পৃষ্ঠা:পাখি লগা মন.pdf/৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
পাখি লগা মন

ভিতৰত অভিলাষেই সাহসী।

 জেকা, সেমেকা হাবিতলীয়া বাটেৰে অকাই পকাই আহোঁতে সিহঁতৰ ভালেমান সময় লাগিল। সিহঁতৰ এনে লাগিল মৌন হৈ ৰৈ থকা ওখ ওখ গছ আৰু জোপোহাবোৰে যেন সিহঁতক নিৰীক্ষণ কৰিহে আছে।

 পোহৰটোৰ ওচৰ পাই অভিলাষহঁতে দেখিলে এটা তেনেই সাধাৰণ ঘৰ। খেৰ আৰু বাঁহেৰে সজা। দুৱাৰখন আছিল সৰু কিন্তু মজবুত। চাপৰ বহল বাৰান্দাখনত এটা হাৰিকেন ওলমি আছে। সিহঁত হতাশ হ'ল। হাবিৰ মাজত অকলশৰীয়া ঘৰটোৱে সিহঁতৰ মনত নানান ভাৱৰ সৃষ্টি কৰিলে।

 ৰচীৰে বান্ধি থোৱা দুৱাৰখন খুলি হাতত হাৰিকেনটো লৈ অভিলাষে ভিতৰলৈ জুমি চালে। আটাইকেইটা ভিতৰলৈ সোমাই গ'ল। কাৰণ বাহিৰত থকাৰ সাহস সিহঁতে হেৰুৱাই পেলাইছিল। সিহঁতে দেখিলে –কোঠালি এটাই। ডাঙৰ, আহল-বহল। এখন ডাঙৰ বিচনাও আছে। বিচনাখন গছৰডালৰ খুটাত বাঁহ বান্ধি তৈয়াৰ কৰা। বাঁহৰ ঢাৰি পাৰিথোৱা বিচনাখনত কিছুমান কিতাপ সিঁচৰিত হৈ পৰি আছে। কোঠালিটোৰ একাষে বাঁহৰ চাং এখনত এটা ট্ৰাংক, তাতো জাপি থোৱা কাগজ এসোপা আৰু কিতাপ-পত্ৰ। অভিলাষে দুৱাৰখন জপাই কোঠালিটোত থকা একমাত্ৰ চকীখনত বহি পৰিল। বাকীকেইটাই বিচনাখনৰ এচুকত কুঁচিমুচি বহি থাকিল।

 বাহিৰত খচ্‌মচনি শুনা গ'ল। আটাইকেইটাই জাপ মাৰি আহি অভিলাষক সাৱটি ধৰিলেহি। দুৱাৰখন ঠেলি মানুহ এজন সোমাই আহিল। তেওঁৰ এখন হাতত বজাৰ কৰি অনা মোনা এটা আৰু আনখন হাতত এটা টৰ্চ।

 অভিলাষহঁতক দেখি তেওঁ বাৰুকৈয়ে আচৰিত হ'ল। -‘কোন তোমালোক?’— তেওঁ সুধিলে–

 – ‘আমি বাট হেৰুৱাই পেলাইছো।’ অভিলাষে থিয় হৈ ক'লে।