সমললৈ যাওক

পৃষ্ঠা:অনুচ্চ আৰ্তি.pdf/৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

সেউজ সন্ধান

সীমাৰ সিপাৰে
সোণালী শস্যভূমিত
গৰখীয়া ল'ৰাৰ
বাঁহীৰ সুহুৰি শুনিলোঁ
কলিজাত এডাল
সোণালী কাঁড়
অনুপম বেদনাত
আকণ্ঠ আহত
আকাঙ্‌ক্ষিত দুখৰ দুলৰি।
তুমিতো নোৱাৰা যাব
সুৰভি সামৰি লৈ
সেউজী শস্যেৰে
আবৰা মোৰ মন৷

অনুচ্চ আৰ্তি/৭