পৃষ্ঠা:Pratiphal.pdf/২৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
(২০)

আছিল। পালেং খনৰ মূৰৰ ফালেদি ভিতৰৰ কোঠালীলৈ যোৱা দুৱাৰ।

 বৰুৱাই কোঠালীটোৰ ভিতৰ ঘূৰি-পকি চাই কৃষ্ণ কান্তক কলে, “ব’লক, বাহিৰলৈ যাওঁ।”

 অলপ পিচতেই তেওঁলোক বাগিচাৰ মাজে মাজে গৈ সুৰেন বৰাৰ কোঠালীৰ পালেঙৰ পিচৰ ফালৰ খিড়িকী খনৰ তল পালে গৈ।

 বৰুৱাই হঠাতে কৈ উঠিল, জিতেন লহকৰ এই ফালেৰেই আহিছিল। এইখন খিড়িকীদিয়েই ভিতৰ সোমাইছিল। খিড়িকীত তাতে আকৌ ৰড নাই।”

 “কেনেকৈ গম পালে?” অজিতে সুধিলে।

 “এয়া, খিড়িকীৰ তললৈ আহা।” বৰুৱাই কলে।

 অজিত আৰু কৃষ্ণকান্ত খিড়িকীৰ তল পালেহি। বৰুৱাই তেতিয়া তেওঁলোকক এডোখৰ মাটিত ঠাই দেখুৱালে। তেওঁলোকে দেখিলে মাটিৰ ওপৰত এপাত জোতাৰ চাব। তাৰ পিচত বৰুৱাই খিড়িকীৰ তলৰ ফালে কাঠচটাৰ ওপৰত ঠিক তেনেকুৱাই এপাত জোতাৰ মাটি লাগি থকা চাব দেখুৱালে। কালি বৰষুণ হোৱা নাই। তেনেহলে