পৃষ্ঠা:Pratiphal.pdf/৩৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
(৩১)

 “আজি ৰাতি সিহঁত যাব কলৈ?”

 “কব নোৱাৰোঁ। ঠাই ডোখৰৰ নাম কোৱা নুশুনিলোঁ‌। কিন্তু ঠিক ৰাতি ১২ টা বজাত যাব।”

 “তেনেহলে আমি পুলিচ ল’ব লাগিব নহয়।”

 “মই দাসক খবৰ দিছোঁ‌। তেওঁ আমাৰ কাৰণে তাতে অপেক্ষা কৰি থাকিব।” বৰুৱাই কলে, “জিতেন লহকৰে যদি বাহাদুৰী কৰি সত্যক এইবোৰ কথা কবলৈ আৰু আমাৰ খবৰ-বাতৰি নিবলৈ নপঠিয়ালে হেতেন তেনেহলে আমাৰ পক্ষে এই ঘটনাৰ মীমাংসা কৰা টান হ’লহেতেন।”

 

৫ম পৰিচ্ছেদ

 ৰাতি প্ৰায় ১১টা। ৰাস্তাঘাট নিজম। প্ৰায় সকলো মানুহেই টোপনিত। চাৰিওফালে গভীৰ নিস্তব্ধতা বিৰাজ কৰিছে। সেই নিস্তব্ধতাক মাজে মাজে দুটা এটা কুকুৰৰ মাতে চূৰ্ণ বিচূৰ্ণ কৰি পেলাইছিল।

 এনে সময়তে দুজন মানুহক বেগাবেগিকৈ নৈৰ পাৰৰ ৰাস্তাৰে যোৱা দেখা গ’ল। এই