পৃষ্ঠা:অনুচ্চ আৰ্তি.pdf/১২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

অঙ্কুৰিত সময়


সোণালী ত্ৰিভুজেদি সূৰ্য উঠে
প্ৰতিদিনে।
পকা সুমথিৰা যেন ভাৰবিনম্ৰ
বৰ্ণময় ডাউকী সময়।
তথাপিতো।
কুমাৰী জড়ায়ু বন্ধ্যা
মাথোঁ জৰাসন্ধ।
আমাৰ যৌৱনৰ বেগৱতী নৈত
বিহ মেটেকাৰ ফুল।

বন্ধু,
আলি কেঁকুৰিত আমাৰ
আকৌ কেতিয়াবা দেখা হলে
নেখেলো আৰু শব্দভেদী খেল
দুয়ো হালবাই
এটি বীজ সিঁচি দিম
বুকু থকা ৰসাল মাটিত
আৰু কাণপাতি শুনিম
জীৱনৰ স্পন্দিত গোপন গুঞ্জন।

১২/ অনুচ্চ আৰ্তি