পৃষ্ঠা:অনুচ্চ আৰ্তি.pdf/৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

পুনৰ্জন্ম


খিৰিক্‌ কৰিলেই
সাৰ পাওঁ মই
লঘোণীয়া দেহা সেকি লওঁ
তেজাল চকুৰ জুইত
নিহত নিশাৰ ফেহুঁজালি যেন
গৰ্ভৱতী নাৰীৰ
তিৰ্‌‌বিৰ্ চকুৰ মাণিক।

সোণৰ সোলেং বুকুৰ বৰঘৰ
খহি পৰে জৰ্‌‌জৰ্‌‌
সাৰে থাকে মাথোঁ
তোমাৰ সাহ
শিলালিপি অজৰ-অমৰ৷

অনুচ্চ আৰ্তি/০৯