পৃষ্ঠা:অনুচ্চ আৰ্তি.pdf/১০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

অৰণ্যত এখন্তেক


গহন বনত মই মোৰ পৰা বিচ্ছিন্ন হ'লো
আদিম চাৱনিৰে চেকি চালোঁ
প্ৰাচীন পৃথিৱীৰ যুৱতী অঙ্গ
খুলি থৈ মোৰ মুখা
উলঙ্গ শৰীৰৰ জোনাকত পখালিলোঁ
অৰণ্যৰ ভাষা অনুবাদ কৰি
নিজেই নিজৰ দোভাষী হ’লো।


ঘণ্টা পৰিল!
কিনি লোৱা সময়ৰ শেষ হ’ল ম্যাদ
মুখা আৰু অবল্কল বসন পিন্ধি
অবলা অৰণ্যৰ পৰা
বিদায় ল'লোঁ।

১০/অনুচ্চ আৰ্তি