সমললৈ যাওক

পাখি লগা মন

ৱিকিউৎসৰ পৰা
[ বেটুপাত ]
পাখি লগা মন

নীলিমা বৰা

[ বেটুপাত ]


পাখি লগা মন

(শিশু গল্প সংকলন)

 

নীলিমা বৰা

 

বনফুল

গুৱাহাটী-৫

[ প্ৰকাশন ] PAKHI LOGA MON: A Collection of children short stories written by NILIMA BORA M.A. and Published by Partha Gobinda Baruah, on behalf of BANPHUL, G.M.C.H. Road, Bhangagarh Guwahati-5
Second Edition Nov' 2016 Price : 30.00 only


প্রতিস্থাপক প্রকাশক-
প্রয়াত ত্রৈলোক্য নাথ বৰুৱা
শ্ৰী ফুলেন্দ্ৰ কুমাৰ বৰুৱা
ঠাকুৰ বজাৰ বৰপেটা

 

প্রকাশক :
শ্ৰী পাৰ্থগোবিন্দ বৰুৱা
বনফুল
গুৱাহাটী – ৭৮১০০৫
মোবাইল নং - ১৯৫৭৫-৯৪৮১৪

 

@ লেখিকা

 

বেটুপাত : লেখিকা আৰু নৃপেন ব্ৰহ্ম
ভিতৰৰ ছবি : লেখিকা
ডি টি পি : নীলাক্ষী দত্ত
প্রথম সংস্কৰণ : অক্টোবৰ, ২০১৫ ইং
দ্বিতীয় সংস্কৰণ : নৱেম্বৰ, ২০১৬ ইং
মূল্য : ৩০.০০ টকা
মুদ্রণ :
বর্ণালী
জি. এম. চি. ৰ'ড, ভঙাগড়, গুৱাহাটী - ৫
মোবাইল – ৯৪৩৫০-৪৪৯২৩

[ কৃতজ্ঞতা ]

 পদূলিত ৰৈ


 ‘পাখি লগা মন’ বিভিন্ন বাতৰি কাকত সংকলনত সোমাই থকা মোৰ কেইটিমান শিশু গল্প।

 ........আগ্ৰহেৰে হাত পাতি লোৱাৰ পিছতো বহু দিন প্ৰকাশৰ বাটত ৰৈ থাকিল। অৱশেষত মোৰ মাননীয় সাহিত্যনুৰাগী শ্ৰীযুত ফুলেন্দ্ৰ কুমাৰ বৰুৱাদেৱে দায়িত্ব লৈ প্ৰকাশ কৰি পুথিখনি পাঠকৰ হাতত তুলি দিলে। তেখেতলৈ মোৰ আন্তৰিক শ্ৰদ্ধা আৰু কৃতজ্ঞতা সদায় থাকিব।

 ছপাশালৰ সমূহ কৰ্মীলৈ মোৰ ধন্যবাদ যাচিলো।

 ত্ৰুটি মাৰ্জনাৰে—

 

লেখিকা।

 

 ‘চিনাকি’
 জোনাকপুৰ, গুৱাহাটী-১৬
 ফোন নংঃ ৯৮৫৯২৩৬০৬৭

[ সূচীপত্ৰ ]

সূচীপত্ৰ

গল্পৰ নাম পৃষ্টা
১) অৰণ্যত এনিশা
২) অনুভৱ ১২
৩) পাহি ১৭
৪) ভয় ২১
৫) সখী ২৫
৬) সাহসী পল ২৮
৭) কণমানি ঝাৰা ৩২
৮) ডাঙৰ কোন ৩৬
৯) ককাৰ কথাৰে ৪১
১০) পাখি লগা মন ৪৫

[ প্ৰথম পৃষ্ঠা ]

অৰণ্যত এনিশা

 ধুমুহাজাক শাম কাটিল। কিন্তু কিন্‌কিনীয়া বৰষুণ আৰু চেঁচা বতাহজাক হ’লে আহিয়ে থাকিল। ৰিজু, প্ৰতীম, অভিলাষ আৰু অমৃত আটাইকেইটাই হাতত ধৰাধৰিকৈ পাহাৰটোৰ পৰা নামিবলৈ ধৰিলে। সিহঁত তিতি তেনেই জুৰুলী জুপুৰী হ’ল।

 পাহাৰটোৰ তল পাই অভিলাষহঁতে চাৰিওফালে চালে। এটা সময়ত [  ] অভিলাষহঁতে বুজিব পাৰিলে যে সিহঁতৰ বাট ভুল হৈছে। হয়তো পাহাৰটোৰ উত্তৰ দিশেহে নামিব লাগিছিল। সেয়েহে পুনৰ পাহাৰটোত উঠিবলৈ—ধৰিলে ৷ সিহঁতৰ খোজ খৰ হ’ল। কিয়নো খৰ গতিত দিনটো শেষ হৈ আহিছিল। সিহঁতৰ ভিতৰত ৰিজুৱে সৰু। সি ষষ্ঠ মানত পঢ়ে। বাকীকেইটা অষ্টম শ্রেণীত।

 স্কুলখনৰ প্ৰায় এশ ল'ৰা-ছোৱালী পিক্‌নিক্ খাবলৈ আহিছিল। বাটতে এখন বাছৰ বিজুটি ঘটাত বাৰমান বজাতহে আহি পাইছিলহি। ভাতখাই উঠোতেই তিনি বাজো বাজো হ’ল। হাতত অলপ সময় থকাত কিছুমান ল’ৰা-ছোৱালীয়ে শিলনিত বৈ থকা জুৰিটোত খেলিবলৈ ধৰিলে৷ অভিলাষহঁতে এপাক ফুৰি আহো বুলি পাহাৰটোত উঠিবলৈ ধৰিলে। শিক্ষক-শিক্ষয়িত্ৰীসকলে সকলোকে বাছত উঠা আগতে যদিও লগ নেৰিবলৈ সঁকিয়াই থৈছিল, সিহঁতে বনৰ চৰাই খেদি শুকান পাকখোৱা শিপা বিচাৰি, বগৰী বিচাৰি কেতিয়া যে ডাঠ হাবিখনত সোমাই পৰিল গমেই নেপালে। হঠাৎ আকাশ ডাৱৰে ছানি ধৰিলে। ক’ৰপৰা জানো আৱৰীয়া বৰষুণজাক হৰ্‌হৰাই পৰিবলৈ ধৰিলে৷ লগৰীয়াহঁতৰ ওচৰলৈ বেগাই উভতিছিল যদিও দপ্‌দপাই অহা বৰষুণজাকৰপৰা ৰক্ষা পাবলৈ সিহঁতে জোপোহা এটা বিচাৰি দৌৰিবলৈ ধৰিলে। জোপোহা এটাত চাৰিওটা সোমাই পৰিল৷

 যেতিয়া বৰষুণজাক শাম কাটিল, সিহঁতে লগৰীয়াহঁতক বিচাৰিবলৈ ধৰিলে। কিন্তু সিহঁতে কাকো লগ নেপালে। সিহঁতৰ চিঞৰবোৰ পাহাৰত ঠেকা খাই নিজানত মিলি গ'ল।

 সন্ধ্যা নামি আহিল। পাহাৰটোত উঠি সিহঁতে কেউদিশে চাই পঠিয়ালে,উৱাদিহ হ’লে একো নেপালে। ৰিজুৰ চকুত পানী ওলাই আহিল৷

 হঠাৎ প্রতীম চিঞৰ উঠিল—“সৌৱা চা চা পোহৰ! আমি তালৈকে যাওঁ ব’ল।”

 সিহঁতে দূৰৈত ক্ষীণ পোহৰ এটা দেখা পালে৷ ৰিজুক হাতত ধৰি অভিলাষে ক’লে -“ব’ল কিজানি তাতে কিবা সহায় পাম।” দলটোৰ [  ] ভিতৰত অভিলাষেই সাহসী।

 জেকা, সেমেকা হাবিতলীয়া বাটেৰে অকাই পকাই আহোঁতে সিহঁতৰ ভালেমান সময় লাগিল। সিহঁতৰ এনে লাগিল মৌন হৈ ৰৈ থকা ওখ ওখ গছ আৰু জোপোহাবোৰে যেন সিহঁতক নিৰীক্ষণ কৰিহে আছে।

 পোহৰটোৰ ওচৰ পাই অভিলাষহঁতে দেখিলে এটা তেনেই সাধাৰণ ঘৰ। খেৰ আৰু বাঁহেৰে সজা। দুৱাৰখন আছিল সৰু কিন্তু মজবুত। চাপৰ বহল বাৰান্দাখনত এটা হাৰিকেন ওলমি আছে। সিহঁত হতাশ হ'ল। হাবিৰ মাজত অকলশৰীয়া ঘৰটোৱে সিহঁতৰ মনত নানান ভাৱৰ সৃষ্টি কৰিলে।

 ৰচীৰে বান্ধি থোৱা দুৱাৰখন খুলি হাতত হাৰিকেনটো লৈ অভিলাষে ভিতৰলৈ জুমি চালে। আটাইকেইটা ভিতৰলৈ সোমাই গ'ল। কাৰণ বাহিৰত থকাৰ সাহস সিহঁতে হেৰুৱাই পেলাইছিল। সিহঁতে দেখিলে –কোঠালি এটাই। ডাঙৰ, আহল-বহল। এখন ডাঙৰ বিচনাও আছে। বিচনাখন গছৰডালৰ খুটাত বাঁহ বান্ধি তৈয়াৰ কৰা। বাঁহৰ ঢাৰি পাৰিথোৱা বিচনাখনত কিছুমান কিতাপ সিঁচৰিত হৈ পৰি আছে। কোঠালিটোৰ একাষে বাঁহৰ চাং এখনত এটা ট্ৰাংক, তাতো জাপি থোৱা কাগজ এসোপা আৰু কিতাপ-পত্ৰ। অভিলাষে দুৱাৰখন জপাই কোঠালিটোত থকা একমাত্ৰ চকীখনত বহি পৰিল। বাকীকেইটাই বিচনাখনৰ এচুকত কুঁচিমুচি বহি থাকিল।

 বাহিৰত খচ্‌মচনি শুনা গ'ল। আটাইকেইটাই জাপ মাৰি আহি অভিলাষক সাৱটি ধৰিলেহি। দুৱাৰখন ঠেলি মানুহ এজন সোমাই আহিল। তেওঁৰ এখন হাতত বজাৰ কৰি অনা মোনা এটা আৰু আনখন হাতত এটা টৰ্চ।

 অভিলাষহঁতক দেখি তেওঁ বাৰুকৈয়ে আচৰিত হ'ল। -‘কোন তোমালোক?’— তেওঁ সুধিলে–

 – ‘আমি বাট হেৰুৱাই পেলাইছো।’ অভিলাষে থিয় হৈ ক'লে। [  ]  –‘কি?’ মানুহজন ব্যস্ত হৈ পৰিল।

 ওখ, বগা, ডাড়ি নথকা মানুহজনক সিহঁতৰ মৰমিয়াল যেনেই অনুমান হ’ল। কাৰণ সিহঁতৰ বাবে তেওঁক সহানুভূতিশীল হৈ উঠা দেখা গ’ল।

 –‘তোমালোক তিতি বুৰি আছা।' মানুহজনে ডাঙৰ ট্ৰাংকটো খুলিলে। তাৰপৰা টাৱেল, গৰম চাৰ্ট, চুৱেটাৰ, শ্বল আদি কিছুমান কাপোৰ উলিয়াই সিহঁতক তিতা কাপোৰবোৰ সলায় পিন্ধিবলৈ দিলে। কেৰাচিন তেলৰ ষ্ট’ভত চাহ কৰি ৰঙা চাহ আৰু বিস্কুট খাবলৈ দিলে। কেৰাচিন তেল ঢালি তেওঁ বাৰান্দাত একুৰা জুই ধৰিলে। শুকান গছৰ ডালৰ দগ্‌মগীয়া জুইত সিহঁতে গাবোৰ সেকি সতেজ হৈ পৰিল। সিহঁতৰ লগত জুইৰ কাষত বহি মানুহজনে ক’লে –‘এতিয়া কোৱাছোন তোমালোকৰ পৰিচয়।’

 অভিলাষে কথাবোৰ বিবৰি ক'লে। কথাবোৰ শুনাৰ পিছত তেওঁ ক’লে – ‘চিন্তা নকৰিবা। মই কাইলৈ ঘৰলৈ যোৱাত ব্যৱস্থা কৰি দিম।'

 ক্ষন্তেকতে সিহঁত মানুহজনৰ লগত মিলি পৰিল৷ প্ৰতীমে ক’লে —‘আপুনি এই হাবিৰ মাজত অকলে অকলে কিয় আছে খুড়া?’ মৰমিয়াল মানুহজনে মিচিকিয়াই ক’লে-

 – ‘মই কিয় অকলশৰীয়া হম? এই গছ-গছনি, চৰাই-চিৰিকতি, জীৱ-জন্তুৰ লগতে এই মুকলি আকাশ, সকলো মোৰ লগৰীয়া।' প্ৰতীমে লাহেকৈ ক'লে-

 –‘মানে আপোনাৰ লগত আপোন কোনো নাই যে’

 খোলা হাঁহি মাৰি প্ৰতীমৰ থুতৰিত ধৰি তেওঁ মৰমেৰে ক'লে- ‘বন্ধু পাতিব জানিলে পৃথিৱীৰ সকলোৱে সকলোৰ আপোন হৈ পৰে।'

 সিহঁতে হাঁহি কথাটো সমৰ্থন কৰিলে।

 – ‘মই অৱশ্যে এটা উদ্দেশ্যতহে ইয়াত আছোহি৷’ খৰিকেইডাল জুইত আগবঢ়াই তেওঁ ক'লে৷

[  ]

 — ‘‘কি উদ্দেশ্য খুড়া?’ অভিলাষে সুধিলে।

 — ‘চৰাইৰ ওপৰত এটা গৱেষণা কৰি আছো।’ তেওঁৰ কথা শুনি অমৃতে ক’লে— ‘ইয়াত দেখোন এটাও চৰাই নাই!’

 খুড়া উঠি গ’ল। ভিতৰৰ পৰা এটা টেপ ৰেকৰ্ডাৰ লৈ আহিল। তেওঁ ক’লে — ‘চৰাইৰ ওচৰলৈ মইহে যাওঁ। হাবিৰ মাজত বহি সিহঁতৰ গতি-বিধি লক্ষ্য কৰো। আনকি সিহঁতৰ মাত-অনুকৰণ কৰি মাজে মাজে মাতিবলগীয়া হয়।’ তেওঁ টেপৰেকৰ্ডাৰটো বজাই দিলে। চৰাই কিৰিলি, বতাহৰ শব্দ, শুকান পাতৰ খচ্‌চনি আদিৰে নিমিষতে ঠাইখন মুখৰ হৈ উঠিল।

 টেপৰেকৰ্ডাৰটো বন্ধ কৰি খুড়াই ক’লে —

 — ‘পৃথিৱীত কিমান ধৰণৰ চৰাই আছে তোমালোকে জানানে?

 —‘নেজানো খুড়া, কওঁকচোন।’ সিহঁতে চৰাইৰ বিষয়ে জানিবলৈ কৌতুহলী হৈ উঠিল। খুড়াই কৈ গ’ল —

 —‘পৃথিৱীত আঠ হেজাৰতকৈও অধিক জাতিৰ চৰাই আছে। চৰাইৰ জীৱন বৰ ৰহস্যময়। সিহঁত মুকলি আকাশৰ প্ৰাণী। পৃথিৱীখনেই সিহঁতৰ ঘৰ। কিছুমান অসমৰ চৰাই বহু দূৰ দূৰণিলৈ গুচি যায় আকৌ আহেগৈ। সেইদৰে সূদূৰ ইউৰোপ, জাৰ্মান, ৰাচিয়া, আফগানিস্থান আদি দেশবোৰৰ পৰা শ শ চৰাই অসমলৈ আহি বাস কৰেহি। এই চৰাইবোৰৰ যেতিয়া সিহঁতৰ দেশবোৰত শীতকালি বৰফ পৰে, পানীবোৰ গোটমাৰি যায় তেতিয়া থকা আৰু খোৱা বৰ কষ্ট হয়। সেইবাবে শ শ মাইল উৰি আমাৰ এইখিনি পায়হি। গ্ৰীষ্মকাল অহাৰ লগে লগে সিহঁত পুনৰ উভটি যায়গৈ।’

 — ‘সিহঁতে ইমান দূৰ উৰিব পাৰেনে?’ ৰিজু আচৰিত হ’ল।

 খুড়াই বুজাই ক’লে – ‘প্ৰত্যেক জাতৰ চৰাইৰ উৰণ শক্তি বেলেগ বেলেগ। সিহঁতে একেবাৰে ছয় ঘন্টাৰ পৰা এঘাৰ ঘন্টালৈকে উৰিব পাৰে। ‘কূট’ নামৰ এবিধ চৰাইয়েতো এবাৰত এশ ষাঠি মাইল উৰিব পাৰে। সেইদৰে ‘মনিয়ৰি’য়ে এশ বিশ মাইল, ‘উদক’কে দুশ পঞ্চাশৰ [ ১০ ] পৰা তিনিশ মাইল, ‘গ্লভাৰ’ নামৰ চৰাইজাতে আক’ পাঁচশ পঞ্চাশ মাইল পৰ্যন্ত উৰিব পাৰে।

 — ‘ইহঁতৰ বাট ভুল নহয়নে খুড়া?’ অভিলাষত প্ৰশ্ন শুনি খুড়াই জোকালে

 — ‘ঠিক তোমালোকৰ দৰে?’ তাৰপিছত ক’লে—

 — ‘ইহঁতৰ বাট কেতিয়াও ভুল নহয়। সূৰ্য আৰু নক্ষত্ৰৰ সহায়ত নিজৰ বাটৰ চিন ৰাখি থয়।’

 —‘চৰাইবোৰ দেখোন বৰ বুধিয়ক।’ ৰিজুৱে বৰ স্ফুৰ্টি পালে। খুড়াই তাতে যোগ দি ক’লে—

 ‘নকবা বুজিছানে, পক্ষীবিদ সকলে এবাৰ ইউৰোপৰ ‘চোৱালো’ নামৰ চৰাই বিধৰ ওপৰত পৰীক্ষা এটা কৰি চাইছিল। সিহঁতৰ ঠেঙত পিন্ধাই দিয়া আঙুঠিৰ পৰা প্ৰমাণ পাইছিল যে — ছহেজাৰ মাইল দূৰলৈ গুচি যোৱা এইবিধ চৰাই প্ৰতিটো বছৰৰ এটি নিৰ্দিষ্ট দিনত পুনৰ একে ঠাইলৈ ঘূৰি আহে। এটা দিনো বেছি অথবা কম নহয়।’ অমৃতহঁতে কথাবোৰ শুনি উল্লাসিত হৈ পৰিল।

 — ‘পিছে এনেদৰে অহা-যোৱা কৰোতে মাজে সময়ে চৰাইবোৰ বিপদতো নপৰা নহয়। ১৯০৪ চনৰ ১৩ মাৰ্চৰ দিনা আমেৰিকাত হোৱা ঘূৰ্ণি বতাহৰ ফলত উত্তৰ মেৰুৰ পিনে গৈ থকা ‘স্নবান্টিং’ নামৰ প্ৰায় চাৰি লাখ চৰাই মৃত্যু মুখত পৰিছিল।’ খুড়াৰ কথা শুনি সিহঁতে ইস্‌ ইস্ আস্ আস্ কৰিবলৈ ধৰিলে, যেন শ শ চৰাইৰ কোমল দেহবোৰ সিহঁতৰ চকুৰ আগত সিচঁৰিত হৈ পৰিহে আছে।

 জুইৰ কাষৰ পৰা উঠি আহি খুড়াই মুকলি আকাশ খনলৈ চাই এঙামুৰি এটা দিলে। এতিয়া আৰু আকাশত ডাৱৰ নাই। জানুৱাৰী মাহৰ নিশাৰ আকাশত দ্বাদশী জোন। ফট্‌ফটীয়া নীলা আকাশ। পাহাৰত থকা ঘৰটোৰ চোতালৰ পৰা সিহঁতে দেখা পালে পাতল কুঁৱলিৰ মাজেৰে অহা জোনৰ পোহৰত নিশ্চুপ হৈ শুই থকা এখন নিৰ্জন পৃথিৱী। মাজে মাজে এচাতি শীতল বতাহে যেন আলফুলে হাত বুলাইহে যায়। অৰণ্যৰ [ ১১ ] এই অপৰূপ দৃশ্য দেখি সিহঁত বিমোহিত হ’ল।

 — ‘বলাহঁক খোৱা বোৱাৰ চিন্তা কৰো।’ খুড়াই ক’লে।

 ভাত, দাইল, আলুসিদ্ধ, পোৰা মাছেৰে আটাইকেইজনে জুতি লগাই ভাতৰ সোৱাদ ল’লে।

 অভিলাষহঁতক বিচনাখনত কাপোৰ পাৰি শোৱাৰ দিহা কৰি খুড়াই মজিয়াত বাহিৰত গোটাই থোৱা খেৰ এসোপা আনি তাত ডাঠ বেদকভাৰ পাৰি শুই পৰিল। গাত ল’বলৈ কম্বল, বিচনা চাদৰবোৰ সকলোৱে ব্যৱহাৰ কৰিলে।

 শেষ নিশা। বাহিৰত শব্দ শুনি খুড়া ওলাই আহিল। ভালেমান মানুহ। কুকুৰ লৈ পুলিচো। তেওঁলোকে অভিলাষহঁতক বিচাৰি আহিছে।

 খুড়াই সকলো কথা জনালে। খুড়াক ৰক্ষাকাৰী স্বয়ং ভগৱান বুলি বিচাৰি অহা দেউতাকহঁতে ধন্যবাদ দিলে।

 খুড়াই অভিলাষহঁতক জগাই দিলেহি। চকুমোহাৰি আটাইকেইটা উঠি আহিল। সিহঁতক দেখি দেউতাকহঁতৰ চকুপানী ওলাই আহিল।

 অভিলাষহঁত যাবলৈ ওলাল। খুড়াক এৰি যাবলৈ সিহঁতৰ বৰ দুখ লাগিল। দেউতাকহঁতৰ ওচৰত নিজৰ পৰিচয় দিয়াতহে সিহঁতে গম পালে খুড়া কেলিফৰ্ণিয়া বিশ্ববিদ্যালয়ৰ এজন অধ্যাপক। এবছৰৰ বাবে মাতৃভূমি অসমলৈ চৰাই ওপৰত গৱেষণা কৰিবলৈ আহিছে।

 ক্ৰমে পোহৰ হৈ আহিছিল।

 সিহঁতে দেখিলে পাহাৰটোৰ তলতে কিছু দূৰৈত এখন গাওঁ। তলত ৰৈ থকা গাড়ীত সিহঁত আহি উঠিলহি।

 পুৱাৰ আকাশ ৰাঙলী হৈ উঠিছিল। খুড়াকৰ লগত কটোৱা অৰণ্যৰ এনিশাৰ মধুৰ স্মৃতিয়ে সিহঁতৰ মনবোৰতো ৰাঙলী বোল সানি দিলে।

• • • • •

[ ১২ ]

অনুভৱ

 ভৰিৰ শব্দ শুনি খিৰিকীৰে বাহিৰলৈ চাই থকা পোণাকনে টপ্‌ৰকৰে লেপৰ তলত মুখখন সুমুৱাই থলে।

 কোঠালীলৈ সোমাই অহা বায়েক ৰিমাই শুই থকা পোনাকণৰ গাত হেঁচুকি ক’লে— [ ১৩ ]

 ‘এই, উঠিলিনে? মই মাক মাতি দিম ৰ’। পোনাকণক উঠিবলৈ কৈ তাই পঢ়াৰ টেবুললৈ গ’ল। অযথা সময় নষ্ট কৰাটো তাই সমূলি ভাল নেপায়।

 পোনকণে কেতিয়াবাই সাৰ পাইছিল! পিছে উঠি আহিবলৈহে সাহস হোৱা নাই। কাৰণ, যোৱাকালি সিহঁতৰ পৰীক্ষাৰ নম্বৰবোৰ দিছে। সি কোনোমতেহে ওপৰ শ্ৰেণীলৈ প্ৰমোছন পাইছে। ৰিমাই ভাল নম্বৰলৈ ‘ক্লাছ’ চেভেন’লৈ দ্বিতীয় হৈ প্ৰমোছন পাইছে। মাকলৈ তাৰ সিমান ভয় নাই। ডাবি ধম্‌কি এটা দিলেও সি ঠেহ পাতিলেই মৰম কৰি খুৱাই-বুৱাই তাক শান্ত কৰিবলৈহে চেষ্টা কৰে।

 ভয় হৈছে দেউতাকলৈ। যোৱা নিশা দেউতাক পলমকৈ অহাত সি সাৰি গ’ল। কিন্তু আজি? পোনাকণে ভাবিলে, দেউতাকে ছাগে বাৰাণ্ডাত বহি বাতৰি কাকত পঢ়ি আছে, আৰু সি উঠিলে নে নাই খবৰ লৈ আছে। ইতিমধ্যে ৰিমাই ছাগৈ পৰীক্ষাৰ নম্বৰৰ কথা দেউতাক ক’লেই।

 দেউতাকৰ খঙ উঠিলে ৰঙচুৱা মাৰ্বল গুটিতোৰ দৰে হোৱা চকুহাল, শুদ্ধচিনটোৰ দৰে কোঁচ খোৱা চেলাউৰি যোৰ ত্ৰিশূলডালৰ গঠন লোৱা ৰেখাৰে কোঁচখোৱা কপালখন আৰু ঠিক বৰশীৰ পুঙাটোৱে চুপিয়াই থকাৰ দৰে লগা নাকৰ তলৰ গোঁফযোৰ দেখিলেই তাৰ বুকুৰ পৰা কলিজাটো লৰমৰা যেন লাগে।

 বাহিৰত কাৰোবা চিঞৰ-বাখৰ শুনি পোনাকণে খিৰিকীৰে ভুমুকিয়াই চালে। তাৰ জীৱ উৰি গ’ল। সেউতী বাই, হাতত ক’লা বগা পখৰা হাঁহজনী! এই হাঁহজনীকে যোৱাকালি সুবচন আৰু সি খেদি খেদি ৰঙ চাইছিল। আগে-আগে হাঁহজনী প্ৰাণটাকি দৌৰিছিল। পিছে, পিছে সিহঁত দুটাই দলিয়াই গৈছিল। কোনোমতেহে তাই পুখুৰীত পৰি ৰক্ষাপৰিছিল।

 ‘চাওঁকছোন ককাইদেউ, আপোনাৰ ল’ৰাই মোৰ হাঁহজনীৰ ঠেং ভাঙি কি দশা কৰিলে।’ ঠহৰ্ কৈ কথা কিটা পোনাকণৰ কাণত পৰিলহি। এইবাৰ তাৰ ৰক্ষা নাই। আজি তাৰ দিনটোৱে বেয়া। পিছে ঠেংটো সি নহয় সুবচনেহে ভাঙিছিল। সি তাৰ কথা ক’ব নেলাগিছিল।

[ ১৪ ]

 হাতত সাৰে ভৰিত সাৰে পোনাকণ বিচনাৰ পৰা নামি পিছফালে পালেহি। সি মনে মনে পিছফালৰ বাৰাণ্ডাৰ চুক এটাত বহি থাকিল।

 বনকৰা ল’ৰা দধিৰামে দেউতাকে মাতিছে বুলি পোনাকণক লৈ গ’লহি।

 — ‘হাঁহটোৰ ঠেং তুমি ভাঙিছা?’ চোতালত পৰি থকা হাঁহজনীক দেখুৱাই দেউতাকে সুধিলে।

 পোনাকণে আঁৰ চকুৰে হাঁহজনীলৈ চাই পঠিয়ালে। জীৱটো কোনোমতেহে হাঁহজনীৰ দেহত লাগি আছে। মুখখন মেলি অদ্ভুদ ধৰণেৰে উশাহ লৈছে। “নোকোৱা কিয়? দেউতাকৰ সঁচাকৈয়ে খঙ উঠিল,

 — ‘নাই ভঙা।’ সি সেপ ঢুকিলে।

 —‘ক’লেই হ’বনে? ৰজতে কৈছে নহয়, সুবচনৰ লগত তুমি হাঁহজনী খেদি ফুৰিছিলা। মই সুবচনক গৈ সোধোতে তুমি ঠেংটো ভাঙিছা বুলি কৈছে।’ সেউতী বায়ে ৰিহাৰ আঁচলেৰে চকুপানী মুচিলে। কাৰণ ঘৰখনৰ নিমখ তেলৰ খৰচকণ হাঁহজনীৰ পৰাই পাই আছিল।

 ‘অমাত জীৱ-জন্তুৰ ওপৰত এনে অত্যাচাৰ কৰিব পায়নে?’ হাততে পোৱা এছাৰি এডালেৰে দেউতাকে পোনাকণক এচাট লগাই দিলে।

 — ‘এহ্ কি কৰে পেন্দুকনা ল’ৰাটোক’— সেউতী বায়ে পোনাকণক সাৱটি ধৰিলে। গায়ে-মূৰে হাতফুৰাই তাক ভিতৰলৈ পঠিয়াই দিলে।

 দেউতাকে ৰিমাক মাতি মাকৰ পৰা হাঁহজনীৰ দামটো আনি দিবলৈ ক’লে।

 সেউতীবায়ে ক’লে - ‘মই দাম বিচাৰি অহা নাই নহয়, আগলৈ যাতে এনে নকৰে তাকে ক’বলৈহে আহিছিলো বোপা।’ হাঁহজনীলৈ সেউতীবাই গুচি গ’ল।

 দেওবাৰ দিনটোত পুৱাতে অথন্তৰখন হোৱাত পোনাকণৰ ভাল নেলাগিল। ৰজতক এপালি দিয়াৰ কথা সি মনতে ভাবি থলে। ৰজতক পোনাকণহঁতে সমুলি ভাল নেপায় কাৰণ সি শ্ৰেণীত প্ৰথম হোৱা কাৰণে সকলো শিক্ষক-শিক্ষয়িত্ৰীয়ে তাক বেছি মৰম কৰে। আনকি জ্বৰ হ'লে [ ১৫ ] শ্ৰেণীৰ শিক্ষকে ঘৰলৈ আহি দৰৱ পাতি দি খবৰ লৈ যায়হি। পোনাকণে ভাবিলে আচলতে ৰজত এটা মূৰ্খ। কিয়নো তাক গালি-শপনি পাৰিবলৈ মাকজনীৰ বাহিৰে কেঁৱে নাই, অথচ সি মিছাতে দিনে-নিশাই পঢ়ি মৰে।

 ৰাতিপুৱা চাহ-জলপান খোৱাৰ পিছত দেউতাকে পোনাকণ আৰু ৰিমাক পৰীক্ষাৰ নম্বৰবোৰ চালে। ৰিমাৰ নম্বৰ দেখি তেওঁ বৰ সন্তোষ পালে কিন্তু পোনাকণৰ নম্বৰ দেখি মনত বৰ বেজাৰ পালে। ৰিমাই ক’লে ‘এইবোৰ চব সুবচনৰ দৰে দুষ্ট সঙ্গৰ কাৰণে হৈছে। সুবচন এটা বেয়া ল’ৰা। পঢ়াত মন নাই দিনৰ দিনটো খেলা আৰু হাই-কাজিয়া কৰা।’ দেউতাকে পোনাকণৰ কু-অভ্যাসবোৰ দেখি-শুনি মনত বৰ আঘাট পালে। তেওঁ ত’লে ‘তুমি এটা ভাল ল’ৰা হ’বলৈহে চেষ্টা কৰিব লাগে। মিছামতা, অবাবত সময় নষ্ট কৰা, জীৱ-জন্তুৰ প্ৰতি আদৰ নথকা এইবোৰে এজন ভাল মানুহ হোৱাত বাধা দিয়ে। এটা এটা চেকেণ্ড মুকুতাৰ দৰে অমূল্য। তুমি সময়ৰ মূল্য বুজা উচিত৷ এতিয়াই সময়মতে ভালকৈ পঢ়া- শুনা কৰি ল’ব নোৱাৰিলে কেতিয়াও ভাল মানুহ হ’ব নোৱাৰিবা। মনত ৰাখিবা, দগাবাজলোকক সকলোৱে ঘিণ কৰে।’

 দেউতাক বজাৰলৈ ওলাই যোৱাৰ সুযোগতে পোনাকণে গৈ ৰজতৰ ঘৰ পালেগৈ। দেউতাকৰ ওচৰত আজি তাৰ যি দুৰ্গতি হ’ল বাবে সি ৰজতকে দায়ী বুলি ভাবিলে। পোনাকণ ভিতৰলৈ সোমাব খুজি শ‍ইকীয়া চাৰৰ মাত শুনি ৰৈ গ’ল।

 —‘ভাল কিতাপ যিমানে পঢ়িবা সিমানে জ্ঞান বাঢ়িব। পিছে, মন কৰিবা, যাতে শ্ৰেণীৰ পঢ়া ক্ষতি নহয়।’

 শ‍ইকীয়া চাৰ ওলাই আহিল। পোনাকণ দুৱাৰচুকত লুকাই পৰিল। শ‍ইকীয়া চাৰক পদুলিলৈ আগবঢ়াই ৰজত উভটি আহিল। তাৰ হাতত কেইবাখনো কিতাপ।

 —পোনাকণক বাৰাণ্ডাত দেখি ৰজত আচৰিত হ’ল। — ‘এইবোৰ কি কিতাপ?’ পোনাকণে লাহেকৈ সুধিলে। ‘আকাশৰ বিষয়ে, চৰাই- চিৰিকতিৰ বিষয়ে’

 — ‘শইকীয়া চাৰে দিছে?’ ৰজতে ক’লে, পোনাকণে সুধিলে।

 —‘ওঁ। চাৰৰ ঘৰত এটা পুথিভঁৰাল আছে। মই চাৰৰ ঘৰলৈ যাম [ ১৬ ] বুলি কৈছিলো — পিছে বজাৰলৈ আহোতে চাৰে লৈয়ে আহিল।’

 — ‘তই কিতাপ পঢ়ি ভাল পাৱ কাৰণে চাৰে তোক ভাল পায়।’ তলমূৰকৈ পোনাকণে ক’লে।

 ‘মই কিতাপ পঢ়ি খুব ভাল পাওঁ, ইমান নজনা কথা জানিব পাৰি।

 — ‘মোকো এখন দিবিনে?’ পোনাকণে সুধিলে।

 — ‘পঢ়িবি?’ আগ্ৰহেৰে ৰজতে ক’লে।

 পোনাকণে মূৰ দপিয়ালে। ৰজতে চৰাই বিষয়ৰ কিতাপ এখন পোনাকণৰ হাতত দিলে আৰু ক’লে— ‘মন কৰিবা যাতে শ্ৰেণীৰ পঢ়া ক্ষতি নহয়৷’ দুয়োটাই হাঁহি উঠিল।

 পোনাকণৰ ৰজতৰ প্ৰতি থকা খঙটো নিমিষতে নাইকিয়া হৈ পৰিল৷ তাৰ মনতো ফৰকাল হৈ পৰিল। হাতত কিতাপখন লৈ সি ঘৰৰ পিনে খোজ দিলে। বাটতে সুবচনে তাক আগভেটি ধৰিলে। ‘মৰ কেলেচটোৰ ঘৰলৈ যাবলৈ তোক কিহে পাইছে?’

 পোনাকণে তালৈ পোন্দোৱাকৈ চাই পঠিয়ালে। সুবচনেই সেউতীবাইক তাৰ কথা লগাইছিল। সুবচনক তাৰ এটা দগাবাজ যেন লাগিল। তাক ঠেলা মাৰি সি ঘৰলৈ বুলি দৌৰ দিলে। সুবচনে তালৈ ভেবা লাগি চাই থাকিল।

• • • • •

[ ১৭ ]

পাহি

 পাহি এজনী সৰু ছোৱালী। মৰম লগা। কথকী। দৌৰি ঢাপলি ফুৰে — ঠিক বতাহৰ নিচিনাকৈ। সেয়ে পিতাকে মৰমতে মাতে বতাহী বুলি, পিতাকৰ বহিৰে পাহিৰ আৰু কোনো নাই।

 পিছে, ঘৰুৱা কাম-বন কৰি পাহিয়ে অকনো ভাল নপায়। তাইৰ যে ক’ত কাম! পুৱা পিতাকে শোৱাৰ পাটিৰ পৰা জগাই দিয়াৰ পিছত তাই চকু মোহৰি কলমটিায়াই উঠি আহে। দুৱাৰ দলিত এপৰ মান বহি [ ১৮ ] থাকে। তাতে তাই নিজৰ কামবোৰ মনত পেলাই লয়। তাইৰ কাম নো কি? — বাৰান্দাৰ এচুকত ধেমালি কৰিবলৈ ঠিক কৰি লোৱা ঠাই দোখৰ তাইৰ কন্যাজনীৰ ঘৰ হিচাবে চাক্‌-চিকুণ কৰা, - ফটাকানিৰে সজা কন্যাজনীক গা-পা ধুউৱা, তামোলৰ ঢকুৱাখনৰ পৰা বৰ যতনেৰে উলিউৱা পাটৰ কাপোৰ যেন নিমজ বাকলিৰে কন্যাক সাজযোৰ পিন্ধোৱা। নাৰিকলৰ কোৰোঙাত ভাত আঞ্জা সোপা ৰন্ধা আছেই! বাৰান্দাৰ খুটা কেইটাৰ লগত আলহী আলহী খেলা; — তাৰ পিছত লগৰীয়াৰ লগত লুকা-ভাকু খেলা, এইবোৰ তাই নিতৌ থকা কাম।

 পাহিৰ পিতাক খৰিকটিয়া। হাবিৰ খৰি বিচাৰি আনি সেইয়া বেচি পোৱা টকাৰে দিনবোৰ কটায়। পুৱাতে পিতাকে ওলাই যায়; গধুলিহে ঘৰ সোমাইহি। পিতাক যিদিনা ঘৰতে থাকে পাহিয়ে বৰ আমনি পায়। পিতাকৰ লাগনি-পাচনি লাগিব লাগে, — পাহি পানী এলোটা আন, পাহি চোতালখন সাৰি পেলা, আইজনী, কাপোৰবোৰ ৰ'দৰ পৰা আন, পাৰ কেইটাক খুদকণ দিলিনে, ক’ত যে লেঠা!

 এদিন পিতাকে পহিক ক’লে ‘আইজনী মই কিছুদিনৰ কাৰণে ঘৰৰ বাহিৰত কটাম। জাৰৰ দিন পালেহিয়ে। জাৰৰ দিন বৰ চুটি। কাম- কাজৰ অসুবিধা। সেইবাবে এতিয়াই নৈৰ সিপাৰৰ গাঁওখনত দুদিনমান থাকি তাৰ ওচৰৰ হাবিডৰাৰ পৰা সৰহকৈ খৰি কাটি তাকে বেচি দুপইচামান গোটাই আনোগৈ। তয়ো ৰং-ধেমালিকে কৰি নেথাকিবি। গোটাই থোৱা পুৰণা কাপোৰ খিনি জাপি দি উৱঁলি যোৱাকঠাখন ন-কৈ সিঁ থবি। মই কাপোৰবোৰ কাঠৰ বাকচটোৰ পৰা উলিয়াই থৈছো। এইবাৰ জাৰৰ দিন কেইটা তাৰে চলিব লাগিব।’ — এইবুলি টালি-টোপোলা বান্ধি পিতাকে গুচি গ’ল।

 এইদৰে মাজে মাজে পিতাক দূৰলৈ গৈ খৰি বেপাৰ কৰে। সেইদিন কেইটা নিশা পাহি ওচৰৰ মানুহ এঘৰত থাকেগৈ।

 পিতাক যোৱাত পাহিয়ে বৰ ভাল পালে। মনতে ভাবিলে এই কেইদিন তাইৰ বৰ মজা হ’ব। ‘ইটো কৰ, সিটো কৰ’ বুলিবলৈ পিতাক নাই। তাইৰ মনটো ফৰকাল লাগিল।

[ ১৯ ]

 মনৰ ৰঙতে পাহি চোতাললৈ ওলাই আহিল। ফুলে ফুলে উৰি ফুৰা পখিলাবোৰ ধৰিবলৈ খেদি ফুৰিলে। ফুলৰ ৰেণুবোৰ খোৱাত বাধা পাই পখিলাবোৰৰ বৰ খং উঠিল আৰু বহু দূৰলৈ উৰি গুচি গ’ল।

 এইবাৰ পাহি চোতালত খুদ খাই থকা পাৰ দুটাৰ ওচৰলৈ গ’ল। তাইৰ সিহঁতৰ লগতে খেলিবলৈ মন গ’ল। পিছে তাইৰ লগত খেলা দূৰৰ কথা সিহঁতে কূটা কঢ়িউৱাত ইমান লৰালৰি কৰি থাকিল যে, পাহিলৈ কেৰাহিকেও নেচালে। পাহিয়ে বুজিলে সিহঁতে বাঁহ সাজিবলৈ খৰধৰ কৰিছে। পাৰজনীয়ে কণী পাৰি উমনিত বহিব লাগে। সিহঁতক ডাঙৰ নকৰালৈকে সিহঁতৰ আহৰি নাই।

 এনেতে পাহিয়ে দেখিলে, গুণ গুণাই মৌমাখি এটা উৰি আহিছে। তাই সেইফালে দৌৰি গ’ল। ক’লে — ‘মৌমাখি, মৌমাখি মৌ কিমান পালা?’ তাই মৌমাখিটোৰ পিছে পিছে দৌৰি ফুৰিলে। মৌমাখিটোৰ খঙ উঠিল। সি গোৰ্‌গোৰাই উঠিল। সি যেন ক’লে ‘আমনি নকৰিবাছোন। বহুত মৌ গোটাবলৈ আছে। খাবও লগিব নিবও লাগিব।’

 পাহিয়ে পিতাকৰ পৰা জানিছে মৌমাখিবোৰ বৰ কামিলা। সিহঁতে মৌ গোটাব লাগে। মৌচাক সজিব লাগে। তথাপি তাইৰ মৌমাখিৰ লগত খেলিবলৈ মন গ’ল। তাই মৌমাখিটোৰ পিছে পিছে খেদি ফুৰিলে।

 মৌমাখিটোৰ বাৰুকৈয়ে খঙ উঠিল। সি বহু দূৰলৈ গুচি গ’ল। পাহিৰ বৰ খঙ উঠিল। তাই ক’লে - ‘ইমান কাম নে? মোৰ সতে অকণমানো খেলিব নোৱাৰানে?’ চোতলতে পাহি দৌৰি ফুৰিলে। তাৰ পিছত তাই লগৰীয়াৰ লগত খেলিবলৈ গুচি গ’ল।

 এদিন দুদিনকৈ দিনবোৰ পাৰ হ’ল। পাহিৰ হ’লে কঠাখন চিলোৱা নহ’ল। ৰঙ-ধেমালি কৰি দিনবোৰ পাৰ কৰিলে। কঠাখনৰ কথা তাই একেবাৰেই পাহৰি থাকিল।

 পাহিৰ পিতাক উভটি আহিল। পিতাকক দেখিয়ে পাহিৰ কঠাখনৰ কথা মনত পৰিল। তাই লৰালৰিকৈ কাপোৰবোৰ আনিবলৈ গ’ল। পিছে, তাই দেখিলেহি কাপোৰ সোপা নিগনিয়ে তেনেই কুটি পেলাইছে। তাই [ ২০ ] বৰ ভয় খালে। ভয়তে তাই একো নকৈ মনে মনে থাকিল।

 লাহে লাহে জাৰ পৰিবলৈ ধৰিলে। পিতাক আৰু পাহিয়ে কম্বল দুখন উলিয়াই ল’লে। কিছুদিন যোৱাৰ পিছত জাৰটো বৰকৈ পৰিবলৈ ধৰিলে। পিতাকে পাহিক ক’লে – ‘আইজনী, কম্বলে আৰু জাৰ মাৰিব নোৱাৰা হৈছে। তই ন-কৈ চিলোৱা কঠাখন লৈ আহ।’ পাহিয়ে একো নেমাতিলে। পিতাকে খঙ কৰিব বুলি ভয়তে চকুৰ পানী ওলাল। পিতাকে বাৰে বাৰে কঠাখন আনিবলৈ কোৱাত তাই ভয়ে ভয়ে সকলো কৈ পেলালে। তাকে শুনি পিতাকে মূৰে কপালে হাত দিলে।

 সেইবাৰ জাৰত পহিহঁতে বৰ কষ্ট পালে। জাৰতে সহিব নোৱাৰি পাহি জ্বৰতো ভুগিলে। পিতাকে পাহিক ক’লে – ‘এতিয়া গম পাইছনে, সময়ৰ কাম সময়ত নকৰিলে কিমান কষ্ট পাবলগীয়াহয়। কাম কৰা সময়ত ৰং-ধেমালি কৰি কটালি, ৰঙ-ধেমালিৰ কাৰণে এতিয়া দুখ পাবলগীয়া হ’ল। প্ৰথমে কৰিব লগীয়া কাম শেষ কৰিব লাগে। তাৰ পিছত হে খেলা– ধূলা বা আৰাম কৰা। কথাতে কয় নহয়,

“আগে কাম
পিছে সুখ
তকে নকৰিলে
পায় দুখ।”

 পাহিয়ে নিজৰ ভুল বুজিব পাৰিলে। তাইৰ পখিলা, পাৰ আৰু মৌমাখিলৈ মনত পৰিল। অবাবত সময় খৰচ নকৰি সিহঁতে নিজৰ নিজৰ কামবোৰ কৰিছিল। পিতাকেও মেহনত কৰি খৰি কাটি যোগাৰ কৰি থোৱা বাবে আৰু বেচি টকা-পইচা গোটাই থোৱা বাবে এতিয়া দুখ কষ্ট নোপোৱাকৈ জাৰৰ দিন কেইটা থাকিব পাৰিছে।

 তাই ঠিক কৰিলে এতিয়াৰ পৰা সদায় প্ৰথমে নিজৰ কামবোৰ কৰাতহে মন দিব। সদায় পিতাকৰ কথা শুনিব। তাই ভাবিলে মোতকৈ মৌমাখি, পাৰ, পখিলা কিমান গিয়ানী!

• • • •

[ ২১ ]

ভয়

 স্কুলৰ পৰা আহি বাৰান্দাত ভৰি থোৱা সোণকণ আনন্দত চিঞৰি উঠিল – ‘এইটো কি?’

 ককাকে ক’লে — ‘দেখা নাইনে, এইজনী হাঁহ।’

 সোণকণ পলটোৱে ঢাকি থোৱা হাঁহজনীৰ ওচৰ পালেগৈ। আঠুকাঢ়ি পলটোত ফাঁকেৰে জুমি চাই ক’লে - ‘ইমান ধুনীয়া। কোনে আনিলে?’

 ককাকে ক’লে – ‘দেউতাৰে৷’

 হাঁহজনী সচাকৈয়ে ধুনীয়া। শেলুৱৈ আৰু বগা ৰঙৰ হাঁহজনীৰ পাখিবোৰ চিক্‌চিকাই থকা।

 মাকে সোণকণক হাতত ধৰি লৈ গ’ল। ক’লে ‘স্কুলৰ পৰা আহি সোণকালে হাত মুখ ধুই পেলাব লাগে।’

 হাঁহজনী দুটা দিন সোণকণহঁতৰ ঘৰত থাকিল। বনকৰা ল’ৰা ৰমাকান্তই প্ৰথমদিনা ধান এগলৈ খুৱাই খেদি নি বাটৰ কাষৰ পুখুৰীটোত এৰি দি আহিল। ককাকে আবেলি খেদি আনি আকৌ পলটোৰে ঢাকি থলেহি। পিছদিনা হাঁহজনীয়ে খাই বৈ নিজে পুখুৰীটোলৈ ঢাপলি মেলিলে। আবেলি নিজে ঘৰলৈ আহিল। সোণকণ স্কুললৈ যাব লগা হোৱা কাৰণে তাইৰ লগত খেলিবই পৰা নাই।

 সেইদিনা দেওবাৰ। সোণকণে ভাবিলে আজি সি হেঁপাহ পলুৱাই হাঁহজনীৰ লগত খেলিব। সি হাঁহজনীৰ ওচৰ চপা দেখি মাকে ক’লে ‘সোণকণ, হাঁহজনী পলটোৰ পৰা এৰি নিদিবা।’

[ ২২ ]

 সি ক’লে — ‘মই হাঁহজনীৰ লগত খেলি পুখুৰীত এৰি দিথৈ আহিম মা।’

 মাকে ক’লে— ‘নালাগে। আজি হাঁহজনী মাৰিব নহয়।’

 — ‘মাৰিব? কিয়?’ সোণকণ আচৰিত হ’ল।

 — ‘আজি পেহীদেউৰাহঁত আহিব। দেউতাৰে বজাৰৰ পৰাআহি কাটি বাচি দিবহি। তুমিও সোনকালে দাদাৰ সতে গা পা ধুই আজৰি হৈ লোৱা।’ কৈ কৈ মাক কামত লাগিল।

 বহুদিনৰ মূৰত সোণকণৰ পেহীয়েকহঁত ল’ৰা-ছোৱালী কেইটাৰ সতে আহিব। ঘৰত এটা উলহ-মালহ।

 পিছে সোণকণ নাচোৰবান্দা। কিয় মাৰিব হাঁহজনী? সি হাঁহজনী পুহিব। আজৰি পৰত খেলিব। ইতিমধ্যে হাঁহজনীয়ে তাক চিনি পাইছেই। তাৰ মাত শুনিলেই তাই পেক্‌ পেক্‌কৈ কিবা এটা কয়। দুদিনতে ঘৰখনৰ চিন ৰাখিছে। নিজে নিজে পুখুৰীৰপৰা উঠি ঘৰ পায়হি। দেউতাকক সি মাৰিবলৈ নিদিয়ে। সোণকণে থেন্‌থেনাবলৈ ধৰিলে। তাকে দেখি ষষ্ট [ ২৩ ] শ্ৰেণীত পঢ়া ককায়েক ময়ুৰে তাক আঁতৰলৈ নি ক’লে — ‘তই চিন্তা নকৰিবি দে, দেউতাই হাঁহজনী নেমাৰে।’

 দেউতাক বজাৰৰ পৰা আহিল। বিবিধ শাক-পাচলি লগতে ডাঙৰ মাছ আৰু সৰু মাছো আনিছে। বজাৰৰ টোপোলাটো মাকৰ হাতত দি কাপোৰ কানি সলায় বাৰান্দাৰ চকীখনতে বহিল। তেওঁ সোণকণৰ মাকক ক’লে— ‘পানী এগিলাচ দিয়াছোন। হাঁহজনীক কাটি-বাচি দি আজৰি হৈ লওঁ।’

 মাকে পানী গিলাচ লৈ আহিছিলহে। তেনেতে ক’ৰবাৰ পৰা অহা ময়ূৰে চোতালৰ পৰাই চিঞৰ বাখৰ লগালে ‘দেউতা, সাপ সাপ। চকঁৰী ফেটী। চকীৰ তলতে।’

 একেজাপে চকীত ভৰিতুলি দেউতাক থিয় হ’ল। তেওঁ চিঞৰিবলৈ ধৰিলে — ‘হেই কোন আছ, বেগাই আহ, ৰমাকান্ত।’

 ৰমাকান্ত উধাতু খাই ল'ৰি আহিল। দেউতাকে চকীৰ পৰাটেবুলত উঠি ডেডাউৰিবলৈ ধৰিলে – ‘হেই, হেই– ’

 ইতিমধ্যে মাকে পিছফালৰ পৰা লাঠি এডাল আনি ৰমাকান্তলৈ দূৰৈৰ পৰা দলিয়াই দিলে। —‘সৌটো সৌটো’ — বুলি বহলকৈ চকুযোৰ মেলি ময়ূৰে চোতালৰ পৰাই চিঞৰি থাকিল।

 হুলস্থুল শুনি ককাকো আহি ওলালহি। ভয়তে থক্ থক্‌কৈ কঁপা দেউতাকৰ দশা চাব নোৱাৰা হ'ল।

 ক্ষন্তেক পিছতে ময়ূৰ তভক্‌ মাৰি ৰ’ল। সি কলে — ‘সাপ-চাপ নাই। মই মিছাকৈয়ে চিঞৰিছিলো।’

 —‘কি?? — সকলোৱে তালৈ চালে। দেউতাক খঙত অগ্নি শৰ্মা হ’ল — ‘তোৰ এই অতপালি— ’ চৰ এটা সোধাবলৈ হাত দাঙি আহিল।

 —‘সাপলৈ ইমান ভয়নে?’ — ময়ূৰে ক’লে। [ ২৪ ]  — ‘মূৰ্খ, সাপে খুটিলে কি হয় নেজান?’ দেউতাকৰ খঙ দুগুণে চৰিল।

 — ‘কিয় দেউতা? সাপটোৰ নাম শুনিয়ে ভয় খালানে? কাৰণ সাপে খুটিলে তুমি নাবাচা বুলি ভাবিছিলা। তেনেহ’লে হাঁহজনীৰ কথা ভাবাছোন। যেতিয়া তাই গম পাব তুমি তাইক মাৰিবলৈ ওলাইছা, তাইৰ অৱস্থাটো কি হ’ব?’

  দেউতাকৰ দঙা হাত দঙাতে থাকিল। ময়ূৰ আঁতৰি গুচি গ’ল। ময়ূৰৰ কথাখিনি তেওঁ ভালকৈ উপলব্ধি কৰিলে। কণমাণি ল’ৰাটোৰপৰা এনে শিক্ষা পাই একো মাতিব নোৱাৰিলে। ময়ূৰৰ ককাক তেওঁৰ ওচৰ চাপি আহিল। কাণৰ কাষত লাহেকৈ কলে - ‘বোপাই মূৰ্খ কোন, ধৰিব পাৰিলি নে?’

  সোণকণৰ পেহীয়েকহঁত আহিল। মছৰ টেঙা জোল, জ্বলাজোল, সৰু মাছৰ পাতত দিয়াৰ উপৰিও আলু, কবি বিবিধ শাক-পাচলি লগতে কিনাশুকান পাচলিৰ সুস্বাদু ভোজনেৰে সকলোৱে জুতি লগাই খালে। সোণকণে তাৰ সমনীয়া পেহীয়েকৰ ল’ৰা-ছোৱালীহালৰ সতে গোটেই বেলাটো হাঁহজনীৰ লগত খেলিলে।

  পিছদিনা সোণকণহঁতে দেখিলে দেউতাকে আৰু এটা হাঁহ কিনি আনিছে। ৰমাকান্তক দেউতাকে ভালকৈ গৰাল এটা সাজিবলৈও কোৱা সিহঁতে শুনা পালে।

• • • •

[ ২৫ ]

সখী


 চহৰৰ পৰা নিলগত থকা বকুলপুৰ এখন সৰু গাঁও। বেথাৰাম সেইগাঁৱৰে এজন দুখীয়া খেতিয়ক। তেওঁৰ এজনী অকণমানি ধুনীয়া ছোৱালী আছে; নাম তৰালী। তৰাটিৰ দৰেই ৰূপহী। দেখাত যেনে কামতো তেনে। বৰ কামিলা।

 তৰালীৰ সৰুতেই মাক ঢুকাল। আইতাকে আৰু পিতাকৰ চেনেহঁতে ডাঙৰ-দীঘল হ’বলৈ ধৰিলে। আইতাকে সূটাকটা, চিলাই কৰা, ঘৰুৱা কাম আদি শিকাই পটু কৰি তুলিলে।

 বয়স হোৱাত এদিন আইতাকজনীও পৃথিৱী এৰি গুচি গ’ল। [ ২৬ ] তৰালী বৰ অকলশৰীয়া হৈ পৰিল। পিছে সৎ ছোৱালী তৰালীক ওচৰ- চুবুৰীয়াই বিপদে-আপদে সহায় কৰি দিয়েহি।

 তৰালীহঁতৰ ঘৰৰ কাষতে মালাহঁতৰ ঘৰ। মালাহঁত ধনী মুহ। দেউতাক জমিদাৰ। মালাৰো মাক নাই। পিছে, চাকৰ-নাকৰে ঘৰখন ভৰি থাকে। মালাই কূটা এগছকে কৰিব নেলাগে। দিনৰ দিনটো তাই খেল- ধেমালি কৰিয়ে সময়বোৰ পাৰ কৰে। তাই তৰালীৰ লগ কেতিয়াও নলৈছিল। দুখীয়া বুলি কাষকে নেচাপিছিল। বৰঞ্চ সুযোগ পালে আমনিহে কৰিছিল।

 মালাহঁতৰ দুমহলীয়া ঘৰ। যেতিয়া তৰালীয়ে বাৰান্দাত বহি সূতাকাটি থাকে, ওখ বাৰান্দাখনৰ পৰা মালাই জিভা উলিয়াই সিঁয়াৰে। তৰালীয়ে একো নকয়। তাইক আইতাকে শিকাইছিল আনে বেয়া কাম কৰিলে, তাকে দেখি কৰিব নেপায়, সজ কামটোহে ল’ব লাগে।’ কেতিয়াবা মালাই তাইৰ গালৈ ইটো সিটো দলিয়াই ৰং চায়। তৰালীয়ে একো নকয়। তাই আঁতৰি গুচি যায়। তাই জানে বৰলোকৰ লগত ভাল কামেৰে ফেৰ মাৰিব লাগে। তৰালী দুখীয়া হ’লেও সদায় ৰঙমনে থাকে। গীত গাই কাম বন কৰি থাকে। তেতিয়া বেয়া কথাই মনত ঠাই পাব নোৱাৰে। এইবোৰ তাই পিতাক আৰু আইতাকৰ পৰা শিকিছে। এইদৰেই দুঘৰত দুয়োজনী ডাঙৰ হ’বলৈ ধৰিলে।

 এবাৰ বকুলপুৰ গাঁৱলৈ ডাঙৰ বিপদ আহিল। প্ৰৱল বানপানীয়ে খেতি পথাৰ তল নিয়ালে। লাহে লাহে মানুহৰ ঘৰলৈও পানী সোমাবলৈ ধৰিলে। তৰালীৰ ঘৰৰ ভিতৰত একাঠু পানী হ’ল। তাকে দেখি মালাই হাত চাপৰি মৰি হাঁহিবলৈ ধৰিলে।

 তৰালীহঁত গাঁৱৰ মানুহবোৰৰ লগত নিৰাপদ ঠাই লৈ গুচি গ’ল। সেই অঞ্চলৰ মানুহে বিপদত পৰা মানুহখিনিত পঢ়া শালিৰ ঘৰ এটাত থকাৰ ব্যৱস্থা কৰি দিলে। খোৱা আহাৰ আৰু কাপোৰ কানিৰো যোগান ধৰিলে।

 পিছে বানপানী বাঢ়ি থাকিল। এদিন বকুলপুৰ গাঁও খনকে ডুবাই পেলালে। কোবাল সোঁতত গৰু-ছাগলী উটি যাবলৈ ধৰিলে। খিৰিকীৰে [ ২৭ ] মালাহঁতৰ ঘৰলৈও পানী, সোমাল আৰু লাহে লাহে তল যাবলৈ ধৰিলে।

 মালাহঁতো আহি তৰালীহঁত থকা পঢ়াশালি ঘৰটো পালেহি। মালাৰ অসুখত পৰি অৱস্থা বেয়া হৈ পৰিল। জ্বৰ আৰু বমিয়ে তাইক নিশকতীয়া কৰি পেলালে। মালাক তেনে অৱস্থাত দেখা পাই তৰালীয়ে আদৰ-সাদৰ কৰি তাইৰ আলপৈচান ধৰিলে। বৰ সাৱধানেৰে যতন লৈ তৰালীয়ে মালাক সোনকালে আৰোগ্য কৰি তুলিলে।

 তৰালীৰ চেনেহে মলাৰ মনটো সলনি কৰি পেলালে। পেটে পেটে তাই বৰ লাজ পালে। তৰালী যে এজনী বৰ ভাল ছোৱালী, আৰু তাইক অশান্তি দিয়া বৰ বেয়া কথা হৈছিল মালাই বুজি পালে। তাইৰ অনুতাপ হ’বলৈ ধৰিলে।

 পানী নুশুকুৱালৈকে মানুহবোৰ কিছুদিন শিবিৰত থাকিবলগীয়া হ’ল। কষ্টৰ মাজতো তৰালীয়ে হাঁহিমুখেৰে পিতাক আৰু মালাৰ যতন ল’লে। নিজৰ থকা ঠাই পৰিস্কাৰ কৰি চকুত লগা কৰি থলে। মনুহবোৰক সহায় কৰিলে। বুঢ়া মানুহবোৰক শুশ্ৰূষা কৰিলে। তাই ক’লে – সুখত ৰঙ মনে থকাৰ দৰে দুখ কষ্টতো ৰঙমনে থাকিলে দুখে আসৈ নেপায়। তৰালীৰ এনে ভাল লগা কথাবোৰে মালাক বৰ সুখী কৰিলে। দুয়োজনী নলেগলে লগা সখী হৈ পৰিল। তৰালীৰ কামআলাইও আগভাগ ল’লে। পানী শুকালত মানুহবোৰ গাঁৱলৈ ঘূৰি আহিল। তেওঁলোকে নিজৰ ঘৰদুৱাৰ মেৰামতি কৰি ল’লে। তৰালীয়েও পিতাকৰ সতে ঘৰদুৱাৰ পৰিস্কাৰ কৰি সকলো আগৰ দৰে কৰি ল’লে। মালা তৰালীৰ খবৰ ল’বলৈ আহিল। দুই এটা কামত সহায় কৰিও দিলে।

 এতিয়া দুয়ো দুয়োৰে লগৰীয়া হৈ থাকিবলৈ ল’লে। দুয়ো ৰঙ— ধেমালি কৰে। ফুৰিবলৈ যায়। তৰালীৰ পৰা মালাই চিলাই কৰা, পুতলা সজা আদি নানা হাতৰ কামবোৰ শিকি ল’লে। তৰালীয়েও মালাৰ পৰা আখৰ লেখা, পঢ়া শিকি পেলালে।

 মালাৰ আগৰ বেয়া অভ্যাসবোৰ আজিকালি নোহোৱা হ’ল।

• • • • •

[ ২৮ ]

সাহসী পল

 পল নামৰ আঠ বছৰীয়া কণমাণি ল’ৰাটো জুৰিৰ পানীত উটি আহি কোনোবাখিনি পলেহি।

 সদায় গা-ধোৱা, ধেমালি কৰা জুৰিটোত যে কেনেকৈ পিছল খাই পৰিল সি ততকে ধৰিব নোৱাৰিলে, বৰষুণত পানীৰে উপচি পৰা জুৰিত

[ ২৯ ] সি তললৈ চোঁ চোৱাই পিছলি আহিল। জুৰিটো আকৌ তললৈ আহি নৈ

এখনৰ নিচিনাকৈ বৈ যোৱা। ভাগ্যে সি ডঙৰ ডাঙৰ শিল এটাত সাৱটি খোপনি পুতি ৰৈ গ’ল।

 সি পাৰলৈ উঠি আহিল। সি একো তত্‌ ধৰিব নোৱাৰি এঢলীয়া গৰাটোৰ ওপৰলৈ উঠি আহিবলৈ ধৰিলে। চাৰিওফালে ঝাৰনি। মানুহ, গাঁওতাৰ একোকে চকুত নপৰিল। সি এজোপা গছত উঠিল আৰু চাৰিওফালে চাবলৈ ধৰিলে। দূৰৈৰ পথাৰ এখনত সি ম’হ দুটামান চৰি থকা দেখা পালে। তাৰ মনত বুদ্ধি এটা সোমাল। সি ভাবিলে ম’হ কেইটা নিবলৈ নিশ্চয় গিৰিহঁত আহিব। সিহঁতক সি তাৰ মিচিং গাঁও লাংছালৈ যোৱা বাটটোৰ কথা সুধি ল’ব। সি তিতা চোলাটো শুকাবলৈ মেলি দিলে।

 চৰি থকা ম’হ কেইটাৰ ওচৰে পাজৰে সি ঘূৰি ফুৰিল। সি মনতে ভাবি থাকিল তাক মাকে মানা কৰা স্বত্বেও সি কিয় বাৰু অকলে অকলে মুৰংঘৰৰ ওচৰত বনৰীয়া শাক বিচাৰিবলৈ আহিছিল? মাকৰ বাহিৰে তাৰ আৰু কোনো নাই। মুৰংঘৰ গাঁওখনৰ মেল বহা ঘৰ। ল’ৰা-ছোৱালীবোৰ তেনেকৈ সেইফালে নেযায়েই। ওচৰতে থকা বৰগছ কেইজোপাত দুপৰীয়া ভূত ওলায় বুলি ভয় কৰে। কথাবোৰ ভাবি থাকোতেই তাৰ চিলমিল কৈ টোপনি আহিল।

 হুটামাত এটাত পল সাৰপাই গ’ল। সি উঠি বহিল। দেখিলে, হাতত মস্ত টাঙোন এডাল লৈ অহা মানুহটোৱে ম’হবোৰ খেদি নিছেহি। মটীয়া ৰঙৰ মুৰত পাগমৰা শকত আৱত চেহেৰাৰ মানুহটো দেখি তাৰ ভয় লাগি গ’ল। সি আঁৰ লৈ মানুহটোৰ পিছে পিছে গ’ল। কাৰণ গধূলি হৈ অহাত তাৰ অকলে থাকিবলৈ বৰ ভয় লাগিল।

 খৰকৈ যোৱা মানুহটো কোনফালে গুচি গ’ল পলে ধৰিব নোৱাৰিলে। আলিবাট এটা পাই সি সোঁফালে যাবলৈ ধৰিলে। মানুহ দুটামান সি লগ পালে যদিও বাট হেৰুৱাইছে বুলি ক’বলৈ ভয় খালে। দুষ্ট মানুহে ল’ৰা-ছোৱালীবোৰ ধৰি নি বেচা-কিনা কৰে আৰু হাত ভৰি ভাঙে বুলি মাকে তাক সদায় কৈ থাকে।

 গধুলি হ’ল। সি সাহস কৰি ৰৈ থাকিল। পিছে কোনো মানুহ চকুত [ ৩০ ] নপৰাত সি আলি কাষত থকা গছ কেইজোপাৰ এজোপাত উঠি ভাল ফেঙেনি এটা চাই বহি ল’লে ৷ পুৱা যেনে তেনে ঘৰলৈ যোৱা বাট বিচাৰি ল’বই। সি ভয় নেখাবলৈ চেষ্টা কৰিলে ৷ কাৰণ মাকে তাক কয় বিপদত সাহসেহে সহায় কৰে।

 ভোকত তাৰ পেট কল্‌ মলাবলৈ ধৰিলে। মাকে তাক আজি তৰা পাতত বান্ধি সিজোৱা ভাত ‘পুৰাং’ খুউৱা কথা আছিল। তাৰ বুকুখন ধিপ্ ধিপালেও জোনাক নিশা কাৰণে মনতো ভাল লাগিল। সি মাকে কোৱা সোণ ৰূপৰ জখলা ‘মাঃয়িং’ আৰু ‘মাংকং’ ৰে সিহঁতৰ দেৱতা নামি অহা সাধুটোলৈ মনত পেলাবলৈ চেষ্টা কৰি চকুযোৰ জপাই দিলে।

 চৰাই মাতত পলে সাৰ পালে। একে জাপে সি গছৰ পৰা নামিল। কিছু সময় পাৰ হ’ল। দুখনমান সৰু ডাঙৰ মটৰ গাড়ী অহা-যোৱা কৰিলে। দুটা এটাকৈ মানুহবোৰো সি দেখা পালে। তেনেতে সি কথাপাতি হুলস্থুল কৈ অহা ল’ৰা এমখা দেখা পালে ৷ সিহঁতৰ কান্ধত কিতাপৰ বেগ। তাৰ মনটো বৰ ভাল লাগিল। ওচৰ পোৱাত সি সুধিলে —

 — ‘তোমালোক কোন ইস্কুলত পঢ়াহে?’

 — ‘গমীয়ামাৰি স্কুলত।’ এটাই উত্তৰ দিলে।

 — ‘মইও তোমালোকৰ লগতে যাঁও দেই।’ কথাকেইষাৰ কৈ সি সিহঁতৰ পিছে পিছে গ’ল। সিহঁতক সি তাৰ গাঁওখনৰ কথা সুধিলে সিহঁতে চিনি নেপাওঁ বুলি ক’লে।

 ল’ৰাকেইটা স্কুল পোৱাত সি শিক্ষক এজনৰ ওচৰলৈ লৈ যাবলৈ ল’ৰাএটাক ক’লে। ল’ৰা এটাই তাক লৈ গ’ল।

 পলে শিক্ষকজনক সঁচা কথাটোক’লে। পলৰ সাহস আৰু বুদ্ধি দেখি শিক্ষকজনে তাক শলাগিলে। তেওঁ ডাঙৰ ল’ৰা এটাক মাতি পলক ঘৰত থৈ আহিবলৈ ক’লে।

 ল’ৰাটোৱে পলক লৈ সি অহা বাটেৰে ক্ষন্তেক দূৰ আহিয়ে বাটৰ পৰা তললৈ নামিল। কিছু দূৰ গৈয়ে নৈখন পালে। দুয়োটা নৈ পাৰ হৈ গাঁৱৰ ফালে আগবাঢ়িল।

[ ৩১ ]

 কিছুদূৰ গৈ পলে চিঞৰি ক’লে —

 —‘সৌ খনেই আমাৰ গাঁও।’

 আচলতে পল বেছি দূৰলৈ যোৱা নাছিল। কিন্তু ভুলতে সৰু নৈ খনৰ সিটো পাৰলৈ গৈহে সকলো অচিনাকি পাইছিল।

 পলক তাতে থৈ ল’ৰাজন গুচি আহিল। পল গৈ ঘৰ পালেগৈ। সি দেখিলে তাৰ চাং ঘৰটোৰ চোতালত ঢেৰ মানুহ। তাক দেখি মানুহবোৰে সুধিবলৈ ধৰিলে —

 — ‘ক’লৈ গৈছিলি? নিশাটো ক’ত আছিলি?’

 পলে একো নেমাতিলে। তাৰ বৰ খঙ উঠিল। সি ভাবিলে ‘তাক বিচাৰি যাবলৈ খবৰ নাই, এতিয়া সুধিবলৈ আহিছে৷’ মানুহবোৰলৈ পোন্দোৱাকৈ চাই সি তিৰোতা মানুহ জাকৰ মাজত বাউলী হৈ কান্দি থকামাকৰ ওচৰলৈ দৌৰ মাৰিলে।

 মাকে তাক সাৱটি ধৰি সুধিলে – ‘বোপাই অ’ ক’লৈ গৈছিলি?’

 সি ক’লে — ‘আই, তই কৈছিলি নহয়, বিপদত সাহসেহে বুধি দিয়ে। দেখিছ, কেনেকৈ ঘৰ ওলালোহি?’

 পিছত পলৰ মুখত মাকে কথাবোৰ শুনি নিজকে সাহসী ল’ৰা এটাৰ মাক বুলি বৰ সুখী হ’ল।

• • • • •

[ ৩২ ]

কণমানি ঝাৰা

 জপৰা চুলিৰ শেঙুন নকা তিনি বছৰীয়া ছোৱালীজনীয়ে উচুপি উচুপি মানুহবিলাকৰ মুখবোৰ চাবলৈ ধৰিলে। কিজানি তাইৰ মাক পিতাকক দেখা পায়। চকুৰ পানীয়ে তাইৰ কোমল বগা ৰঙচুৱা গাল

দুখনত দুশাৰী মলিয়ন বাটৰ সৃষ্টি কৰিছে। ভয় আৰু দুখ তাইৰ চকুযোৰত ফট্‌ফটীয়াকৈ ওলাই পৰিছে। টি ভি ত দিয়া বাতৰিটো ক্লাচ চিক্সত পঢ়া শ্ৰবে দেউতাকৰ লগত চাই আছে।

 তাইৰ নাম ঝাৰা। [ ৩৩ ]

 আগানিস্থানৰ এখনি সৰু গাঁও কাদম। জালালাবাদ নামৰ চহৰখনৰ পৰা চল্লিশ কিলোমিটাৰ মান দূৰ। তাত ঝাৰাৰ পেহীয়েকৰ ঘৰ। ভাৰতবৰ্ষৰ জম্মুৰ ওচৰৰ উদমপুৰত তাইৰ ঘৰ। মাক পিতাকে তাইক লৈ পেহীয়েকৰ ঘৰলৈ উৎসৱ এটাত ভাগ ল’বলৈ আহিছিল।

 ৰাতিপুৱা বিচনাত থাকোতেই আকাশী যানেৰে পেলোৱা বোমাত কাদম গাঁওখন জুই, ধোঁৱা আৰু ছাঁইৰ মাজত নিমিষতে চিন-চাব নোহোৱা হৈ গ’ল। তাৰ মাজতে দুদিনৰ পিছত সামৰিক বাহিনীয়ে উদ্ধাৰ কৰিলেহি দুজন আদহীয়া মানুহ, আৰু আশী বছৰীয়া বৃদ্ধ এজন লগতে মাটিৰ ঘৰৰ তলত থকা কোঠালি এটাৰ পৰা ঝাৰাক। ঝাৰাৰ জীৱন ৰক্ষা কৰিবলৈ আপ্ৰাণ চেষ্টা কৰা বৃদ্ধজন মৃত প্ৰায়। বচাৰ আশা নাই।

 বাতৰি কাকত, টেলিভিচনত বাতৰিটো পাই গোটেই পৃথিৱীৰ মানুহবোৰে বৰ দুখ পাইছে।

 — ‘দেউতা কোনে বোমা পেলালে?’ শ্ৰবে দেউতাকক সুধিলে।

 — ‘সেইবোৰ তুমি নুবুজিবা৷’ দেউতাকে ক’লে।

 —‘কোৱাছোন মই বুজিম নহয়।’

 —‘মাৰ্কিনে।’

 — ‘কিয়।’

 — ‘লাডেনৰ শিবিৰ ধ্বংস কৰিবলৈ

 —‘লাডেন কোন?’

 — ‘উগ্ৰবাদী।’

 —‘উগ্ৰবাদী কি?’

 — ‘এবিধ বেয়া মানুহ। গুলি, বোমা বাৰুদেৰে পৃথিৱীৰ ঠাইবোৰ, মানুহবোৰ ধ্বংস কৰি ফুৰে।’

 —‘মাৰ্কিন উগ্ৰবাদী?’

 মনোযোগেৰে টি, ভি, চাই থকা দেউতাক ৰৈ গ'ল। তেওঁ শ্ৰবলৈ চালে। ক’লে — [ ৩৪ ]  — ‘তোমাক এইবোৰ কিয় সোণ?’

 — ‘মাৰ্কিন উগ্ৰবাদীয়ে বোমা পেলায় কিমান মানুহ মাৰিলে। ঝাৰাৰ মাক-দেউতাককো দেখোন।’

 — ‘মাৰ্কিন উগ্ৰবাদী নহয় অ’।’

 — ‘তেনেহ’লে?’

 উগ্ৰবাদী লাডেনৰ শক্তি ধ্বংস কৰিবলৈ মাৰ্কিন ৰাষ্ট্ৰই এনে কৰিবলগীয়া হ’ল।

 —‘কিন্তু ভাল মানুহবোৰো মৰিল দেখোন।’

 —‘এয়াই। উগ্ৰবাদীৰ কাৰণেই যত গণ্ডগোল। সিহঁতে ধ্বংস কৰি যায়, সিহঁতক ধ্বংস কৰিবলৈ যাওঁতে ভাল মানুহবোৰ ধ্বংস হ’ব লগা হয়।’

 — ‘উগ্ৰবাদীৰ ক’ত ঘৰ?’

 —‘সোণ এইবোৰ সৰু ল’ৰা-ছোৱালীয়ে বুজি পোৱা কথা নহয়।’

 —‘বুজি নাপালো কি হ’ল? কিন্তু উগ্ৰবাদী যে বেয়া সেইটোটো বুজিছোঁ।’

 — ‘এইবোৰ বুজিবলৈ বহুত ডাঙৰ হ’ব লাগিব।’

 — ‘ডাঙৰ মানুহে বেয়া কাম কিয় কৰে দেউতা?’

 — ‘সেইটো কথাইতো সৰুবোৰে বুজিব নোৱাৰে।’

 —‘কোৱাছোন মই বুজিম নহয়।’

 শ্ৰৱৰ দেউতাকে টি, ভিটো বন্ধ কৰি দিলে। তেওঁ ক’লে —

 —‘এইবোৰ বেয়া মানুহৰ বেয়া কথা। ইয়াকে জানি থোৱা, তোমাৰ মোৰ দৰে মানুহবোৰৰে কিছুমান দুষ্ট মানুহে কুবুদ্ধি লৈ উগ্ৰবাদী হয়। আৰু সাধাৰণ মানুহবিলাকৰ বিলৈ নোহোৱা কৰে।’

 —‘মোক ঝাৰাক আনি দিয়া দেউতা। আমাৰ ঘৰতে তাইক ৰাখিম। তাইৰ মাক-দেউতাক সব মৰিল।

 — ‘কিমান ঝাৰাক ৰাখিবা তুমি? উগ্ৰবাদীবোৰৰ বাবে আমাৰ [ ৩৫ ] দেশত কত ঝাৰাৰ এনে অৱস্থা হৈছে।’

 দেউতাক উঠিল। শ্ৰৱক গা-ধুবলৈ কৈ কোঠালিৰ পৰা ওলাই আহিল।

 শ্ৰবে ভাবিলে —কিমান ঝাৰা আছে বাৰু? এশ, দুশ, এহেজাৰ, পাঁচ হেজাৰ? — আমাৰ দেশত কিমান মানুহ আছে!! গাইপতি দহ- বিশ টকাকৈ তুলিলেও বহুত লাখ টকা উঠিব। তাৰে ডাঙৰকৈ ঘৰ এটা সাজি সবকে ৰাখিব পাৰি বা প্ৰত্যেকৰ দেউতাবোৰে সিহঁতৰ পঢ়া-শুনাৰ খৰচ দিয়াৰ ব্যৱস্থা কৰিলেই হ’ব। উগ্ৰবাদীবোৰলৈ চিঠি লিখিব লাগিব যাতে আৰু সিহঁতে একো ধ্বংস নকৰে; আৰু মানুহবোৰো যেন, আৰু উগ্ৰবাদী নহয়। এইটো একো টান কাম নহ’ব। কাৰণ প্ৰতিখন স্কুলত ক’ত তাৰ সমান ল’ৰা-ছোৱালী আছে। সি স্কুলৰ ল’ৰা-ছোৱালীবোৰক কাইলৈকে কথাটো ক’ব। দৰ্কাৰ হ’লে গোটেই পৃথিৱীৰ স্কুলৰ ছাত্ৰ- ছাত্ৰীবোৰক জনাব। বাতৰি কাকতত খবৰ দিব, ইন্টাৰনেটত খবৰ দিব চবতে খবৰ দি চব ল’ৰা-ছোৱালীক জনাব। যাৰ দেশত যিমান ঝাৰাৰ দৰে দুৰ্ভগীয়া ল'ৰা-ছোৱালী আছে সকলোৱে যেন সহায় কৰে।

 কথাটো চিন্তাকৰি শ্ৰৱৰ মনটো উৎফুল্লিত হৈ পৰিল। সি গা ধুবলৈ গ’ল।

 দুপৰীয়া ভাত খাই থাকোতে সি কথাটো মাককআৰু দেউতাকক জনালে। হাঁহি মাৰি দেউতাকে কথাটো মনোযোগেৰে শুনাযেন দেখুৱালে।

 শ্ৰৱে কামটো সমাধা কৰিব পাৰিবনে নোৱাৰে সেইটো ডাঙৰ কথা নহয়, —কিন্তু কণমাণি ল’ৰাটোৰ সহানুভূতিশীল মনটোৰ কথা জানি আৰু দেশৰ প্ৰতি দায়িত্বশীলতাৰ উমান পায় মাক-দেউতাকে শ্ৰৱক নশলাগি নোৱাৰিলে।

• • • • •

[ ৩৬ ]

ডাঙৰ কোন?

 — মা অ’ মা মা — স্কুলৰ পৰা অহা টুবুলে স্কুলৰ বেগটো চোফাখনত পেলায় মাকক চিঞৰি ভিতৰ পালেগৈ।

 মাকে পিছ বাৰান্দাত কাম কৰি আছিল। টুবুল মাকৰ ওচৰ পালেগৈ। টুবুলৰ গোমোঠা মুখখন দেখি মাকে সুধিলে —

 — ‘কি হ’ল টুবুল? এনেকৈ চিঞৰিছা কিয়?’

 — ‘কোৱাছোন মা — ঈশ্বৰ ডাঙৰ নে যীচু?’

 — ‘উৱা, এইটো কেনে প্ৰশ্ন?’ মাক আঁচৰিত হ’ল।

 — ‘তুমি আগতে কোৱাছোন।’

[ ৩৭ ]

 মাকে ক’লে —‘ব’লা। আগতে হাত-মুখ ধুই আঁহাগৈ। মই তোমাক খাবলৈ দিওঁ।’

 টুবুল হাত মুখ ধুবলৈ গ’ল। মাক পাগঘৰলৈ আহিল। স্কুলৰ পৰা আহিলে মাকে টুবুলক যতনাই ভাত অকণ খাবলৈ দিয়ে। স্কুললৈ যোৱাৰ পৰত লৰালৰিকৈ মাত্ৰ বাটাৰ ভাত দুচামুচ মান খাইহে যায়।

 ভাতৰ টেবুলত বহি টুবুলে একেটা প্ৰশ্নকে কৰিলে৷ মাকে বহি লৈ — ‘কথাটো কিয় সুধিলা। কোৱাছোন টুবুলে কৈ গ’ল —

 কাইলৈ জন্মাষ্টমীত স্কুল বন্ধ নহয়।

 আমি ‘টিফিন টাইম’ত খেলি থাকোতে পিটাৰে সোধাতহৰ্ষই ক’লে — ‘জন্মাষ্টমীৰ দিনা আমাৰ ঈশ্বৰ শ্ৰীকৃষ্ণৰ জন্ম হৈছিল। শ্ৰীকৃষ্ণ ঈশ্বৰ সকলোতকৈ ডাঙৰ আৰু শক্তিশালী।

 পিটাৰে ক’লে — ‘নহয়, আমাৰ যীচু ইমান দয়ালু যে তেওঁ সকলোকে ক্ষমা কৰে। মৰা মানুহক তেওঁ জীয়াই তোলে।’

 হৰ্ষই ক’লে — ‘আমাৰ ঈশ্বৰ গিয়ানী। দোষীক শাস্তি দিয়ে, সৎ জনক সহায় কৰে।’— পিটাৰৰ খং উঠি গ’ল। ক’লে, — ‘আমাৰ যীচুৱে শাস্তি নিদিয়ে, ক্ষমাকৰি শুধৰণি হ’বলৈ দিয়ে।’ দুয়োটাৰে কজিয়াই লাগিছিল। ভাগ্যেই বেল পৰিল বুলিহে। পিটাৰ মোৰ ভাল বন্ধু। হৰ্ষই আক’ মোক মাতিবলৈ মানা কৰিছে।’ একে উশাহে কথাখিনি কৈ টুবুলে মাকলৈ চালে।

 মাকে পানী এগিলাচ আগবঢ়াই ক’লে—

 — ‘ইমান সৰু কথাতে কাজিয়া কৰেনে?’

 — ‘সৰু কথা?? এয়া ঈশ্বৰৰ কথা মা।’

 টুবুলৰ কথাত মাকে ক’লে —‘কথাটো ডাঙৰ। কিন্তু তোমালোকে বুজাত হে ভুল কৰিছা।’ মাকে ওচৰতে থকা ফুলকটা প্লাষ্টিকৰ ট্ৰেখনত থকা নিমখ দানীটো আৰু আচাৰৰ বটলটো আঁতৰালে। তাৰ পিছত বটলৰ পৰা অলপ পানী ঢালি দিলে। পানীবোৰ যেনি তেনি গৈ অ’ত ত’ত ডোঙা পাতিলে। তাকে দেখুৱাই তেওঁ ক’লে — [ ৩৮ ]  — ‘দেখিছানে, পানীবোৰ অ’ত ত’ত কেনেকৈ আছেগৈ?’

 টুবুলে শলাগিলে, — ‘ওঁ দেখিছো।’

 মাকে ক’লে — ‘তুমি খাই থাকা, মই কৈ যাওঁ বাৰু।’ টুবুলে খাবলৈ ল’লে। মাকে বুজাই গ’ল, ‘ধৰি লোৱা এই ট্ৰেখন পৃথিৱী। জানানে এটা সময়ত মানে লাখ লাখ বছৰৰ আগতে পৃথিৱীত মানুহ, গছ-বন একোৱে নাছিল। — বহুকালৰ পিছত জৈৱিক কাৰণত মানুহ, গছ-গছনিৰ সৃষ্টি হ’ল। মানুহ যে প্ৰথম বানৰ আকৃতি আৰু পেটৰ ভোকৰ কাৰণে কঠিন কাম, হাবি-জংঘল, পৰ্বত-পাহাৰ বগাও বগাওতে সময়ত হাত ভৰি পোন আৰু টান হৈ মানুহৰ আকৃতি হ’ল তাকতো তুমি জানাই।’

 — ‘ওঁ ওঁ। টুবুলে মূৰ দুপিয়ালে।

 ‘এতিয়া শুনা — এই বিশাল পৃথিৱীখনত এই পানীৰ ডোঙাবোৰৰ দৰেই মানুহবোৰ অ’ত ত’ত আছিল। বৰ কম সংখ্যক মানুহ আছিল তেতিয়া। ভয়তে মানুহবোৰ থূপ খাই আছিল। ক’ৰবালৈ গ’লে একেলগে গৈছিল। কেৱল খোজ কাঢ়ি ফুৰিছিল। ঘৰ সাজিব নেজানিছিল নহয় পৰ্ব্বতৰ গুহা বা জোপোহা গছৰ তলত আছিল। কিন্তু তেওঁলোকে অনুভৱ কৰিছিল, ওপৰত এজন শক্তিমান ভগৱান আছেই। তেঁৱে মানুহ আৰু গছ-গছনি জীৱ-জন্তু স্ৰজন কৰিছে। তেওঁ মানুহবোৰক ওপৰৰ পৰা চাই থাকে। তেওঁলোকে ভাবিছিল সেই ভগৱানেই পোহৰ দিবলৈ সূৰ্য্য দেৱতাক, চন্দ্ৰ দেৱতাক আদেশ দিয়ে। বতাহ-ধুমুহা ঢেৰেকণিকো কিছুমান দেৱতা বুলি ভাবিছিল যেতিয়া ধুমুহা গাজনি হয় নেদেখা ওপৰত থকা ভগৱানজনক প্ৰাৰ্থনা কৰে ৰক্ষা কৰিবলৈ। সেইবোৰ এটা সময়ত শাম কাটে আৰু সকলোৱে মানি লয় সেইয়া ভগৱানে নাইকীয়া কৰি পেলাইছে।’

 —‘তেতিয়া যীচু আৰু ঈশ্বৰ নাছিল নেকি? টুবুলে সুধিলে।

 মাকে উত্তৰ দিলে — ‘নাছিল। কোনোৱে তেতিয়া যীচু বা বেলেগ ঈশ্বৰ থকা বুলি নেভাবিছিল। —বহুকাল পাৰ হ’ল। মানুহবোৰৰ বুদ্ধি গিয়ান হ’ল। ঘৰ সাজিবলৈ, খেতি কৰিবলৈ, সমাজ পাতি থাকিবলৈ ল’লে। এই মানুহবোৰৰ বেলেগ বেলেগ জাত হল, নিয়ম হ’ল, ধৰ্ম [ ৩৯ ] হ’ল, ভাষা হ’ল। তেওঁলোকে সময়ত নিজৰ নিজৰ প্ৰভু এজন এজন মানি ল’লে। কিছুমানে ক’লে আকাশৰপৰা দেৱদূত আহি যীচুক জন্ম দিলে। কিছুমানে ক’লে শ্ৰীকৃষ্ণৰ জন্ম হ’ল। এনেদৰে একোজন একোজন নিজৰ নিজৰ ঈশ্বৰৰ সৃষ্টি হ’ল। বেলেগ বেলেগ নহ’বনো কিয়? — ভাবাছোন বিশাল পৃথিৱীখনৰ অ’ত ত’ত থকা মানুহবোৰৰ মনবোৰনো মিলিব কেনেকৈ? কিন্তু বেলেগ বেলেগ জাতৰ, ধৰ্মৰ, ভাষাৰ বেলেগে বেলেগ প্ৰভু হ’লেও কিন্তু ওপৰত থকা ভগৱান জন এজনেই থাকিল। যেতিয়া ডাঙৰ হবা সকলো ভালদৰে বুজিব পাৰিবা। —মানুহৰ সংখ্যা বাঢ়ি বাঢ়িহে এতিয়া চব একাকাৰ হৈ পৰিল। হ’লেও প্ৰত্যেকেই য’তে নাথাকক নিজৰ নিজৰ নিয়মত নিজৰ নিজৰ ধৰ্মৰে পৃথিৱীত সকলো শান্তিৰে বাস কৰি আছে।’

 ভাত খাই শেষ কৰা টুবুলক দৈ অলপ দি মাকে পুনৰ ক’লে ‘তোমাক মই আৰু ভালকৈ বুজাই দিও ৰ’বা। তোমালোকৰ শ্ৰেণীত কিমান ছাত্ৰ-ছাত্ৰী?’

 — ‘৪৫ টা’ টুবুলে ক’লে।

 — ‘পঁচল্লিশটা ল’ৰা-ছোৱালীৰ নিজৰ নিজৰ ঈশ্বৰ, ধৰ্ম আছে নে নাই?’

 — ‘আছে।’

 — ‘সেইদৰে তোমাৰ শ্ৰেণীত বেলেগ বেলেগ পঢ়া বিষয় আছেনে নাই?’

 —‘আছে।’

 — ‘প্ৰত্যেক বিষয়ৰ বেলেগে চাৰ, বাইদেউ নাই জানো?’

 — ‘আছে।’

 — ‘তেওঁলোকে বেলেগ বেলেগ বিষয় পঢ়ায় আছে। এয়ে শৃংখলা বা শান্তি। আনহাতে এনেদৰেই আটাইবোৰ শ্ৰেণীৰ বিষয় চাৰে পঢ়ায় আছে। কিন্তু সকলোবোৰ চাৰক আৰু ছাত্ৰ-ছাত্ৰীবোৰৰ ওপৰত চকু দিবলৈ মাত্ৰ এজইে প্ৰধান শিক্ষক নহয় জানো?

[ ৪০ ]  —‘ওঁ।’ টুবুলে শলাগিলে।

 —‘এৰা; আৰু ইমানবোৰৰ মাজত যিয়ে ভাল ছাত্ৰ হ’ব তেওঁক প্ৰধান শিক্ষকে ভাল পায়। কাৰণ নিজৰ নিজৰ শিক্ষকৰ ওচৰত তেওঁলোকে ভালদৰে শিক্ষা গ্ৰহণ কৰি সৎ কাম কৰিছে। আৰু সেইদৰে বিভিন্ন ধৰ্মৰ তলত, প্ৰভুৰ তলত থাকি যিসকলে মিলা-প্ৰীতিৰে থাকে ভাল কাম কৰে তেওঁক ওপৰত চাই থকা ভগৱানজনে ভালপায় আৰু বিপদত সহায় কৰে। সেই সহায় কেনেকৈ কি ৰূপত কৰে চিন্তা কৰিলে গম পাবা। তুমি মানুহে কোৱা শুনা নাই জানো? — ‘ভগৱানে ভাল ৰক্ষা কৰিলে দেই — ওঁ। টুবুলে মকলৈ মাকলৈ চালে।’

 খোৱা শেষ কৰি টুবুল বাহিৰলৈ ওলাই আহিল৷ সি মাকৰ কথাবোৰ শুনি বৰ ভাল পালে আৰু বুজিবলৈ চেষ্টা কৰিলে।

• • • • •

[ ৪১ ]
ককাৰ কথাৰে

 –দেউতাকহঁতে মন নকৰিলেও আয়নে মন কৰিলে ইন্টাৰনেটত অষ্ট্ৰেলিয়াত থকা ৰিমা পেহীৰ লগত কথা পাতি থকাৰ মাজতে ককাকে হঠাতে উঠি বাহিৰলৈ গুচি গৈছে।

 আয়নো ককাকৰ পিছে পিছে আহিল। সি দেখিলেহি বাৰান্দাৰ আৰামী চকীখনত ককাকে চকুযোৰ জপাই বহি আছে।

 –‘ককা’ সি মাত দিলে।

 চকুযোৰ নেমালাকৈয়ে ককাকে ক’লে –‘হুঁ’

 –‘পেহীক বেয়া পাইছানেকি? অহা মাহত আহিবই দেখোন।’

 ককাকে সাউত কৰে সেমেকা চকুযোৰ মোহাৰি পেলালে। কথাটো কিন্তু আয়নৰ চকুত নপৰাকৈ নেথাকিল। সি ককাকৰ ওচৰতে বহি সুধিলে

 –‘ককা, পেহীলৈ মনত পৰিছে?’

 –‘নহয় অ’ বোপাই।'

 –‘তেন্তে?’

 –‘কথাবোৰ ভাবিছো।'

 – ‘কি কথা ককা?’

 –‘দিনবোৰ বৰ সলনি হৈ গ'ল অ’।’

 – ‘সলনি?’

 – ‘আগতে এনে সা-সুবিধা নাছিল। ইন্টাৰনেটত মুখ চাই কথা পতা দূৰৈৰ কথা চিঠি এখনৰ উত্তৰ পাবলৈ বাট চাই থাকিব লাগে।'

 – 'চিঠি?’

 –‘ওঁ। চিঠিৰে কথা-বতৰা হ’ব লাগিছিল।' [ ৪২ ]

 ককাকে আচল কথাটো লুকুৱাই থলে। তেওঁৰ মনত সদায় দুখ এটা লাগি থাকে। তেওঁ তেতিয়া হাইস্কুলত। তেনেই সৰু। দেউতাকে দূৰৈত চাকৰি কৰে। মাকৰ অসুখ হ’ল। চিঠিৰে খবৰ দিলে। চিঠি পায় গৈ মানে অসুখ বেছি হৈ আহিল। যেতিয়া দেউতাক আহি পালেহি মাকে আগনিশাই শেষ নিশ্বাস এৰিলে। মাকে দেউতাকক গৰম শ্বল এখন লৈ অহাৰ কথা চিঠিত লিখিবলৈ কৈছিল। দেউতাকে অনা শ্বলখন আৰু মাকে ল’বলৈ নেপালে। আনমনা হৈ পৰা ককাকক আয়নে হেঁচুকি দিলে—

 — ‘কি হ’ল ককা? চিঠিৰ কথা মনত পৰিছে নেকি?’

 — ‘এৰা; সেইবোৰ চিঠি দিয়া আৰু লৈ যোৱাৰো যে পোন প্ৰথমে কিমান সমস্যাৰ কথা আছিল।’

 — ‘মানে?’

 — ‘চিঠিৰ টোপোলা ডাকোৱালে লৈ হাবিয়ে বননিয়ে পৰ্ব্বতে পাহাৰে ভৈয়ামে নদ-নদী অতিক্ৰম কৰি বৰ কষ্টত যাব লগা হৈছিল। সময়ো লাগিছিল বহুত। বিপদো আছিল অনেক।

[ ৪৩ ]  — ‘হয়নেকি?’

 —‘সেইয়া বহু যুগৰ আগৰ কথা। সমগ্ৰ পৃথিৱীতে তেনে ব্যৱস্থাই তাকো কেৱল ৰজা মহাৰজা সকলৰ বাৰ্তাহে অনা নিয়া কৰাৰ সুবিধা।

 —‘বাকীবোৰ?’ আয়নে কথাবোৰ জানিবলৈ কৌতুহল হ’ল।

 —‘আমাৰ ভাৰতবৰ্ষত ১২৯৬ চনৰ পৰা ডাক সেৱাৰ নিয়ম কৰে পাঠান শাসক আলাউদ্দিন খিলিজীয়ে। নিজৰ সৈন্য বাহিনীৰ বা বাতৰিৰ জানিবলৈ এই ব্যৱস্থা কৰিছিল। তেওঁ ঘোৰাত অহা-যোৱা কৰিবলৈ ব্যৱস্থা কৰিছিল। তাৰ পিছৰ জন ৰজা শ্বেৰশ্বাহে আক’ বঙ্গৰ পৰা সিন্ধু প্ৰদেশলৈকে এটা দীঘল পথ নিৰ্মাণ কৰাই আৰু সুবিধা কৰি ল’লে, যাতে প্ৰয়োজনীয় বাৰ্তাবোৰ বেগাই পাব পাৰে।

 — ‘সেইটো পিছে বৰ উচিত কাম কৰিছিল দেই।’ আয়নে ৰস পালে।

 ককাই ক’লে —‘অকল সেয়ে নহয়। কিছু দূৰৰ মূৰে মূৰে কিছুমান চৰা ঘৰ’ মানে জিৰণি ঘৰ সজাই দিলে। তাত ঘোৰা সাজু ৰাখিলে। গোটেই সাম্ৰাজ্য খনতে তেওঁ এই ব্যৱস্থা কৰিছিল।’

 —‘আগৰ ৰজা-মহাৰজাবোৰৰ কামৰ পদ্ধতিবোৰ বৰ বুধি থকা আছিল, নহয়নে ককা?’

 —‘তেওঁলোকৰ এটাই চিন্তা, সাম্ৰাজ্য ৰক্ষা কৰা। তেওঁকে দেখি পিছৰ ৰজা-মহাৰজাই ডাকসেৱা উন্নত কৰি গ’ল। অৱশ্যে প্ৰায় ১০০ বছৰৰ পাছত ইষ্ট ইণ্ডিয়া কোম্পানীয়ে আচল কামটো কৰি তুলিলে। বোম্বাই, মাদ্ৰাজত দুটা প্ৰধান ডাকঘৰ সাজিলে আৰু বাকী প্ৰদেশবোৰত সৰু সৰু কিছুমান ডাকঘৰ সজালে। আৰু ১৭৭৪ চনত জনসাধাৰণৰ বাবেও এই সেৱা মুকলি কৰি দিলে। সেইটো নিৰূপন কৰি দিলে প্ৰতি ১০০ মাইলৰ বাবে ডাক খৰচ লাগিব দুই অনা। দুই অনা মূল্যৰ তামৰ মুদ্ৰাও ওলাল। ডাক মাচুল ডাকঘৰত দিব লাগিছিল, তেতিয়া চিঠিৰ ওপৰত ‘পোষ্ট পেইড’ বুলি লিখি দিছিল। ডাক খৰচ নিদিলে। ‘বিয়াৰিং বুলি লিখিছিল। চিঠিত মোহৰ মাৰি দিছিল দেই। ‘বিয়াৰিং’ চিঠিৰ ডাক খৰচ লওঁতা জনৰ পৰা লৈছিল।’

 — ‘বাঃ চমৎকাৰ দেখোন!’ [ ৪৪ ]

 — ‘আৰু আমোদজনক কথা, চিঠিৰ খাম নাছিল, কিন্তু। প্ৰায় তাৰ এশ বছৰ মানৰ পিছতহে খাম আৰু ডাক টিকটৰ ব্যৱস্থা কৰা হ’ল।’

 — ‘হয় নেকি?’

 — ‘ভাৰতবৰ্ষত প্ৰথম কাগজৰ টিকট প্ৰচলন কেতিয়া হয় জাননে??

 —‘কোৱাছোন তুমি।’

 —‘এইবোৰ জানিব লাগে। কেৱল পঢ়া কিতাপৰ কথা জানিলেই গিয়ান নেবাঢ়ে নহয়। ১৮৫২ চনত সিন্ধু প্ৰদেশত আয়ুক্ত মিঃ বৰ্টিল ফ্ৰেৰই কাগজৰ টিকট উলিয়াই। টিকটটোৰ নাম আছিল ‘শ্বিণ্ডেউক্স’। এই টিকটটো সমগ্ৰ এচিয়াতে আছিল প্ৰথম। নান ৰঙেৰে চাব মাৰি কৰিছিল। ১৮৫৭ চনত আক’ নীলা ৰঙেৰে ৰাণী ভিক্তোৰিয়া ছবিখন ডাক টিকট কৰি লোৱা হয়। এনেকৈয়ে বিশেষ বিশেষ ছবি, চিহ্নৰে ডাক টিকট ওলায় থাকিল। আমাৰ দেশ ভাৰত স্বাধীন হোৱাৰ পিছত ডাক টিকটবোৰ ভাৰতীয় সংস্কৃতি, জন্তু, ধৰ্ম, পণ্ডিতসকল আদিৰ হ’বলৈ ল’লে।’

 — ‘চিঠিৰ কাহিনী ডাক টিকটৰ কাহিনী শুনি বৰ মজা লাগিল দেই ককা।’ আয়নে ক’লে। সপ্তম মানত। মনতে ভাবিলে সি বহুত বাহিৰা কিতাপ পঢ়িব। আৰু ককাকৰ দৰে বহু কথা জানিব।

 —‘আৰু এটা কথা কি জান?’ ককাই হাঁহি মাৰি সুধিলে। — ‘কি?’ আয়নে আগ্ৰহেৰে ক’লে।

 — ‘ভাৰতবৰ্ষতেই প্ৰথম উৰা জাহাজৰ ডাক টিকট ওলায় আৰু উৰা জাহাজেৰে ডাক সেৱা পোন প্ৰথম ভাৰতবৰ্ষতে হয়।’

 — ‘চোৱাছোন ককা, কেনেকৈ এদিন ডাকোৱালে পিঠিত বোজা কৰি ডাক কঢ়িয়াইছিল। আৰু তাৰ পিছত উৰাজাহাজতো ডাক যোৱা হ’ল!!’ হাঁহি মাৰি ককাই ক’লে।

 —‘ইয়াকে কয় উত্তৰণ। মানে উন্নতি। আৰু উন্নতি কৰে ভাল ভাল মানুহৰ ভাল ভাল চিন্তাই — বুজিলি?’

 ককাকৰ লগতে হাঁহি আয়নে মনতে ক’লে ককাকে হাঁহিলে তাৰ মনটোও ভাল লাগি যায়।

• • • • •

[ ৪৫ ]

পাখি লগা মন

 পৱন ‘ক্লাচ চেভেন’ত পঢ়ে। ল’ৰাটো বৰ জেদী। যি ভাবে তাকে কৰিবলৈ লাগে। ফল ভালেই হ’ক বা বেয়াই হ’ক।

 সি কল্পনাতে বেছি সময় পাৰ কৰে। তাৰ বিলাসী মনটো অনবৰত [ ৪৬ ] সুখৰ কথা চিন্তা কৰি উৰি ফুৰে। সিহঁতৰ অৱস্থা বৰ টনকিয়াল নহয়। পৱনে সিহঁতৰ ঘৰৰ অৱস্থাটো অকনো ভাল নেপায়। সিহঁতৰ উঠি ফুৰিবলৈ মটৰ গাড়ী নাই। থাকিবলৈ অট্টালিকা নাই। তাৰ আলপৈচান ধৰিবলৈ নিগাজীকৈ বন কৰা মানুহ এটাও নাই। স্কুললৈ খোজ কাঢ়ি নহ'লে ৰিক্সাত যাব লাগে। সেইবাবে সি স্কুললৈ যাবলৈ ভাল নেপায়। স্কুলৰ কথা ভাবিলেই খং উঠে।

 পৱনৰ শ্ৰেণীৰ ৰিভৱ অপুৰ্ব ৰিজনহঁতলৈ ইমান যে খং উঠে! কাৰণ সিহঁত নিজৰ গাড়ীত স্কুললৈ আহে। ধুনীয়া ধুনীয়া টিফিন বক্সত লোভ লগা টিফিনবোৰ আনে। স্কুল পোছাকবোৰো সদায় নতুন নতুন যেন লাগে। বিশেষকৈ ৰিজনৰ ফুটনিটো তাৰ সহ্য নহয়। এইবোৰ চাই আৰু ভাবি থাকোতেই শ্ৰেণীৰ শিক্ষকে পঢ়োৱা কথাবোৰ তাৰ মগজত নোসোমায়। ফলত সি পঢ়াশুনাত দুৰ্ব্বল হৈ পৰে। পঢ়াশুনাত ভাল নোহোৱাৰ বাবে শিক্ষকৰো গালি খাব লগা হয়।

 পৱনে তাৰ বৰ দেউতাকৰ ল’ৰা বিদুৰ্জৰ কথা ভাৱে। বিদুৰ্জৰ সুখেই সুখ। বৰ দেউতাক ডাক্তৰ। চহৰত থাকে। বিদুৰ্জই নিজৰ গাড়ীত স্কুললৈ অহা-যোৱা কৰে। সিহঁত বৰ ধনী মানুহ। গাড়ী আছে। ডাঙৰ অট্টালিকা যেন ঘৰ আছে। ড্ৰাইভাৰ, বন কৰা মানুহ, মালী, ৰান্ধনীয়ে ঘৰ চম্ভালি থাকে। বিদুৰ্জৰ কম্পিউটাৰো আছে। সিও চেভেনত পঢ়ে। পঢ়াত চোকা। নহ’বনো কিয়? তিনিটাকৈ টিউচন। বিদুৰ্জহঁত আহিলে পৱন কৰবাত সোমাই থাকেগৈ। বৰ মাক জনীয়ে তাক বৰ মৰম কৰে। সিহে নিজকে দুখীয়া বুলি আগলৈ ওলাবলৈ মন নকৰে।

 পৱনৰ ভায়েক সুমন কিন্তু তেনে নহয়। সুমন চিক্সত পঢ়ে। নিজকে কেতিয়াও দুখীয়া বুলি দুখ নকৰে। ঠিকমতে পঢ়াশুনা কৰে। শ্ৰেণীত সদায় প্ৰথম হৈ প্ৰমোছন পায়। ৰঙমনে সকলো সময়তে থাকে। মাক- দেউতাককো কামত সহায় কৰি দিয়ে। পৱনৰ দৰে অকলে অকলে নেথাকে লগৰীয়াও বহুত।

 এদিন আবেলি।

 পৱনে ঘৰৰ মধুৰিআম জোপাত উঠি মধুৰিআম খাই আছিল। সুমনে [ ৪৭ ] মাতি মাতি উত্তৰ নেপায় গছত উঠি গৈ পৱনৰ ওচৰ পালেগৈ। ক’লে —

 —‘দাদা, খেলিবলৈ যাওঁ আহা।’

 —‘ক’ত খেলগৈ?’ পৱনৰ খঙ উঠি গ’ল।

 — ‘কেকুঁৰিটোৰ ওচৰৰ মুকলি পথাৰখনত। বিতোপনহঁতে ৰাতিপুৱাতে কৈ থৈছে।’

 — ‘তোৰ কাম নাই? এই চবৰ লগত যে খেলি ফুৰ।’

 — ‘কিয়?’ সুমনে সুধিলে।

 — ‘মই ধনী ল’ৰাৰ লগতহে থাকি ভালপাওঁ। তয়ো এই দুখীয়াবোৰৰ লগ নলবি।’

 ককায়েকৰ কথা শুনি সুমনে ক’লে—

 — ‘ধনী-দুখীয়া কি কথা অ’? ভাল লগৰীয়া হ'লেই হ’ল।’  — ‘মই বিদুৰ্জৰ নিচিনাকৈ ধনী হৈ, গপছত থাকিবলৈ বিচাৰো নহ’লে অকলে থকাই ভাল বুইছ?’

 — ‘তই দুখীয়া মানুহ বেয়াপাৱ?’ সুমনে সুধিলে।

 — ‘অঁ!’

 — ‘তেনেহ’লে তই ধনী হ’ব লাগিব বিদুৰ্জ দাদাৰ দৰে।’

 — ‘ওঁ। মই দেউতাক কৈছো নহয় এইবাৰ মোক এখন চাইকেল আনি দিবই লাগিব। ভাল জোতা আৰু দ্ৰেচো লাগিব।’ পৱনে ক'লে।

 — ‘চাইকেল, ভালপোছাক থাকিলেই ধনী নহয় নহয়।’

  ভায়েকলৈ পৱনে চকু ঘোপা কৰি চালে। তাকে দেখি সুমনে হাঁহি মাৰি ক’লে —

 — ‘ময়ো ধনী হ’বলৈ ভালপাওঁ। গাড়ীত উঠি ফুৰিবলৈ, ভাল ভাল সাজ-পোছাক পিন্ধিবলৈ, ধুনীয়া ঘৰত থাকিবলৈ। কিন্তু মুখেৰে ক’লেই নহ’ব নহয়। শ্ৰেণীত আমাক চাৰে কয় নহয় — বিদ্যাই উন্নতিৰ জখলা। স্কুলীয়া কালত মনপুতি পঢ়াশুনা কৰিলে পিছত পঢ়িশুনি ডাঙৰ [ ৪৮ ] মানুহ হ’ব পাৰি। মই ধনী হমেই। বৰ দেউতাৰ দৰে ডাক্তৰ হ’ম। বৰ দেউতাৰ দৰে বিদেশতো পঢ়ি ভাল ডিগ্ৰী লৈ আহিম। চাবি, এদিন মই ধনী মানুহ হৈ ডাঙৰ ঘৰ সাজিম, গাড়ী লম আৰু যে ক’ত কি কৰিম। সেইবাবেই মই পঢ়াশুনাবোৰ ভালদৰে কৰো। দেউতাই নকয় জানো; ভালকৈ নপঢ়িলে কাৰণেই দেউতা কেৰেণী হ’ল। আৰু ভালকৈ পঢ়িলে কাৰণে বৰ দেউতা ডাক্তৰ হ’ল।’ পৱনে সুমনলৈ চালে।

 সুমনে ক’লে — ‘তই থাক, মই খেলিবলৈ যাওঁ।’ — সুমন গছৰ পৰা নামি খেলিবলৈ দৌৰ মাৰিলে।

 পৱনে সুমনৰ কথাবোৰ মন দি শুনিলে। সি ভাবিলে ভায়েকে দেখোন সঁচা কথাকে কৈছে। তাৰ মনটো সলনি হৈ পৰিল। নিজকে নিজে ক’লে — ‘ভাবি থাকিলেই নহ’ব। ভালকৈ পঢ়িবই লাগিব। যত্ন কৰিলে ৰত্ন পায়। সি পঢ়াত মনপুতি লাগিব। ভাল ৰিজাল্ট কৰি ডাক্তৰ হ’বই। এদিন সি পঢ়িশুনি ডাঙৰ মানুহ হৈ ৰিভৱ হঁতক দেখুৱাই দিব। আজিৰ পৰাই সি পঢ়াত মন দিব।

 পৱনৰ মনতো উৎফুল্লিত হৈ পৰিল। জাপ মাৰি সি গছৰ পৰা নামি সুমনৰ পিছে পিছে দৌৰ মাৰিলে।

• • • • •

[ বেটুপাত ]

পাখি লগা মন

 

 শ্ৰীমতী নীলিমা বৰা সাহিত্য জগতত এটি পৰিচিত নাম। একে ধাৰে কবি, গল্পকাৰ, ঔপন্যাসিক আৰু শিশু সাহিত্যত শ্ৰীমতী বৰাই নিজৰ সাহিত্যিক দক্ষতাৰে সাহিত্য জগতত এখনি সুদৃঢ় স্থান অধিকাৰ কৰিছে। বৰ্ত্তমান তেওঁৰ ৬১ খন গ্ৰন্থ প্ৰকাশ হৈছে। তেখেতৰ মননশীল লেখনিত পৰিস্ফুৰ্ট হয় সংঘাট পূৰ্ণ বাস্তৱ জীৱনৰ সুক্ষ্ম দৃষ্টিভঙ্গী। বলিষ্ঠ প্ৰকাশভঙ্গী আৰু মনোগ্ৰাহী ৰচনা ক্ষমতা তেখেতৰ অন্য এক বিশেষত্ব। চৰিত্ৰাংকনত পটু শ্ৰীমতী বৰাৰ সাহিত্যৰাজি পঢ়ুৱৈসকলৰ বাবে প্ৰশংসনীয়।

 তেওঁৰ ১৩খন উপন্যাস ৫ খন গল্প সংকলন ৪ খন কবিতা গ্ৰন্থ, আৰু এখন জীৱনী পুথি ৰাজ্যিক ভিত্তিত পুৰস্কৃত হৈ গৌৰৱ কঢ়িয়াইছে। শিশু সাহিত্যত ৰাষ্ট্ৰীয় পুৰস্কাৰ প্ৰাপ্ত নীলিমা বৰাক শিশু সাহিত্য কৰ্মৰ বাবে বিশিষ্ট শিশু সাহিত্যিক হিচাবে বাংলা সাহিত্য গোষ্ঠী ‘পইঠা’ই ‘দিলীপ কুমাৰ চন্দ’ আৰু সদৌ অসম লেখিকা সমাৰোহ সমিতিয়ে ‘বীনা শৰ্মা সোঁৱৰণী বঁটা’ ৰে সন্মানিত কৰিছে। তদুপৰি বিভিন্ন সাহিত্য অনুষ্ঠানৰ পৰা বহুতো গল্প, কবিতা, নাটক (মঞ্চস্থ) পুৰস্কৃত হৈ স্ব-প্ৰতিভা সুৰক্ষিত কৰিছে। কেইবাটাও গল্প, কবিতা বাংলা, হিন্দী ভাষালৈ অনুদিত হৈছে। কেইবাখনো শিশু গ্ৰন্থ বাংলা ভাষালৈ অনুদিত। ইতিমধ্যে তেওঁৰ ‘Step Towards Self Dependent’ নামৰ তথ্যচিত্ৰখনিত পৰিচালক মিহিৰ জ্যোতি বৰুৱাৰ দ্বাৰা পি, পি, চি প্ৰগ্ৰেমত প্ৰচাৰিত হৈছে। শ্ৰীমতী বৰাৰ ‘মৃগ তৃষ্ণা’ নামৰ গল্প এটিৰ ভি, চি, ডি ছবি এখনেও মুক্তি, পাইছে।

 ইতিমধ্যে পাঠকৰ মন জয় কৰা পাখি লগা মন পুথিখনে লেখিকাৰ সাহিত্য কৰ্মৰ দক্ষতাৰ স্বাক্ষৰ বহন কৰাত আমি দ্বিতীয় সংস্কৰণ প্ৰকাশ কৰি পাঠক সমাজৰ হাতত তুলি দিছো। এইবাৰো পুথিখন আদৰি ললে লেখিকাৰ শ্ৰম সাৰ্থক হব আৰু আমিও উৎসাহিত হম।

 শ্ৰীমতী বৰাৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰি শুভেচ্ছা যাছিলো।

প্ৰকাশক

 


এই লেখাটো মুক্ত আৰু ইয়াক সকলোৱে যিকোনো কাৰণত বা যিকোনো উদ্দেশ্যত ব্যৱহাৰ কৰিব পাৰে। আপুনি যদি এই সমল ব্যৱহাৰ কৰিব বিচাৰে, তেন্তে এই পৃষ্ঠাত উল্লিখিত অনুজ্ঞাপত্ৰৰ প্ৰয়োজনীয়তাসমূহ অনুসৰণ কৰিলে আপুনি অনুমতি বিচৰাৰ প্ৰয়োজন নাই ।

ৱিকিমিডিয়াই ই-মেইলযোগে এই লেখাৰ স্বত্বাধীকাৰীৰ পৰা এই লেখাক এইটো পৃষ্ঠাত উল্লিখিত চৰ্তসমূহৰ অধীনত ইয়াৰ ব্যৱহাৰৰ অনুমোদন লাভ কৰিছে। এই বাৰ্তালাপক এজন OTRS সদস্যই পৰিদৰ্শন কৰিছে আৰু ইয়াক আমাৰ অনুমতিৰ সংগ্ৰহালয়ত সংৰক্ষণ কৰি ৰখা হৈছে। এই বাৰ্তালাপ বিশ্বাসযোগ্য স্বেচ্ছাসেৱকসকলৰ বাবে এই লিংকত উপলব্ধ।

 

এই লেখা ক্ৰিয়েটিভ কমন্স এট্ৰিবিউচন-শ্বেয়াৰ এলাইক 4.0 আন্তৰ্জাতিক অনুজ্ঞাপত্ৰৰ অধীনত মুকলি কৰা হৈছে, ইয়াৰ মতে আপুনি এই লেখাৰ অনুজ্ঞাপত্ৰ পৰিবৰ্তন নকৰাকৈ আৰু স্পষ্টকৈ উল্লেখ কৰি, আৰু মূল লেখকৰ নাম উল্লেখ কৰি বিনামূলীয়াকৈ ব্যৱহাৰ, বিতৰণ, আৰু বিকাশ কৰিব পাৰিব—আৰু যদি আপুনি বিকল্প, পৰিবৰ্তন, বা এই লেখাৰ পৰা অন্য কোনো লেখা প্ৰস্তুত কৰে, সেই লেখাও একে অনুজ্ঞাপত্ৰৰ অধীনতহে মুকলি কৰিব পাৰিব।