ টলৌ-টপৌ কৈ ঘূৰি ফুৰাৰ পিচত তেওঁ এদিন তেওঁৰ ধনী বন্ধু জিতেন লহকৰৰ লগত ব্ৰহ্মদেশলৈ যাত্ৰা কৰে।

 ৫ বছৰমান পিচত সেই ডাল-দৰিদ্ৰ সুৰেন বৰা পুনৰ নিজৰ দেশলৈ ঘূৰি আহে। তেতিয়া ডাল-দৰিদ্ৰ সুৰেন বৰা নহয়— লক্ষপতি সুৰেন্দ্ৰনাৰায়ণ বৰা। তেতিয়া কিন্তু জিতেন লহকৰ লগত নাছিল আৰু তেতিয়াৰ পৰাই জিতেন লহকৰৰ খবৰ বাতৰি কোনেও পোৱা নাই।