পৃষ্ঠা:পাখি লগা মন.pdf/১৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৩
পাখি লগা মন


 ‘এই, উঠিলিনে? মই মাক মাতি দিম ৰ’। পোনাকণক উঠিবলৈ কৈ তাই পঢ়াৰ টেবুললৈ গ’ল। অযথা সময় নষ্ট কৰাটো তাই সমূলি ভাল নেপায়।

 পোনকণে কেতিয়াবাই সাৰ পাইছিল! পিছে উঠি আহিবলৈহে সাহস হোৱা নাই। কাৰণ, যোৱাকালি সিহঁতৰ পৰীক্ষাৰ নম্বৰবোৰ দিছে। সি কোনোমতেহে ওপৰ শ্ৰেণীলৈ প্ৰমোছন পাইছে। ৰিমাই ভাল নম্বৰলৈ ‘ক্লাছ’ চেভেন’লৈ দ্বিতীয় হৈ প্ৰমোছন পাইছে। মাকলৈ তাৰ সিমান ভয় নাই। ডাবি ধম্‌কি এটা দিলেও সি ঠেহ পাতিলেই মৰম কৰি খুৱাই-বুৱাই তাক শান্ত কৰিবলৈহে চেষ্টা কৰে।

 ভয় হৈছে দেউতাকলৈ। যোৱা নিশা দেউতাক পলমকৈ অহাত সি সাৰি গ’ল। কিন্তু আজি? পোনাকণে ভাবিলে, দেউতাকে ছাগে বাৰাণ্ডাত বহি বাতৰি কাকত পঢ়ি আছে, আৰু সি উঠিলে নে নাই খবৰ লৈ আছে। ইতিমধ্যে ৰিমাই ছাগৈ পৰীক্ষাৰ নম্বৰৰ কথা দেউতাক ক’লেই।

 দেউতাকৰ খঙ উঠিলে ৰঙচুৱা মাৰ্বল গুটিতোৰ দৰে হোৱা চকুহাল, শুদ্ধচিনটোৰ দৰে কোঁচ খোৱা চেলাউৰি যোৰ ত্ৰিশূলডালৰ গঠন লোৱা ৰেখাৰে কোঁচখোৱা কপালখন আৰু ঠিক বৰশীৰ পুঙাটোৱে চুপিয়াই থকাৰ দৰে লগা নাকৰ তলৰ গোঁফযোৰ দেখিলেই তাৰ বুকুৰ পৰা কলিজাটো লৰমৰা যেন লাগে।

 বাহিৰত কাৰোবা চিঞৰ-বাখৰ শুনি পোনাকণে খিৰিকীৰে ভুমুকিয়াই চালে। তাৰ জীৱ উৰি গ’ল। সেউতী বাই, হাতত ক’লা বগা পখৰা হাঁহজনী! এই হাঁহজনীকে যোৱাকালি সুবচন আৰু সি খেদি খেদি ৰঙ চাইছিল। আগে-আগে হাঁহজনী প্ৰাণটাকি দৌৰিছিল। পিছে, পিছে সিহঁত দুটাই দলিয়াই গৈছিল। কোনোমতেহে তাই পুখুৰীত পৰি ৰক্ষাপৰিছিল।

 ‘চাওঁকছোন ককাইদেউ, আপোনাৰ ল’ৰাই মোৰ হাঁহজনীৰ ঠেং ভাঙি কি দশা কৰিলে।’ ঠহৰ্ কৈ কথা কিটা পোনাকণৰ কাণত পৰিলহি। এইবাৰ তাৰ ৰক্ষা নাই। আজি তাৰ দিনটোৱে বেয়া। পিছে ঠেংটো সি নহয় সুবচনেহে ভাঙিছিল। সি তাৰ কথা ক’ব নেলাগিছিল।