এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
(১০)
দিন লঘোনে কটাইছোঁ। কিন্তু সিমান খিনি কষ্ট তুমি এতিয়া নাপাবা। এক চেকেণ্ডতে তোমাৰ মৃত্যু ঘটিব। মই যি কষ্ট পাইছিলোঁ তাক তোমাক দিব পৰাহেতেঁন মোৰ উচিত প্ৰতিফল লোৱা হ’ল হেতেন।
“তোমাক মাৰি উঠি আৰু এজনক প্ৰতিফল দিব লাগিব। সিওঁ মোৰ লগত অলপ গণ্ডগোল লগাইছিল। কিন্তু তোমাৰ দৰে মূৰত টঙনাব নোৱাৰিলে। ...... ৫ মিনিট বাকী আছে। তুমি যদি মোৰ লগত বিশ্বাসঘাতকতা নকৰিলাহেতেন তেনেহলে আজি আমি দুয়ো লগলাগি জগতক দেখুৱাব পাৰিলোঁ হেতেন যে অসমীয়াইও ব্যৱসায় কৰিব জানে। কিন্তু সি নহল। তোমাৰ নিচিনা মানুহ অসমীয়াৰ মাজত আছে বাবেই অসমীয়াৰ কোনো ফালেই উন্নতি নাই। ... ৪৫ চেকেণ্ড বাকী আছে, বৰা। ..... তুমি বোধ হয় এতিয়া গম পাইছা যে বিশ্বাসঘাতকে তাৰ ফল লাভ কৰেই। ...... ৫ চেকেণ্ড ...”
“জিতেন...!” বৰাই শেহবাৰৰ বাবে চিঞৰি