পৃষ্ঠা:অনুচ্চ আৰ্তি.pdf/৫৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

পাবলো নেৰুডা
নেজানো ক’ত লগ পাম তোমাক
ইছলানেগ্ৰাত নে ছান্টিআগ’ত
নে তামৰ খনিৰ তামবৰণীয়া শ্ৰমিক-সভাত
প্ৰতিবাদৰ তেজাল পতাকা উত্তোলন কৰোতে
নে প্ৰেমৰ কোমল কবিতা লিখি থকাত।

তোমাক লগ পালে পিছে দুয়ো যাম
বলিভিয়াৰ ডাঠ কুহক অৰণ্যলৈ
আৰু
সমাধিটো বিচাৰি পাতপাত কৰিম
য'ত শুই আছে আকাশলৈ মু–কৰি
আমাৰ মৰমৰ চে!

অনুচ্চ আৰ্তি/ ৫৫