অনুচ্চ আৰ্তি

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
[  ]

[  ]
 



অনুচ্চ আৰ্তি

 

কেশৱ বৰা

 

[  ]
 

ANUSSA AARTI

 A collection of poems
Composed by Keshab Borah and published by Nibharani Borah
 on behalf of Ira Publication.
 Price Rs.- 25/- (twenty five) only.

——————————————

প্ৰকাশিকাঃ নিভাৰাণী বৰা

 ইৰা প্ৰকাশন, গোঁসাইবৰি

 নগাঁও (অসম)


স্বত্বঃ প্ৰকাশিকা


প্ৰথম প্ৰকাশঃ ছেপ্টেম্বৰ, ২০০৩ চন


প্ৰচ্ছদ পৰিকল্পনাঃ নিজা


অৰিহণাঃ ২৫.০০ টকা


মুদ্ৰণঃ গিগাবাইট্‌চ প্ৰেছ এণ্ড পাব্লিকেশ্যন,

 মিলনপুৰ, নগাঁও (অসম)

[  ]




নঙলা মুখৰ একাষাৰ


মোৰ কবিতাৰ উৎস চৌপাশৰ ফুলাম মানুহবোৰ,
বিস্ময়কৰ প্ৰকৃতি, মোৰ দেশ, কাল আৰু পৃথিৱী।
অনুভৱ-অভিজ্ঞতা প্ৰকাশত কিঞ্চিতো যদি সফল
হৈছোঁ, সেই সফলতাৰ (?) গৰাকী
ওপৰত উল্লেখ কৰা উহবোৰ। যদিহে
বিফল হৈছোঁ, তাৰ বাবে দায়ী মই,
কেৱল মই। চেৰাশালিলৈ অহা-যোৱাৰ ভাৰ গাত
পাতি লোৱাৰ বাবে শ্ৰীমান প্ৰাঞ্জল মহন্তৰ শলাগ
ল’লোঁ। সকলো অনুভবীলৈ ‘অনুচ্চ আৰ্তি’
কৰপুতে আগবঢ়ালোঁ।

[  ]

সূচী

সেউজ সন্ধান (১৯৭৫)...   ০৭ জলকুঁৱৰী (১৯৯৮)...   ৩২
প্ৰাত্যহিক (১৯৮০)...   ০৮ অনন্যা (১৯৯৮)...  ৩৩
পূৰ্নজন্ম (১৯৮৭)...  ০৯ কোট (১৯৯৮)...   ৩৪
অৰণ্যত এখন্তেক (১৯৯০)... ১০ ৰাগ-বিহ্বলা (১৯৯৯)...  ৩৬
চৰাইদলনি (১৯৯১)...   ১১ এটা প্ৰেমৰ কবিতা (১৯৯৯)...  ৩৭
অঙ্কুৰিত সময় (১৯৯৩)...  ১২ মৃত্যু (১৯৯৯)...  ৩৯
নৈৰ সৈতে এখন্তেক (১৯৯৪)...  ১৩ প্ৰয়াণ (১৯৯৯)...   ৪০
প্ৰত্নতত্ব (১৯৯৫)...  ১৪ প্ৰেমৰ স্তৱক (১৯৯৯)...   ৪২
সাম্প্ৰতিক (১৯৯৫)...  ১৫ সোঁৱৰণ (১৯৯৯)...   ৪৩
অনুভৱৰ স্তৱক (১৯৯৫)...  ১৬ কলম (২০০০)...   ৪৫
কথকতা (১৯৯৬)...  ১৭ মেঘ (২০০১)...   ৪৬
আত্মকথা (১৯৯৬)...  ১৯ আড্ডাত (২০০১)...  ৪৭
সুহৃদ (১৯৯৬)...  ২১ শিৰোনামাহীন (২০০২)...   ৪৮
সঁচ (১৯৯৭)...  ২২ আখৰাৰ অন্তত (২০০২)...   ৫০
কবিতা (১৯৯৭)...  ২৪ অনুভৱৰ স্তৱক (২০০৩)...   ৫১
বুৰঞ্জীপাঠ (১৯৯৭)...  ২৬ শস্যভূমি (২০০৩)...  ৫২
মৰ্মান্তিক (১৯৯৮)...  ২৭ যাত্ৰা (২০০৩)...   ৫৪
কোকৰাঝাৰ (১৯৯৮)...  ২৮ দামোদৰ (২০০৩)...  ৫৬
ৰাতিপুৱাৰ এ'লিজি (১৯৯৮)...  ৩০ হৰণ (২০০৩)...  ৫৮
  নিষিদ্ধ জোনাক (২০০৩)...  ৬০

[  ]

সেউজ সন্ধান

সীমাৰ সিপাৰে
সোণালী শস্যভূমিত
গৰখীয়া ল'ৰাৰ
বাঁহীৰ সুহুৰি শুনিলোঁ
কলিজাত এডাল
সোণালী কাঁড়
অনুপম বেদনাত
আকণ্ঠ আহত
আকাঙ্‌ক্ষিত দুখৰ দুলৰি।
তুমিতো নোৱাৰা যাব
সুৰভি সামৰি লৈ
সেউজী শস্যেৰে
আবৰা মোৰ মন৷

[  ]
 

প্ৰাত্যহিক


নীলা আকাশ চোৱাৰ আহৰি
বহুদিন পোৱা নাই
থিয়দঙা দিওঁতেই দেখোঁ
বেলি লহিয়াই
দুখৰ শিলত মুখ থেকেচা খাই
সপোন গুৰি হয়—
সেউজীয়া পথাৰ
নীলিম আকাশ
চৰাইৰ চিকুণ মাত
কোনে কাঢ়ি লৈ যায়!
মাথোঁ
বুকুৰ উপত্যকাত
ৰিণি ৰিণি বাজি থাকে
চিফুং বাঁহীৰ সুৰ!
চিফুং বাঁহীৰ সুৰ!!

[  ]

পুনৰ্জন্ম


খিৰিক্‌ কৰিলেই
সাৰ পাওঁ মই
লঘোণীয়া দেহা সেকি লওঁ
তেজাল চকুৰ জুইত
নিহত নিশাৰ ফেহুঁজালি যেন
গৰ্ভৱতী নাৰীৰ
তিৰ্‌‌বিৰ্ চকুৰ মাণিক।

সোণৰ সোলেং বুকুৰ বৰঘৰ
খহি পৰে জৰ্‌‌জৰ্‌‌
সাৰে থাকে মাথোঁ
তোমাৰ সাহ
শিলালিপি অজৰ-অমৰ৷

[ ১০ ]


অৰণ্যত এখন্তেক


গহন বনত মই মোৰ পৰা বিচ্ছিন্ন হ'লো
আদিম চাৱনিৰে চেকি চালোঁ
প্ৰাচীন পৃথিৱীৰ যুৱতী অঙ্গ
খুলি থৈ মোৰ মুখা
উলঙ্গ শৰীৰৰ জোনাকত পখালিলোঁ
অৰণ্যৰ ভাষা অনুবাদ কৰি
নিজেই নিজৰ দোভাষী হ’লো।


ঘণ্টা পৰিল!
কিনি লোৱা সময়ৰ শেষ হ’ল ম্যাদ
মুখা আৰু অবল্কল বসন পিন্ধি
অবলা অৰণ্যৰ পৰা
বিদায় ল'লোঁ।

[ ১১ ]

চৰাইদলনি

পুৱাৰ আজান দিয়া পক্ষী
শুই আছা কপালত ৰঙা তিলক পিন্ধি
শিতানত তেজৰ ফুলাম গাৰু
ওপৰত এআকাশ চন্দ্ৰতাপ।

কোনেও আমনি নকৰিবা
গৰ্ভিণী কাতিৰ পথাৰক
উচুপিব দিয়া
শোকত অবনত নৈক
গাব দিয়া বিষাদ সঙ্গীত
অপহৃত ওঁঠত ফুটিব দিয়া
ক্ৰুদ্ধ নিনাদ৷

পূবৰ ৰঙা মেঘ!
চামৰ বৰেপীৰাত তেজেৰে ধোৱালে গা
চকুলোৰে চেলেং গাতে পিন্ধি ল’লা
লাই হালে-জালে বা।
এদিন
ময়ো দুৰন্ত মেঘ হ’ব খুজিছিলোঁ
শুকান বুকুৰ বেদীত
জ্বলি আছে এতিয়াও
অনিৰ্বাণ শিখা।
শীৰ্ণ দুহাত আকাশলৈ দাঙি
আকৌ এবাৰ চিঞৰি উঠিলোঁ আজি
তোক বৰ ভালপাওঁ
বৰ ভালপাওঁ আই।

[ ১২ ]

অঙ্কুৰিত সময়


সোণালী ত্ৰিভুজেদি সূৰ্য উঠে
প্ৰতিদিনে।
পকা সুমথিৰা যেন ভাৰবিনম্ৰ
বৰ্ণময় ডাউকী সময়।
তথাপিতো।
কুমাৰী জড়ায়ু বন্ধ্যা
মাথোঁ জৰাসন্ধ।
আমাৰ যৌৱনৰ বেগৱতী নৈত
বিহ মেটেকাৰ ফুল।

বন্ধু,
আলি কেঁকুৰিত আমাৰ
আকৌ কেতিয়াবা দেখা হলে
নেখেলো আৰু শব্দভেদী খেল
দুয়ো হালবাই
এটি বীজ সিঁচি দিম
বুকু থকা ৰসাল মাটিত
আৰু কাণপাতি শুনিম
জীৱনৰ স্পন্দিত গোপন গুঞ্জন।

[ ১৩ ]

নৈৰ সৈতে এখন্তেক


ভনীজনীৰ অসুখৰ খবৰ লবলৈ যাওঁতে
মুখামুখী হ’লো তোমাৰ সৈতে
বুকুৰ জলঙাৰে জুমি চাই দেখিলোঁ
এজাক চেলেকণা মাছ
উজাৰ খাই আঁতৰি গ'ল
কাৰোবাৰ পদধ্বনি শুনি
কঁপা কঁপা বৃত্তৰ পৰিধি আঁকি।

তোমাৰ কজলা বুকুৰ নিথৰ পানীত
আচাৰ খাই পৰিলহি সিপাৰৰ
এটি আৰ্ত চিৎকাৰ
পুতুল সাৰে আছনে
আ-ছনে সা-ৰে-?

তুমি মোৰ অসুখীয়া ভনীনে আই
বনঘোষা এফাকিওচোন গুণগুণোৱা নাই।
নে তোমাৰ বুকুত
ঘৰ ভঙা মানুহৰ হাহাকাৰ তপত নিশাহ?

আমাৰ বুকুৱেদি পাৰ হৈ গল
বহু পাৰ ভঙা, গড়া খহনীয়া
আৰু
ছালে পানীকটা নিৰ্মম বাৰিষাৰ ঢল
তথাপিত
জীৱনৰ বেলাভূমি কৰিছোঁ নিৰ্মাণ
তোমাৰ পলসৰ গেৰুৱা বোকৰে।

[ ১৪ ]

প্ৰত্নতত্ব


বুকুৰ খোৰঙৰ পৰা
ভুৰুঙকৈ উৰি গ'ল
সখিয়তী কলিজা
এলাই-এথানি কৰি ভাত কাপোৰীয়া
থৰক বৰক দেহা।

ফুলঁতী মাহীৰ চিলামাকোত
নাচি উঠে বালিমাহীৰ
চঞ্চল ফিচা
লাঞ্ছিতা ‘সুবালা’ৰ সাধু শুনি
উকা কাপোৰত আঁকি যায়
অবিৰাম
বৃন্দাবনী ম’ৰা আৰু
লাৰুৱা গোপাল।

আঃ কাল।
আকাল!
কাঢ়ি নিলি নিমজ দেহাৰ পৰা
সকলো সুষমা
সময়ে থলেহি পুতি পেলব পলসেৰে
দেহাৰ জুমুঠি।
হয়তোবা কেতিয়াবা
কোনো প্ৰাচীন স্মৃতি খননকাৰীৰ
চাবলত আহিব উঠি
প্ৰস্তৰীভূত প্ৰেমৰ প্ৰতিমা।

[ ১৫ ]

সাম্প্ৰতিক


ইয়াতে থকাৰ কথা আছিল
কামচৰাইৰ পাখিৰ দৰে চিকমিকাই থকা
এখন সেউজীয়া পথাৰ
এই ফালেদি বৈ যোৱাৰ কথা আছিল
গুণগুণাই গীত গোৱা
ফটিক ধাৰাৰ এখন নৈ
ইয়াতে প্ৰতিষ্ঠা কৰাৰ কথা আছিল
অনুচ্চাৰিত সকলো প্ৰাৰ্থনা গাবলৈ
এটা ভালপোৱাৰ মন্দিৰ।

কোন বণিকৰ যাদুকৰী পেৰাত সোমাল
গৰ্ভিণী পথাৰৰ ফুলকলি হাঁহি
চোতালত ক’লা বৰষুণ
পাৰঘাটত বন্দী আশাৰ অচিন বেহা।
দৈৱকী পৃথিৱী,
ময়ো তোমাৰ দৰে বন্দী আজি
মানুহক ভালপোৱাৰ অপৰাধত।

এইবাৰ তাঁতখন বাতি কৰাছোন
সোণতৰা
সপোনটো বচা
আমাৰ সপোনটো
মোৰ ধপ্ধপাই থকা কলিজাটো
দিবলৈ নাপাহৰিবা তাত
লাগিলে লাগক কেঁচা তেজৰ চেকা।

[ ১৬ ]

অনুভৱৰ স্তৱক

 (১)
সব্যসাচী তীৰন্দাজ
কিযে তোৰ আন্দাজ
একেপাত শৰে শালিলি
সাতডাল শালৰ শাহ।

 (২)
 মোৰ দধীচি হাড়
 তোমাক কৰিলোঁ দান,
 তেজমুই ধৰে যদি কেতিয়াবা
 বাঁহী সাজি গাই চাবা গান।

 (৩)
আকাশৰ কেন্‌ভাচত
এখুদ হিয়াৰ ৰং
অ’ মোৰ ৰান্ধনি বেলি
কিয় কৰি খং
মেলিলা সোণালী চুলি

 (৪)
 ৰবাব টেঙাৰ ফুলৰ গোন্ধসনা
 এটি পখিলাই
 ধূসৰ চকুত মোৰ ঢালি দিলে
 এবাটি সোণৰ সোলেং ৰং
 নিমিষতে খুলি গ’ল
 বন্ধ দুৱাৰৰ অৰ্গল
 বতাহে আনিলে বৈ
 মধুৰ কোলাহল।

 (৫)
হৃদয়,
মেলিদে তোৰ
দুখৰ দুখন হাত
আঁকোৱালি ল সময়ৰ
গৰীয়সী গা।

[ ১৭ ]

কথকতা


কথা ক কথকী
নিমাতে নেথাক
হ কথাকলি
খুলি দে তোৰ
জলতৰঙ্গৰ মধুৰ থুনুপাক
আকৌ উভতি গৈ
আঁজলি পাতি ধৰোঁ
একুৰি এঅঁৰা খিল্খি‌ল্ হাঁহি।

ৰম্যবনত মৃগয়া
নিঠুৰ মৃগয়া
সোণ-খটোৱা ৰূপ-খটোৱা চিকাৰী দাঁত।
বাসুকীৰ কামজ পেষণত
বসুমতী ফাটি চৌচিৰ
লেৰেলা স্তনত গাখীৰ শুকাল
গাখীৰত বুকুৰ আকাল
উদ্ফা‌ই বেমাৰীৰ ব্যাকুল নিশাহত
কঁপি উঠে সুঘ্ৰাণ বতাহ
ভেটি উছন হোৱা
বৰ ভাৱৰীয়াৰ কৰুণ বিলাপে
শিলকপৌ বিচাৰি পিট্পি‌টাই ফুৰে
নিমাওমাও ভৰদুপৰীয়া ৰাতি।

[ ১৮ ]

কামছাঁয়াত নাথাকিব কাচনমতী কথকী
উজ্জ্বল পোহৰত কথা ক
এযোৰ হাইঠাই বুকুফালি আত্মহত্যা কৰা
কেঁচা তেজেৰে ভিজা মাটিত
লহ্প‌হকৈ উঠক গজি
হাৰাকিৰি কলিজাৰ এক দুৰন্ত সপোন।

কথা ক কথকী
নিমাতে নেথাক
আকৌ হ কথাকলি।

[ ১৯ ]

আত্মকথা


বহুদিন তোমাক মই লগ পোৱা নাই
বতাহক সুধোঁ
নৈক সুধোঁ
পথাৰক সুধোঁ
সিহঁতেই কয় তোমাৰ কুশল বাৰ্তা :
মোৰহে নিজাকৈ একো খবৰ নাই
থিয়ডঙা দিওঁতেই দেখো বেলি লহিয়াই।

তুমি আহিবা বুলি
ৰাতিৰ নৈত গা ধুই
আকাশৰ নঙলা মুখত ৰৈ থাকে বিধবা জোন
তুমি আহিবা বুলি
জ্বলি যোৱা আশাৰ চিতাভস্মত হাত সেকি
সময়ে মেলি দিয়ে আলফুল অমল দুহাত।

ইয়াত অসুখৰ বৰ সুখ
আন্ধাৰে পোতে সহোদৰ মুখ
ভাতৰ আকাল মাতৰ আকাল
ভূগোলৰ দেশ বৰ পোতাশাল
জীৰ্ণ পাটিত পৰি থাকে কঙাল ভোগালী
এদোন ধানেৰে কিনে
তেজ, মঙহ আৰু জপাৰ যৌৱন।

[ ২০ ]

তাহানিতে তুমি দিয়া শব্দৰ কঠীয়াখিনি
টোম সাজি সযতনে আজিও ৰাখিছোঁ সাঁচি
মাজে মাজে সিহঁতৰ সৈতে কৰো অন্তৰঙ্গ আলাপ
জুখি চাওঁ সিহঁতৰ ওজন আৰু উত্তাপ
শুঙি চাওঁ শৰীৰৰ কণকচম্পা গোন্ধ।

জানো মই, মইতো নহয় ‘ময়’
কাৰেং সাজিবলে’ কাৰিকৰ মায়াময়
তথাপিতো বাৰে বাৰে উভতি যাওঁ
সপোনৰ ৰুৱা কামী লৈ
পণবন্দী প্ৰাচীন সেই প্ৰসূতিগৃহলৈ।

[ ২১ ]

সুহৃদ

কচাইখানাৰ হাকোটাত ওলমি থাকে
সময়ৰ অতনু শৰীৰ
কাষত তীক্ষ্ণধাৰ তেজে তুমৰলী ঘাটক-দা
টোকোনা চক্ৰ তাৰ নিৰ্ণিমেষ লঘোণীয়া চকুত
ফুলি থাকে তেজৰ চিটিকণি লগা
একোপাহ দুখৰ দোৰোণ ফুল।

এনেদৰেই পাৰ হয় দিন আৰু ৰাতি
চিনাকি আকাশ থমথম
বতৰ নিবাত নিথৰ
সিজুৱনীত পথাৰে বিচাৰি ফুৰে হেৰুৱা আত্মা
ছাইৰঙী পৃথিৱীত অগা-ডেৱা আমাৰ আশাৰ
কীটাণুৱে কুটি খায়
নিৰ্মীয়মাণ সপোনৰ মজ্জা আৰু শাহ।

যোৱা নিশা পদূলিৰ বকুলজোপাত কোনোবাই
গোপনে আৰি থৈ গ'ল এখন ইস্তাহাৰ
তাৰ কোমল কুঁহিপাত ওঁঠে স্পন্দিত কৰিলে মোৰ
কুণ্ঠিত তেজ, ঘাম আৰু হাড়ৰ দেহ-দেউল
শিথিল শিৰাৰে বৈ গ’ল
শিশুৰ স্পৰ্শৰ লৱণু প্ৰবাহ।
আৰু হিৰন্ময় উষাই এডাল এডালকৈ খুলি দিলে
দুৱাৰৰ সকলো অৰ্গল
বন্ধ সজাৰ চৰাইবোৰ উৰি গৈ
গান গালে অনৰ্গল
শেলে শালি থোৱা ক’লা কলিজাই
সখিয়তী সাজ পিন্ধি
দীঘলকৈ উশাহ লৈ
কান্ধত থলেহি কোমল সুহৃদ হাত।

[ ২২ ]

সঁচ

চকামকা পোহৰত খুপি খুপি খোজকাঢ়ে
পয়ালগা ল'ৰাৰজা
নাগপাশে বন্ধা হাত-পাৱ
সকলোতে শতৰু দেখে
কাৰো সঞ্জাত নাই
চৌদিশে পিয়াপি দিয়ে
সেয়ে শেন চকুৱা ৰিপুৱাই
পথাৰতো গজিব পাৰে নিখুঁত কোঁৱৰ
বতাহেও বব পাৰে খাট কঁপা ভীষণ চিঞৰ।

বৰৰজা বহি আছে ছোঁঘৰৰ আন্ধাৰত
চৌদিশে চঞ্চল চন্তৰী
ভাগখোৱা মেধাৱী প্ৰহৰী
হাতে হাতে বহুজাতিক বিচিত্ৰ মৰণবাণ
এনেহেন লাগে যেন কাৰো নাই পৰিত্ৰাণ।

জানো
হেৰা
প্ৰিয়া জয়মতী
জেৰেঙাত ভোগিছা জীয়াতু অতি
শিলেৰে বান্ধিছা কুমলীয়া হিয়া
আমঠু পৰিলেও ক’লা
নিদিয়া সংবাদ তুমি
সেউজীয়া জোলোঙা সযতনে বুকুত বান্ধি
নগা পৰ্বতত গোপনে ভ্ৰমি ফুৰা
পদাতিক খনিকৰ লাঙি গদাপাণিৰ।

[ ২৩ ]

প্ৰতিজন প্ৰেমিকে বুকুত কঢ়িয়াই লৈ ফুৰে
একোখন পলসুৱা পথাৰ
আৰু ভাগৰ লাগিলে নিজানত
গৰ্ভৱতী প্ৰেমিকাৰ নাভিত মূৰ থৈ
কাণ উনাই দুৰুহ চেষ্টা কৰে খবৰ শুনাৰঃ
কুশলে আছেনে সাচতীয়া সপোনৰ
সাৰ-পানীৰে জীপ দিয়া মানুহৰ সঁচ
অঙ্কুৰিত লাই আৰু লেচাই।

[ ২৪ ]

কবিতা


অ' জিকাফুলী
পথাৰত উজলি
কিনো দাই আছিলি ধান.......

কোনখন সাঁকোৰে পাৰ হ'লে পায়
ভৰুণ গাভৰু আঘোণৰ
ৰাগি লগা হাঁহি
কোনখন কাঁইটীয়া জাৰণিৰ সিপাৰে থাকে
সোণবৰণীয়া সুগন্ধি
শইচৰ ঢৌখেলা শীতল পাটি
স্মৃতিৰ নদীৰে উজাই গলে
পায় নেকি
কালৰ জখলাৰে নামি গ’লে
পায় নেকি
সোণৰ খনি
ৰূপৰ খনি
দোঁ খোৱা লাহৰী সুৱাগমণি?

অ’ মনেতৰা
অথনিৰে পৰা
আঁচুসূতা বাচি
ৰচিছ কোন সৰগৰ তৰা...

[ ২৫ ]

কেইখন কুঁৱলীৰ বৰ কাপােৰ
পাৰ হ’লে পায়
ফুলি থকা মানুহৰ
বিনীত বৃন্দাবন
কেইখন তেজলগা দখনাৰ সিপাৰে আছে
দেওহাঁহে ডেওদিয়া
নির্ভয় বগীবিল।

মাছৰ চকুত চকু থাপি চালে
দেখে নেকি
শব্দভেদীৰ আখৰাত
শুনে নেকি
সপােনৰ পট
ভৰিৰ খােজ
ঘামেৰে ভিজা প্ৰেমৰ মুকুতামণি?

[ ২৬ ]

বুৰঞ্জীপাঠ

হিৰোশ্বিমাৰ আকাশত যেতিয়া বগা ঈগলটোৱে
তাৰ কুৎসিৎ বিশাল পাখি মেলি আকাশ ছানি ধৰিছিল
কেচুৱাবোৰে তেজবমি কৰিছিল
শ্বাসৰুদ্ধ মানুহবোৰৰ চকু বিস্ফোৰিত হৈছিল
তেতিয়া পাৰত কাপোৰ খুলি থৈ মোৰ আয়ে
সখীহঁতৰ সৈতে কলঙৰ ফটিক পানীত সাঁতুৰি আছিল।

জালিৱানৱালা বাগিছাত যেতিয়া লোৰ চুঙাৰে জুই ওলাই
ভমককৈ ফুলি উঠা ৰঙা গোলাপক নিমিষতে ক’লা কৰিছিল
মেলা চাবলৈ অহা কণমানি ল'ৰাটো হেৰাই গৈছিল
মোৰ ককাদেউতাই তেতিয়া মৃত সন্তানটো পুতি থৈ আহি
কোৰৰ নাল সলায় জুপুকামাৰি বহি আছিল
তেতিয়া আইতাৰ দুচকুৰে আহিছিল বৈ দুখৰ দুখন নৈ।

ফুলগুৰিত যেতিয়া ক’লা ধুতুৰাৰ ফুল ফুলিছিল
ধেৱাৰ ধোঁৱাই কুণ্ডলী পকাই আকাশ আলিঙ্গন কৰিছিল
ৰ’দেপোৰা মানুহবোৰ অঙঠাৰ দৰে জ্বলিছিল
শিলবোৰে খঙত কঁপি কঁপি মেল পাতিছিল
তেতিয়া কমাৰশালত মোৰ ককাৰ ককাকে লোহা খুন্দি
তীখাৰ তৰোৱাল, কাঁড় আৰু বৰ্শাৰ পাগ চাকিছিল।

মই যেতিয়া পাঠশালাৰ ছাত্ৰহৈ আছিলো
আট্‌লান্টিকৰ বুকুত তেতিয়া নিৰ্মিত হৈছিল এক সোণালী সৌধ্‌
কুঁহিয়াৰ আৰু ধপাতৰ পথাৰবোৰ উজলি উঠিছিল তাত।

হোৱাংহোৰ হালধীয়া কিম্বা নীল নৈৰ নীলা
কিম্বা মিচিচিপিৰ কপহুৱা দুখৰ সুঁতি এটি
এতিয়াও আছে বৈ খলকনি তুলি মোৰ
বুকুৰ কোঠাই কোঠাই লুইতৰ পানী হৈ।

[ ২৭ ]

মৰ্মান্তিক
(সকলো খেতিয়ক পিতৃৰ স্মৃতিত উৎসৰ্গীত)

হেলচৰ হেঙুলীয়া গুটি একোটা
ঠোঁটত গুজি লৈ হাইঠাজাক গুচি গ'ল
কোমল উমসনা পাখিৰ শব্দৰ লহৰত
বতাহৰ বুকু ফালি চিৰচিৰ হ’ল
জৰ্‌জৰ্‌কৈ সৰি পৰিল নিয়ৰৰ বৰষুণ এজাক।

সৰিয়হফুলীয়া সুৰৰ আঘাতত
শিলৰ বেৰখন ফালি ফাহ ফাহ হ’ল
শেঁতা জোনাকত চৌদিশে চিটিকি পৰিল
লেচাৰি, দুলড়ী আৰু ছবিৰ বিহ্বল সুবাস।

ধানৰ ডাঙৰিৰ নৃত্যৰতা ছেঁইবোৰে জুনজুনাই
বেথাভৰা পয়াৰ এফাকিৰে উকিয়াই ক’লে
সাৰ পালিনে মোৰ বোপাই
ফেঁহুজালি দিবৰে হ’ল এথোন
অতপৰে মাতি আছো কিয় উঠা নাই।

তোমাক বিচাৰি গ'লে চন পৰা পথাৰখনে
কাণে কাণে কয়
মোৱা আলুৰ ঢিপতে কলিজাটো পুতি থৈছোঁ
বুকুখন দকৈ খান্দি চালে তাতে পাবি মোক
সৰুতে সাজি দিয়া ধানৰ নৰাৰ পেঁপাটো
বজাই চা ⸺ তাতে সোমাই আছো মই।

হেলচৰ হেঙুলীয়া গুটি একোটা
ঠোঁটত গোঁজিলৈ হাইঠাজাক গুচি গ’ল
সিহঁত আৰু কেতিয়াও উভতি নাহে
কল্‌কলাই মোৰ টোপনি ভাগিবলৈ।

[ ২৮ ]

কোক্‌ৰাঝাৰ
(চিত্ৰশিল্পী মনেশ্বৰ ব্ৰহ্মলৈ উৎসৰ্গীত)

শইচৰ মেট্ম‌ৰা সপোন বৈ
সঁজাল ধৰা ধাননিৰে
খেতিয়কৰ লৰাটো গৈ আছিল
কাম চৰাই এজনীয়ে মেলি দিছিল
তাইৰ কোমল উমাল পাখি।

কপালত কোনে দিলে
কামসেন্দূৰৰ দেওধনী ফোঁট
আগে-পাছে অপসৃয়মাণ
এদল অস্ত্ৰধাৰী ভগ্নদূত।

বতাহৰ সুগন্ধি সঁফুৰাৰ সাফৰ
বন্ধ হ’ল উপকণ্ঠত
শস্যৱতী পথাৰে অৱনত হৈ ক’লে
ৰঙৰ খনিকৰ
মনৰ খনিকৰ
বিদায়।
ফুলৰ চোলা চিৰাচিৰ কৰি
ক’লা কেটেলাই ডেও দি সিঁচি যায়
আৰ্তনাদৰ জোঙাল কাঁইট
ঝন্‌ঝনাই বাজি উঠে
ধাতৱ অভিনন্দনৰ বেসুৰা সুৰ
হেই, কি খবৰ?

[ ২৯ ]

গোটেই গাতে ৰঙা জবা বাচি
আন্ধাৰৰ চিতা বাঘ
গুচি যায় জঁপিয়াই
মাটি খামুচি পৰি ৰ’ল মনাই খনিকৰ
উচুপি উঠিল চিফুঙৰ বিহ্বল সুৰ
শান্তি নিকেতন বহুদূৰ!

আহিনৰ অসহায় কুঁৱলীয়ে আৱৰি ধৰিলে
চম্পাৱতীৰ চকুলোৰ দুয়োপাৰ
হঠাৎ
জল্‌মলাই উজলি উঠিল নিঃশব্দে শুই থকা
মানুহৰ চহৰ কুমাৰী কোক্‌ৰাঝাৰ!

[ ৩০ ]

ৰাতিপুৱাৰ এ’লিজি


পুৱা বাতৰি কাকতৰ পৃষ্ঠাত বিচাৰি ফুৰোঁ মই
পথাৰৰ মাজত নহ'লেবা নৈৰ দাঁতিত অথবা
জাহুকানিৰ মাজত কিম্বা জলাহৰ কাষত
উদ্ধাৰ হোৱা মৃতদেহৰ খবৰ।

সতেজ অথবা উৱলি যোৱা মৃতদেহ
মুণ্ডহীন মৃতদেহ
গুলিবিদ্ধ মৃতদেহ
হাতদুখন পিছলৈ বান্ধিথোৱা
আঁঠুৰ ঘিলা কঢ়া
চকুৰ মাণিক ঘুকটি উলিওৱা
যৌনাঙ্গ খণ্ডিত কৰা মৃতদেহ।

ৰুৰুৱাই জ্বলি থকা নেদেখা জুয়ে
ছাৰখাৰ কৰে বুকুৰ পথাৰ
দিনৰ ৰ'দ শুহি খাই তেজপিয়াই
ভৰ দুপৰীয়া বিশাল ডেউকা মেলি
ছোঁ মাৰি নামি আহে আন্ধাৰৰ
কালপক্ষী।

মোৰ ভাইটোক কিছুদিনৰ আগতে
মাজনিশা
শোৱাপাটিৰ পৰাই পঘাৰে বান্ধি
চোঁচৰাই লৈ গ'ল কোনোবাই
সি আজিও উভতি অহা নাই।

[ ৩১ ]

তাক বাৰু কোনোবাই পাইছিলনে কি লগ?
ব্যস্ত মহানগৰ বা গভীৰ অৰণ্যত
চেৰাশালি বা মৰিশালিৰ ওচৰত?
বেছ ওখকৈ তাৰ অবয়ব
ৰংটো বগা
কলাফুল আৰু বাহুত আছে প্ৰচণ্ড জোৰ।

আপোনালোকৰো
কাৰোবাক তেনেদৰে নিছেনে কি
মাজনিশা উঠাই
কাৰোবাৰ মৰমৰ ভাই
বা একমাত্ৰ বুকুৰ সোণাই
নহ'লেবা নিচেই আপোনজনক
দেশৰ কোনো তেজাল যুৱকক?

মোৰ দৰে আপোনালোকেও ৰাতিপুৱা
বাতৰি কাকতৰ পাতত বিচাৰি ফুৰেনে কি
উদ্ধাৰ হোৱা কোনো মৃতদেহৰ
বিগলিত খবৰ
চকুলোৰ জুয়ে পুৰি নিয়েনে কি
কাকতৰ নিৰ্মম আখৰ?

[ ৩২ ]

জলকুঁৱৰী


জোনাকী জুত ওঁঠ জুবুৰিয়াই
মাতাল মাছবোৰে যহাই
ৰূপোৱালী শীতল জুইৰ চিটিকণিত
জিলিকি উঠে তোৰ আকুল ৰংদৈ কূল
বুকুৱে বুকুৱে বাজি উঠে
লাউটোকাৰীৰ কদমী গুণ গুণ।

অ’ মোৰ সুৱাগী পাটমুগী
ডিঙিত পিন্ধিলি বাখৰুৱা দুগ্দু‌গী
কেন্দুৰ কাজল চকুত সানি
তই কোন অপেছৰী সৰগ
গৰকিলি মোৰ থোৰ মেলা
আলফুল আমঠু

কলপতীয়া নগ্ন দেহাত তোৰ
জাকি মাৰি উঠে জাক জাক
জীয়ন দি থোৱা খিল্খি‌ল্ জোনাক
শৈশৱ মোৰ বিস্ময়ত হতবাক!
বাৰে বাৰে খহি পৰে বুকুত সাবটি থকা
কেঁচ দিয়া কেচঁপতীয়া কাপোৰ সাজ।

ভাগৰুৱা দেহাত মোৰ
আহিছো সানি
ফুটুকী পখিলাৰ হাইতাল বোল
দুগালত বালিচন্দা
কপালত পলসৰ ৰেঘা
খন্তেক শোওঁ নে বুকুত তোৰ
অ’ কলাপী কলং
মোক জলকুঁৱৰী কৰ
জলকুঁৱৰী।

[ ৩৩ ]

অনন্যা


আমি সলনা-সলনি কৰোঁ আহা
ইজনে সিজনক
নাৰীয়ে পুৰুষক
পলসে পথাৰক

তুমি দিয়া মোক
বক্ষৰ পৰা শ্ৰোণীলৈকে
বাহিৰে-ভিতৰে সকলো
পাখি সজাঁলাৰ পৰা
উৰ্বৰতাৰ সীমালৈকে সকলো উজাৰি
সোণোৱালী সাপ
আৰু
সেউজীয়া বেলপাতে একেলগে
পিন্ধক সেন্দূৰৰ বোল।

আঃ!
কিযে আনন্দময় যন্ত্ৰণা তোমাৰ!
আঘোণৰ জোনাক ৰাতি জৰায়ুত ফুলে
সোণবৰণীয়া সৰিয়হ ফুল।

মইনো দিম কি তোমাক
এটি ফিৰিঙতি মাথোঁ
ধিকি ধিকি তাৰো প্ৰাণ
আধৰুৱা মোৰ গান
নিপিন্ধালৈকে তোমাৰ স্বৰলিপিৰ অহঙ্কাৰ।

তোমাৰ হিৰন্ময় কুম্ভৰ
অপাৰ কুম্ভকেৰে নোওঁৱা মোক
অন্ত হওক প্ৰতীক্ষাৰ অধিবাস
মলঙা সময়ে নখৰ পৰা চুলিলৈকে সানক
গুটিমালিৰ মলমলীয়া
সুবাস।

[ ৩৪ ]

কোট

কোঠাৰ একাষে বেৰৰ দাঁতিত
দৰক লাগি ৰৈ আছে আলনাডাল
বহু পুৰণি
দুপৰৰ নিৰুদ্বেগ ঘৰৰ ছালত বহি থকা
কপৌ এজনীৰ দৰে যেনিতেনি বহি আছে
চোলা, পেন্ট আদি পৰিধেয় পোচাকবোৰ
সিহঁতৰ দুচকুত মদৰুৱা সপোনৰ সাঁচ।

আলনাৰ এমূৰে মূৰ দাঙি বহি আছে এটা কোট
দেউতাৰ,
মলিয়ন ৰং, কলাৰ ফিচিকা
জেপৰ ফুটাৰে মুদ্ৰাবোৰে কৰে অহাযোৱা
চিনাকি বাট হেৰুৱাই
কেতিয়াবা যুঁজ লাগে ইটোৰে সিটোৰ।

চেকেণ্ড হেণ্ড পোচাক বিক্ৰী কৰা বজাৰৰ পৰা
ময়ে কিনিছিলো সেইটো
কোনোবা গাঠলু মানুহৰ আছিল কোটটো
টিলিকা গাৰ দেউতাৰ জোখত
সৰুকৈ সী দিছিল
লেঙেৰা কলীমন দৰ্জিয়ে।

মই আলনাডাল থকা কোঠাটোত সোমালে
কোটটোৰ ফিচিকা চিলাইবোৰে হাঁহে
অৱশিষ্ট বুটাম কেইটাই মালিতা জোৰে অনৰ্গল
ওলমি থকা বুকুৰ জেপটোৱে কথা পাতে
মোৰ সৈতে।

[ ৩৫ ]

পুৰণি কোটটো আচলতে যাদুঘৰত
সংৰক্ষিত হ’ব লাগিছিল
কিন্তু
কি হ’ব ভাই।
নিজাকৈ মোৰ এটা কোঠাই নাই।

বহু অস্ফুট আলাপৰ অন্তত আজি ৰাতিপুৱা
আলনাৰ এমূৰে গহীনাই বহি থকা কোটটো
নাচি নাচি আহিল মোৰ ফালে
প্ৰসাৰিত হাতেৰে মোৰ
হাত দুটা সোমাই আহি মিলি গ'ল
গাৰ ভাঁজে ভাঁজে
দেউতাৰ উৱলি যাবধৰা পুৰণি কোটটো
মই আজি পিন্ধি ল'লোঁ।

[ ৩৬ ]

ৰাগ-বিহ্বলা
(ৰাজীৱ ভট্টাচাৰ্যৰ হাতত)

প্ৰিয়তম অনুজ সুহৃদ
আহিবা মাজে মাজে মোৰ পঁজালৈ
তেজ পুৰি ৰাখিম জ্বলাই চাকি
তুমি নহালৈকে
পাতসীয়া চৰায়ে কেঁচাপাত সীয়াৰ পৰা
নিপিন্ধালৈকে তেলপিচল চিক্‌মিকীয়া সাজ।

তুমি আহিলে বুকুৰ খোৰোঙে খোৰোঙে
ফুৰিম বিচাৰি দুয়ো সখিয়তী হিয়া
আৰু
সুগন্ধি পথাৰৰ অলিন্দে-নিলয়ে
শইচৰ সেউজীয়া স্তৱক কবিতাৰ
হাতনি পেৰাতে পাছে
আনিবলৈ নেপাহৰিবা বীণখনি তোমাৰ
গান শুনি জালীকটা জোনাক
গলি গলি ওৰে ৰাতি
কুহুমবুলীয়া পুৱা
কাঁচিয়লি ৰ’দেৰে পখালিব দেহা।

ঘৰটো মোৰ পাবাই চিনি
সেইযে
মামণৰ এধানি আঙুলিৰে এচমকা ৰং সানি
ছবিৰ বহীত অঁকা
ইতস্ততঃ আকাৰৰ
বাঁহ খেৰ ইকৰাৰ — সেয়াই ঘৰ মোৰ
তোমাক আদৰিবলৈ
পদূলিৰ গধূলি-গোপালত থাকিব পৰি
গানগোৱা মাটিৰ চৰাই এযুৰি।

[ ৩৭ ]

এটা প্ৰেমৰ কবিতা

শিলৰ দুহিতাৰ কোমল বুকুত
নিনাও কৃষকে দিয়া
জোনাকৰ গুটি এটি পচাইছিলো
ঊনত্ৰিছ বছৰৰ আগতে
পুৱাই উঠি সদায় চাওঁ গজিছেনে পুলি
মেলিছেনে তাৰ দুটা সেউজ পাত
আছেনে জিলিকি তাৰ হিয়া
লাগি থকা নিয়ৰ কণাত???
চাই চাই চকু বিষালে
পুলি নগজেহে নগজে।

এলেহুৱা জধলা খেতিয়ক মই
চুক-কোণ মাৰি নেবাওঁ হাল
মাটিও নহয় চহ ভালকৈ
বন-বাট নিৰুৱাৰতো কথাই নাই
বেৰণ—কুৰণৰ নাই লাগ—বান্ধ
পচাবলৈ নেজানো বুলি ভাবি গুটিটোৰ কথা
জোৰকৈ থাকিলো পাহৰি।

বহুদিন পাৰ হ’ল ⸺
বহুনদীয়ে গড়া খহালে, সলালে তাৰ গতিপথ
বহু গৰ্বিত সৌধৰ পৰা নমাই অনা হ'ল
ৰঙা তাৰকাখচিত বিজয় পতাকা
ঋজুদেহী বহু ষোড়ষী গাভৰু
মেদবহুল মহিলা হ’ল এতিয়া

[ ৩৮ ]

বহু স্বপ্নাতুৰ ডেকাৰ চুলিত
কুঁৱলীৰ বোল লাগিল
আহতৰ গুটি খাবলৈ হাইঠাবোৰ নহা হ'ল
অৰণ্যৰ সেউজ শুহি মৰুভূৰ পিয়াহ বাঢ়িল।

আজিকালি কবি সকলৰ দৰে ময়ো
ফুলনিত পানী দিওঁ আবেলি
তেতিয়াই
ৰজনীগন্ধাৰ পাহিৰ পৰা পখিলা এটি উৰি আহি ক'লে
কেতিয়াবাই গজিছিলোঁ মই
জাৰণিত আছিলো লুকাই
বৰ অকৰা তুমি
প্ৰতীক্ষা কৰিবলৈ নেজানা
এটা প্ৰেমৰ কবিতা লেখিবলৈ
একুৰি ন বছৰ লাগেনে কাৰোবাৰ?

[ ৩৯ ]

মৃত্যু


সেমেকা খিৰিকীৰ সিপাৰে
কাঠকুটা পোক এটাই
ৰাতিটোক কুটিকুটি খাইছিল
কঁপি কঁপি চিঞৰি আছিল
ভায়োলিনৰ মিহি এডাল তাঁৰ
বুকুত তাৰ
দাঙিব নোৱাৰা শিলৰ ভাৰ।

পোহৰৰ ডকা
ফুটো কি নুফুটো হওঁতেই
আৰ্তনাদৰ বোমা ফুটিল!
শিলত মূৰ আফালিয়াই
বতাহত ওপঙি ফুৰিল
আদিম মমতাৰ ঐক্যতান
আই.... আই.... আই...

কিশোৰ এটাই,
আকাশলৈ জুমি চাই ক'লে,
পোহৰ হ’লেই⸺
পোহৰ হ’লঃ
ক'লা পোহৰ।

[ ৪০ ]

প্ৰয়াণ
(ভূলুণ্ঠিত তেলী কদম জোপাৰ সোঁৱৰণত)

গুণ গুণ বতাহৰ নিচুকণি গীত শুনি
ভাগৰুৱা নিশা সাৰে থাক তই
ডাউকী আৰু কেতেকীৰ বিহ্বল যুগলবন্দীয়ে
ফেঁহুজালি দিওঁতেই বুকুত ফুটাৱ তোৰ
আলফুল কতনা তৰাফুল মাখনবুলীয়া।

ওপজা গাঁৱৰ মোৰ
প্ৰাচীন প্ৰহৰী তই
বালিবাট আৰু চেঁচাবাটে য’তেই সলায় কান্ধ
তাতেই আছিলি তই
কদম তেলী বহু শতিকাৰ
ভাত আৰু মাতহাৰা
পৰিভ্ৰমী মানুহৰ নীৰৱ সাক্ষী কত আশা-নিৰাশাৰ।

শীতল ছায়াত তোৰ জিৰাইছিলনে
মেট্ৰ’চাহাবৰ আলিগঢ়া বনুৱাৰ
ৰ’দে পোৰা শৰীৰৰ ক্লান্তি
দিছিল হয়তো চকুৰ পতাত সানি
দুটোপাল ফটিক পানী
আইৰ সাদৰী চুমাৰ।

[ ৪১ ]

মাটি আকলুৱা কোন খেতিয়ক ডেকাই
বাঁহী বাই নিজান নিশা কঁপাইছিল বুকুৰ বতাহ
সি বাৰু তোৰে সখী
কানাই আছিল নেকি অ' কদম তেলী?
পাতালী যমুনাৰ জলেৰে পানী ওপচোৱা
কমলা কুঁৱৰীৰ কাতৰ প্ৰাৰ্থনাৰ তেজ
লাগি তোৰো বুকু হৈছিলনে ৰঙা?
........পাৰতে শোৱাই থৈ গ'ল........।

কিনো তই কালডাঁহী কাল
সৰগ পেলাই পুৰিলি বুকুৰ এফাল
সোণৰ নাৱত তুলিলি হিয়াৰ পদুমবোৰ
শোৱালি তাতে মুৰুলীৰ মধুৰ সুৰ
চুটকলাৰ দেওধনী জানো কেনেকৈ লাগিল তোৰ গাত
তই গ’লি যি গ’লিয়েই সাগৰ ধিয়াই
এবাৰো নেচালি উভতি
চোৱা হ'লে দেখিলিহেঁতেন কি কাঢ়ি নিলি তই
কেবা শতাব্দীৰ বুৰঞ্জী খোদিত
পিতামহ তেলীকদম ভূলুণ্ঠিত চিৰনিদ্ৰাত।

[ ৪২ ]

প্ৰেমৰ স্তৱক

তোক ভালপাওঁ বুলি ক'লে
চকুৰ দাপোণত নজ্বলাবি তৰা
পিয়াহ লাগিছে বুলি ক'লে
নুখুলিবি বুকুৰ কল্‌কল্‌ নিজৰা।
ক’লা জামুকীয়া কলিজাটো
উপহাৰ দিলে তোক
নিদিবি নিদিবি মেলি
কুহকিনী সুৰঙ্গৰ তোৰ অপাৰ বিস্ময়
তীৰত্যাগী গুণ যেন
থৰথৰ কঁপে পুষ্পিতা সময়
নিস্তেজ তেজত মোৰ
ফুলি উঠে
সপোনৰ অলেখ ডালিম ফুল।

ওপৰৰ ওঁঠত আছে মোৰ
যুৰীয়া তিল
যন্ত্ৰণাৰ বাঁহী এটা সেয়ে
ৰৈ ৰৈ বাজি থাকে
বুকুৰ কোনোবাখিনিত
সপোন এটাই খেদি ফুৰে
পথাৰে পথাৰে
অ’ মোৰ কুমাৰী প্ৰেয়সী মাটি
তোৰেই আজন্ম ব’ৰাগী প্ৰেমিক মই।

[ ৪৩ ]

সোঁৱৰণ

তোমালোক সকলো আছানে কুশলে
পোৱা নাই বহুদিন কোনো খবৰ
তোমালোকে এতিয়াও বুকুৰ খোৰোঙত ফুৰানে কঢ়িয়াই
আমাৰ আমঠুত গজা
সুমধুৰ সপোনৰ সৌধ?

ৰংছঙীৰ ৰতন মাঝি
বাগিছা তোমাৰ আছেনে আজিও সেউজীয়া হৈ
মাদলৰ শব্দত উঠেনে কঁপি
বনুৱা গাভৰুৰ হিয়া শিৰীশপতীয়া?

আন্ধেৰীৰ বীৰধন ৰাভা
আনিলানে নতুনৰ আভা
পথহীন তোমাৰ নিচলা গাঁৱলৈ যোৱা
পথটো নতুন চানেকীৰে হ’লনে গঢ়া?

চিৰাজুল হোছেইন, ন–কছাৰীৰ
বাৰটোল্ড্‌ ব্ৰেখট্‌, হেনৰিক ইবচেন্‌
অনুবাদ হ’লনে তোমাৰ শেষ
ভাবীকালৰ ভাৱৰীয়া ৰৈ আছে ছোঁ-ঘৰত
নেজানি নিৰ্দেশ।

খবৰ নেপাওঁ একো ছবিৰে কবিতা লেখা
শৰাইঘটীয়া ডেকা ৰুবুল লহকৰ
আৰু একাবেঁকা পথৰ মানচিত্ৰ অঁকা
লখিমীপুৰৰ নাবিক নৰেন বৰাৰ।

[ ৪৪ ]

ডিফুৰ পাহাৰী ডেকা ৰামচিং ৰংফাৰ
হাঈমুৰ অসমীয়া পদাৱলী
কৰা শেষ হ’লনে তোমাৰ
লুইতৰ বালিত বিনাই ঐনিতম
মজিয়াত ভকেভকাই কুটুমৰ তেজ।

মঙ্গলদৈৰ সহযাত্ৰী ইন্দ্ৰকান্ত কোঁচ
তোমাৰ চামুৰাই কলিজাটো আছেনে আজিও জ্বলি
পুৱাৰ বেলিৰ দৰে দগ্‌‌মগাই
কোক্‌ৰাঝাৰৰ মনেশ্বৰ ব্ৰহ্মৰ প্ৰাণৰ চিফুঙে
আছেনে গাই দোকমোকালিৰ গান
তোমালোক কাৰো যে একো খবৰ নাই!

কথা আছিল ডাঁৰৰ বাতৰি ডাঁৰে দি থকাৰ
কথা আছিল নিমাতী ওঁঠত আখৈ ফুটোৱাৰ
কথা আছিল শিল আৰু ফুল হোৱাৰ।

ডাঠ আতচী কাচৰ চকুত ভাহি থাকে মোৰ
অহৰহ অনৰ্থৰ কুটিল গণিত এতিয়া
ৰিংটো হলে কাণত বাজি আছে আজিও
গগণাৰ গুণা হৈ
শুনানে তোমালোকেওঁ গুম্গু‌মনি?

[ ৪৫ ]

কলম

বন্ধুৱে দিয়া চৌখিন কলমটো হেৰাল
বেয়া পোৱা নাই বৰ
বিচৰাও নাই বেছি।
তুমি চাগে’ ভাবিছা
কি মানুহ এওঁ
আখৰৰ খেতিয়ক হৈয়ো
কলম হেৰুৱায় নকৰে বেজাৰ।

কলমেৰে অঁকা আখৰী ছবিত
নুফুটে যদি
আত্মদাহী সময়ৰ টেৰাক’টা,
শিলীভূত মানুহৰ
হাহাকাৰ ৰেৱাজ
কিনো প্ৰয়োজন বিলাসী কলম তেনে
অক্ষম সম্ভবাৰ কেৱল
ধাৰণৰ সজল প্ৰয়াস।

দুখৰ খৰে পোৰা
মইযে মাটিৰ ল’ৰা
কলম হেৰাল বুলি নেলেখাকৈ
থাকো কি সতে
ডঁৰিয়লিৰ দাঁতিত গজা
খাগৰীকে সাৰ কৰি
কেঁহৰাজ, গো-মূত আৰু শিলিখাৰ চিঞাহীৰে
আঁকি যাওঁ
কুহুমীয়া ৰ'দৰ ছবি
সেয়ে বাসন্তী দিনৰ।

[ ৪৬ ]


মেঘ


পানী দে মেঘ
দে পানী
এটুপি অমৃত পানী
লক্‌লক্ জিভাৰ নাচ হওঁক নিৰ্বাপিত
কণ্ঠত আছেহি জুৰি
পানীপিয়াৰ চতুৱা চিঞৰ।

নৈত জ্বলিছে জুই
এটুপি পানীৰ বাবে
ৰূপালী মাছবোৰে কৰিছে উজনি-ভাটি
সিপাৰে কঁহুৱা ফুলে পলসত
চিকুণ মঙহ খহে চপ-চপৰ
ইপাৰত।

কাতিৰ কুঁৱলীৰ দলঙৰ সিমূৰে
ভোকৰ এমুঠি ভাত
শোকৰ অমিয়া মাত
পদুমকলি সেলেঙি আঘোণ
কঁপিথকা জলছবি মাথোন
পানীদে মেঘ
এটুপি অমৃত পানী
তাকে খাই নুমুৱাও দুখৰ অগনি।

পানী দে মেঘ পানী
বলুকাৰ জঠৰত পুতিছোহি আজি
কাৰেঙৰ কমলাক আনি
গজিব বুলি অমিতাকলিয়া মানুহৰ
পো-পোৱালি।

[ ৪৭ ]

আড্ডাত

হোমিওপেথী ঔষধৰ দোকান এখনত
আমি আড্ডা দিওঁ মাজে মাজে
সঙ্গীবোৰৰ সকলোৰে কিবা নহয় কিবা অসুখ
কাৰোবাৰ চকুৰ
কাৰোবাৰ বুকুৰ
কাৰোবাৰ আকৌ
সপোনত খোজকঢ়া অসুখ।

দোকানী ডাক্তৰ অহৌবলিয়া মানুহ
জাৰ্মানীৰ তেজৰ বুৰঞ্জীৰ পৰা চোমালিয়া হৈ
দেশৰ লঘোণীয়া পেটলৈকে
অবাধ বিচৰণ।

ধুমুহাই যেতিয়া
আমাৰ ঘৰৰ মূধচ উৰুৱাই নিয়ে
তেতিয়া আমাক দিয়ে
সঞ্জীৱনী সুধা
তেওঁৰ ভাষাত নাম তাৰ
হীৰুদা আৰু নেৰুদা।

[ ৪৮ ]

শিৰোনামহীন


গৰীয়া গাঁৱৰ সোণকণ হোছেইন
আৰু
হেন্দু গাঁৱৰ আব্দুল হীৰা
একেলগে আহি ক'লে
ককাই,
এই ধুমুহা আৰু ফুলৰ বতৰতে
বুকুৰ খবৰ থকা
পুথি এখন প্ৰকাশৰ কৰিছোঁ উপায়ঃ
তই যে মাজে মাজে পদ্য লেখ
দেছোন তাৰে এটা আমাৰ বাবেও
পিয়াহত মৰা পানীয়ে
কিজানিবা পায় প্ৰাণ!

কিনো লেখোঁ মই,
কলমৰ জঠৰ যে উদি হওঁ হওঁ
বুকুৰ পথাৰ জুৰি অচিন গহৰা
শিলীভূত এতিয়া শিপাৰ সপোন
বণিক-হাতোৰাৰ কঠিন চেপাত
থৰ্‌থৰ্ সুগন্ধি বতাহ
চট্‌ফট্ তোৰ মোৰ এধানী পৰাণ।

প্ৰিয় পদাতিক অনুজ
ছন্দহীন আজি মোৰ হেঁপাহৰ গান
তথাপিতো শুন,
কওঁ কাণে কাণে
পাৰিলে ছপাবি এনে কথা
অবয়বী থানতকৈ হৃদয়েই শ্ৰেষ্ঠ থলী
উপাসনাৰ।

[ ৪৯ ]

আৰু ছপাবি
হিন্দুৱে তৰাৰ কথা মুছলমান প্ৰাণ
আনৰ বাবে মুছলমানে কৰা জান কুৰবান
বঙহৰ মঙহ নাজুৰিবি কোনেও
বুঢ়ী আয়ে কোৱা কথা ৰাখিবি মনত
তেজ ধুলে উটে
মঙহ নুটে।

[ ৫০ ]

আখৰাৰ অন্তত

গাৰ ছাঁটো পশ্চিমলৈ দীঘল হোৱাৰ পৰতে
ঘোঁৰা এটা সাজিছিলা তুমি
পথাৰে-চহৰে ভ্ৰমি ফুৰা গধুৰ নিশাহ
মেজি সাজি জ্বলোৱাৰ
খাইছিলা শপত,
জুইফুল ফুলিছিল তেজত তোমাৰ
মাটি-আখৰা কৰিছিলা
নিৰ্মেদ নিপুণ
অশ্বাৰোহী হোৱাৰ।

ৰ’দে ডকা হ’ল এতিয়া
ঘামে পোৰা হ’ল এতিয়া,
শালৰ শাহহেন কলিজা
হ'ল পদুমৰ ঠাৰি
খন্তি মোনাত নুৰিয়াই থ’লা
সাঁচিপতীয়া সপোন তোমাৰ।

সংহিতাৰ সীহৰ ঠিলা পিন্ধি
তুমি মমৰ ঘৰত বাসকৰা
অপৌত্তলিকৰ পুতলা
কৰা আপডাল
তুমি নাথাকিলেও
মৰিব পাৰিব আশাৰ গজালি
ৰাতিৰ তৰা আমাৰ।

[ ৫১ ]

অনুভৱৰ স্তৱক

(১)


মূলতঃ খেতিয়ক মই
কেতিয়াবা শস্যৰ
কেতিয়াবা শব্দৰ
ৰ’দেপোৰা ছালৰ তলত
আছে লৱণু স্পৰ্শ
শিলে খুন্দা দেহাত
জীয়ন দিওঁ নতুন সূৰ্য।

(২)


মাঘৰ ঠেঁটুৱৈ লগা জাৰত কঁপা
নিষ্পত্ৰ শিমলুজোপাত ফুলিল
অসংখ্য বগলীৰ বগা ফুল
কুঁৱলীৰ প্ৰাচীৰ ফালি
হঠাতে জিলিকি উঠিল
বেলিৰ তেজাল বোল।

(৩)


মৰিশালিত সপোনৰ চিতাভস্ম
দাঁতিৰ বাকৰিত ক্ৰীড়াৰত
এজাক কিশোৰৰ কিৰীলি
হ’ব নেকি সিহঁতৰো স্বপ্নভঙ্গ?

(৫)


শব্দৰে গঢ়িব পাৰোঁ
মনোহৰ হৰ্ম্য
এচপৰা ইটাও
মই নোৱাৰো সাজিব!

[ ৫২ ]

শস্যভূমি

প্ৰতিজন খেতিয়কৰে থকাৰ দৰে
মোৰো আছে অকণমান মাটি
তেওঁলোকে হালবাই মৈয়াই চহকৰাৰ দৰে
ময়ো কোমল কৰি তাৰ মৃন্ময় বুকু
সেউজীয়া, সৰিয়হবুলীয়া আৰু সোণবৰণীয়া
কঠীয়াৰ গুটি সিঁচো চামে চামে বতৰে বতৰে।

তেওঁলোকে সাৰ-পানী যোগোৱাৰ দৰে
সীৰলুৰ গৰ্ভত ময়ো
তেজ আৰু ঘামেৰে
সুৱাগুৰি তুলো
পানীপিয়া চৰাইৰ তৃষ্ণাৰ্ত কণ্ঠৰ
সাতসৰী পিন্ধাও মেঘমল্লাৰৰ।

তেওঁলোকে ৰোৱে-বোৱে
শিশুৰ গুণ গুণ সপোন
জক্‌মক্‌ যৌৱনৰ সূৰুযমুখী ফুল
আশ্বাসৰ বিমল জোনাক;
দুখনি খনিকৰ হাতেৰে
চাকৰ পৰা তুলি আনে
জীৱনৰ গাথা অমৃত মালিতা
মোৰ আছে মাথোঁ
সেউজৰখীয়া নিঃকিন ছোঁ এটি
দুৰ্বল ইঙ্গিত আৰু অনুচ্চ আৰ্তিৰে
কাকতিফৰিং, বতাচৰাই হুৰাবলৈ
কৰে যি অহৰহ প্ৰয়াস।

[ ৫৩ ]

পথাৰৰ গৰিমাৰে জল্‌মল্‌ তোমালোক
যদিওবা আহে বান
নিদাঘ্‌ জুইৰ বৰষুণ
কাঁইটীয়া শোহনী বালিচৰ
শইচৰ সম্ভাৰেৰে তোমালোক চহকী অতিকে।

[ ৫৪ ]

যাত্ৰা

হিমালয়ৰ নামনিৰ পূব দেশৰ
অখ্যাত এক কবিয়ে
তোমাক কৰিব খোজে লগ
প্ৰিয় কবি নেফটালি ৰিকাৰ্ড’ ৰেইজ বাচআলট’
কবিতাৰে জোৰা দিয়া তুমি মনৰ বাগিছা

শিৰত এণ্ডিজৰ শিলৰ কিৰীটি
পথানত প্ৰশান্তৰ নীলাভ জলধি
তোমাৰ কবিতাক যি কৰে আপডাল
মানুহৰ নীলা, সেউজীয়া আৰু মুগা বৰণীয়া
দুখৰ আভাই
সেই চিলিলৈকে মোৰ সপোন যাত্ৰা।

আমাৰ দেশৰ পাটকাই পাৰ হৈ
কিছুদূৰ অৰণ্য ফালি উজাই গলেই পোৱা
ইৰাৱতীৰ পাৰত তুমি
বাহৰ পাতি থকাৰ কথা
গমেই নেপালোঁ
তেতিয়া গাঁৱৰ বাঁহনিখনেই আছিল
মোৰ পৃথিৱীৰ সীমা।

যাওঁতে চাই যাম ইস্তানবুলৰ পোতাশালত
আয়ুস শেষ হ'ব ধৰা পেঞ্চিলডালেৰে
নাজিমে কেনেকৈ লিখে কবিতা
লগতে
জলফাই বননিৰে আবৰা
তোমাৰ পূৰ্বজ অভিযাত্ৰীৰ দেশ স্পেইনৰ
গুৱেৰ্নিকা চহৰ।

[ ৫৫ ]

পাবলো নেৰুডা
নেজানো ক’ত লগ পাম তোমাক
ইছলানেগ্ৰাত নে ছান্টিআগ’ত
নে তামৰ খনিৰ তামবৰণীয়া শ্ৰমিক-সভাত
প্ৰতিবাদৰ তেজাল পতাকা উত্তোলন কৰোতে
নে প্ৰেমৰ কোমল কবিতা লিখি থকাত।

তোমাক লগ পালে পিছে দুয়ো যাম
বলিভিয়াৰ ডাঠ কুহক অৰণ্যলৈ
আৰু
সমাধিটো বিচাৰি পাতপাত কৰিম
য'ত শুই আছে আকাশলৈ মু–কৰি
আমাৰ মৰমৰ চে!

[ ৫৬ ]
 

দামোদৰ

আহাৰ মাহৰ গোমোঠা দুপৰীয়া
বেলিটো লুকাই আছিল ডাৱৰৰ আঁৰত
সেমেকা বতাহত ভাহিছিল
পক্ষীৰ ভাগৰুৱা গানৰ ৰেৱাজ
কলগছবোৰে পিন্ধি আছিল
ব’হাগে চিচিৰ কৰা কাপোেৰ একোসাজ
বগা ঘোঁৰা এটাৰে আহি
তেতিয়াই নামিলহি তেওঁ
মোৰ চোতালত।

খবৰ নিদিয়াকৈ অহা আলহী
আদৰণিৰ নাই একো উপচাৰ,
ফুলবোৰ সৰি শেষ হ’ল এতিয়া
কোমল সেউজো হ’ল কেঁচপতীয়া
বজাৰত অলপতে নীলামত গ’ল
মোৰ লাম-লাকটু
এতিয়া কিহেৰে আদৰা তোমাক?

বুকুৰ নিজৰাটো উবুৰিয়াওতে
এবাটিহে ওলাল শীতল পানী
তাকে খোৱা
বেৰত গুজি থোৱা
কদম ঠানিত থকা
এপাহ শুকান ফুল
তাকে লোৱা

[ ৫৭ ]

ঘোঁৰাৰ বাবে চিন্তা নাই
মোৰ পঁজাৰ চৌপাশ আগুৰি আছে
বাৰিষাই ৰুই দিয়া
কোমল বননিয়ে।

অভ্যাগত পৰিব্ৰাজক মোৰ
যি দিলে তাকে ল’লে হাতপাতি
এটুপি পানী আৰু ফুলৰ সলনি
ঘোঁৰাৰ পিঠিৰ জপাৰ পৰা
আলফুলে দিলে মোক
বকুলৰ গোন্ধ সনা
প্ৰেমৰ এখনি জোনাকী চেলেং।

[ ৫৮ ]
 

হৰণ

ক্ৰোধত হাওঁৰিয়াই থকা
দুপৰৰ আকাশখনে
অবেলি কেঁতুৰি বৰণ ধৰি
হুৰাওৰাৱে বিনালে
বৰষুণ জোখা সঁজুলিত কেইদাগ উঠিল জানো
মোৰ পুখুৰীটো চপ্‌চপীয়া হ'ল
পথাৰখন আঁঠুৱনীয়া

ধূলিত পোত খোৱা
ছবিবোৰ এখন এখনকৈ উজলি উঠিলঃ
সৰিয়হ ফুলৰ কণকণ পাপৰি
কলাফুলত সানি
কিশোৰী এজনীয়ে খিল্‌খিলালে
গাখীৰতি ধানৰ সুহুৰি বজাই
পাহোৱাল ডেকা এটাই
মোলৈ কেৰাহিকৈ চাই গ’ল
নিজান ৰাতি
দূৰণিৰ আখৰাৰ ভাৱৰীয়াই
অময়া সুৰে এফাকি পয়াৰ গালে৷

ৰাতি-বিয়লি ওলাওঁতে-সোমাওঁতে
পণ্ডিত বৰদেউতাই বোপাইক দি যোৱা মাতষাৰ
ৰিণিকি ৰিণিকি ভাহিল—
দীনেশ্বৰ, আছনে ঘৰত?

[ ৫৯ ]

বালিবাটৰ দাঁতিৰ বোপাইৰ পঁজাৰ ভেটিতে
মোৰ নতুন ঘৰ
অচিনাকি চিনাকি কত যে আহ-যাহ
সেইবাটে
মোক কোনেও চিঞৰি নুসোধে
অই, আছনে ঘৰত?

[ ৬০ ]


নিষিদ্ধ জোনাক

গজলীয়া ভৰিত তোৰ
চাউল কঢ়াৰ
চুপুক চুপুক ঢেঁকীৰ চাব
পানীগামোছাৰ আবুৰত
আটোমটোম সুহুৰি এটা।

নাকৰ পাহিত
নিয়ৰ ফুটোতে
চকুত নাচিল দেও ডঁৰিকণা
তাত খেলোগৈ আহ!

ৰাজহংসৰ গ্ৰীবাই
ধৰিলে মেৰাই
চেই ফালি মগুমাহ
চিটিকি পৰিল।
থুন্‌থুনাই।

কাচল খুলি
দেখুৱালি
থাপনাত থাপি হোৱা
বগী জামুকীয়া
পাতিতালৰ গোটোং যোৰা,
আইৰ বুকুৰ অমৃত
জিভাত লাগিয়েই আছিল মোৰ
তেতিয়া৷

দিনৰ আকাশৰ
জোনটোৱে মাজে মাজে সোঁৱৰাই
অ’ সোণমাই
তই যি দিলি
আজিও পাহৰা নাই।

এই লেখাটো মুক্ত আৰু ইয়াক সকলোৱে যি কোনো কাৰণত বা যি কোনো উদ্দেশ্যেত ব্যৱহাৰ কৰিব পাৰে। আপুনি যদি এই সমল ব্যৱহাৰ কৰিব বিচাৰে, তেন্তে আপুনি অনুমতি বিচৰাৰ প্ৰয়োজন নাই যেতিয়ালৈকে এই পৃষ্ঠাত উল্লিখিত অনুজ্ঞাপত্ৰৰ প্ৰয়োজনীয়তাসমূহ অনুসৰণ কৰে।

ৱিকিমিডিয়াই ই-মেইলযোগে এই লেখাৰ স্বত্বাধীকাৰীৰ পৰা এই লেখাক এইখন পৃষ্ঠাত উল্লিখিত স্বৰ্তসমূহৰ অধীনত ইয়াৰ ব্যৱহাৰৰ অনুমোদন লাভ কৰিছে। এই বাৰ্তালাপক এজন OTRS সদস্যই পৰিদৰ্শন কৰিছে আৰু ইয়াক আমাৰ অনুমতিৰ সংগ্ৰহালয়ত সংৰক্ষণ কৰি ৰখা হৈছে। এই বাৰ্তালাপ বিশ্বাসযোগ্য স্বেচ্ছাসেৱসকলৰ বাবে এই লিংকত উপলব্ধ আছে।

 

এই লেখা ক্ৰিয়েটিভ কমন্স এট্ৰিবিউচন-শ্বেয়াৰ এলাইক 4.0 আন্তৰ্জাতিক অনুজ্ঞাপত্ৰৰ অধীনত মুকলি কৰা হৈছে, ইয়াৰ মতে আপুনি এই লেখাৰ অনুজ্ঞাপত্ৰ পৰিবৰ্তন নকৰাকৈ আৰু স্পষ্টকৈ উল্লেখ কৰি, আৰু মূল লেখকৰ নাম উল্লেখ কৰি বিনামূলীয়াকৈ ব্যৱহাৰ, বিতৰণ, আৰু বিকাশ কৰিব পাৰিব—আৰু যদি আপুনি বিকল্প, পৰিবৰ্তন, বা এই লেখাৰ পৰা অন্য কোনো লেখা প্ৰস্তুত কৰে, সেই লেখাও একে অনুজ্ঞাপত্ৰৰ অধীনতহে মুকলি কৰিব পাৰিব।