পৃষ্ঠা:Pratiphal.pdf/২৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
(২১)

এনেকুৱা শিলা মাটিত জোতাৰ চাব পৰিল কেনেকৈ? বোধহয় বৰাই খিড়িকীৰে পানী পেলাইছিল।” বৰুৱাই নিজেই প্ৰশ্ন কৰি নিজেই উত্তৰ দিলে।

 কৃষ্ণকান্ত ওপৰতলাতহে থাকে, তাত ক্লোৰোফৰ্ম্ম কৰিলে কেনেকৈ?” অজিতে সুধিলে।

 “অ’ বলাচোন ওপৰলৈ যাওঁ। বৰুৱাই কলে।

 কৃষ্ণকান্তৰ শোৱা কোঠালী পশ্চিম ফালে ওপৰ তলাত। ওপৰ তলৰ বাৰাণ্ডাৰ পূবে শোৱা ৰুম। ওপৰ তললৈ যোৱা চিৰি চ’ৰাঘৰৰ পিচৰ কোঠালীত আছে আৰু সেই ফালেদিয়েই ওপৰ তলালৈ অহা যোৱা কৰিব লাগে।

 তিনিও শোৱা কোঠালী পালেগৈ।

 কোঠালীটোৰ এফালে এখন বিচনা; আনফালে এখন টেবুল আৰু এখন চকী। তাৰ বাহিৰে আন একো নাই। কোঠালীটোৰ দুৱাৰ দুখন, এখন ভিতৰৰ ফালে আৰু আনখন বাৰাণ্ডাৰ ফালে।

 “খিড়িকীত ৰড আছে। গতিকে ইয়াত দুৱাৰেদিয়ে ভিতৰ সোমাইছে।” বৰুৱাই কলে