পৃষ্ঠা:অনুচ্চ আৰ্তি.pdf/২১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

সুহৃদ

কচাইখানাৰ হাকোটাত ওলমি থাকে
সময়ৰ অতনু শৰীৰ
কাষত তীক্ষ্ণধাৰ তেজে তুমৰলী ঘাটক-দা
টোকোনা চক্ৰ তাৰ নিৰ্ণিমেষ লঘোণীয়া চকুত
ফুলি থাকে তেজৰ চিটিকণি লগা
একোপাহ দুখৰ দোৰোণ ফুল।

এনেদৰেই পাৰ হয় দিন আৰু ৰাতি
চিনাকি আকাশ থমথম
বতৰ নিবাত নিথৰ
সিজুৱনীত পথাৰে বিচাৰি ফুৰে হেৰুৱা আত্মা
ছাইৰঙী পৃথিৱীত অগা-ডেৱা আমাৰ আশাৰ
কীটাণুৱে কুটি খায়
নিৰ্মীয়মাণ সপোনৰ মজ্জা আৰু শাহ।

যোৱা নিশা পদূলিৰ বকুলজোপাত কোনোবাই
গোপনে আৰি থৈ গ'ল এখন ইস্তাহাৰ
তাৰ কোমল কুঁহিপাত ওঁঠে স্পন্দিত কৰিলে মোৰ
কুণ্ঠিত তেজ, ঘাম আৰু হাড়ৰ দেহ-দেউল
শিথিল শিৰাৰে বৈ গ’ল
শিশুৰ স্পৰ্শৰ লৱণু প্ৰবাহ।
আৰু হিৰন্ময় উষাই এডাল এডালকৈ খুলি দিলে
দুৱাৰৰ সকলো অৰ্গল
বন্ধ সজাৰ চৰাইবোৰ উৰি গৈ
গান গালে অনৰ্গল
শেলে শালি থোৱা ক’লা কলিজাই
সখিয়তী সাজ পিন্ধি
দীঘলকৈ উশাহ লৈ
কান্ধত থলেহি কোমল সুহৃদ হাত।

অনুচ্চ আৰ্তি/ ২১