পৃষ্ঠা:অনুচ্চ আৰ্তি.pdf/৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
 

প্ৰাত্যহিক


নীলা আকাশ চোৱাৰ আহৰি
বহুদিন পোৱা নাই
থিয়দঙা দিওঁতেই দেখোঁ
বেলি লহিয়াই
দুখৰ শিলত মুখ থেকেচা খাই
সপোন গুৰি হয়—
সেউজীয়া পথাৰ
নীলিম আকাশ
চৰাইৰ চিকুণ মাত
কোনে কাঢ়ি লৈ যায়!
মাথোঁ
বুকুৰ উপত্যকাত
ৰিণি ৰিণি বাজি থাকে
চিফুং বাঁহীৰ সুৰ!
চিফুং বাঁহীৰ সুৰ!!

০৮/অনুচ্চ আৰ্তি