পৃষ্ঠা:পাখি লগা মন.pdf/২১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২০
পাহি

বৰ ভয় খালে। ভয়তে তাই একো নকৈ মনে মনে থাকিল।

 লাহে লাহে জাৰ পৰিবলৈ ধৰিলে। পিতাক আৰু পাহিয়ে কম্বল দুখন উলিয়াই ল’লে। কিছুদিন যোৱাৰ পিছত জাৰটো বৰকৈ পৰিবলৈ ধৰিলে। পিতাকে পাহিক ক’লে – ‘আইজনী, কম্বলে আৰু জাৰ মাৰিব নোৱাৰা হৈছে। তই ন-কৈ চিলোৱা কঠাখন লৈ আহ।’ পাহিয়ে একো নেমাতিলে। পিতাকে খঙ কৰিব বুলি ভয়তে চকুৰ পানী ওলাল। পিতাকে বাৰে বাৰে কঠাখন আনিবলৈ কোৱাত তাই ভয়ে ভয়ে সকলো কৈ পেলালে। তাকে শুনি পিতাকে মূৰে কপালে হাত দিলে।

 সেইবাৰ জাৰত পহিহঁতে বৰ কষ্ট পালে। জাৰতে সহিব নোৱাৰি পাহি জ্বৰতো ভুগিলে। পিতাকে পাহিক ক’লে – ‘এতিয়া গম পাইছনে, সময়ৰ কাম সময়ত নকৰিলে কিমান কষ্ট পাবলগীয়াহয়। কাম কৰা সময়ত ৰং-ধেমালি কৰি কটালি, ৰঙ-ধেমালিৰ কাৰণে এতিয়া দুখ পাবলগীয়া হ’ল। প্ৰথমে কৰিব লগীয়া কাম শেষ কৰিব লাগে। তাৰ পিছত হে খেলা– ধূলা বা আৰাম কৰা। কথাতে কয় নহয়,

“আগে কাম
পিছে সুখ
তকে নকৰিলে
পায় দুখ।”

 পাহিয়ে নিজৰ ভুল বুজিব পাৰিলে। তাইৰ পখিলা, পাৰ আৰু মৌমাখিলৈ মনত পৰিল। অবাবত সময় খৰচ নকৰি সিহঁতে নিজৰ নিজৰ কামবোৰ কৰিছিল। পিতাকেও মেহনত কৰি খৰি কাটি যোগাৰ কৰি থোৱা বাবে আৰু বেচি টকা-পইচা গোটাই থোৱা বাবে এতিয়া দুখ কষ্ট নোপোৱাকৈ জাৰৰ দিন কেইটা থাকিব পাৰিছে।

 তাই ঠিক কৰিলে এতিয়াৰ পৰা সদায় প্ৰথমে নিজৰ কামবোৰ কৰাতহে মন দিব। সদায় পিতাকৰ কথা শুনিব। তাই ভাবিলে মোতকৈ মৌমাখি, পাৰ, পখিলা কিমান গিয়ানী!

• • • •