পৃষ্ঠা:পাখি লগা মন.pdf/১৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৫
পাখি লগা মন

শ্ৰেণীৰ শিক্ষকে ঘৰলৈ আহি দৰৱ পাতি দি খবৰ লৈ যায়হি। পোনাকণে ভাবিলে আচলতে ৰজত এটা মূৰ্খ। কিয়নো তাক গালি-শপনি পাৰিবলৈ মাকজনীৰ বাহিৰে কেঁৱে নাই, অথচ সি মিছাতে দিনে-নিশাই পঢ়ি মৰে।

 ৰাতিপুৱা চাহ-জলপান খোৱাৰ পিছত দেউতাকে পোনাকণ আৰু ৰিমাক পৰীক্ষাৰ নম্বৰবোৰ চালে। ৰিমাৰ নম্বৰ দেখি তেওঁ বৰ সন্তোষ পালে কিন্তু পোনাকণৰ নম্বৰ দেখি মনত বৰ বেজাৰ পালে। ৰিমাই ক’লে ‘এইবোৰ চব সুবচনৰ দৰে দুষ্ট সঙ্গৰ কাৰণে হৈছে। সুবচন এটা বেয়া ল’ৰা। পঢ়াত মন নাই দিনৰ দিনটো খেলা আৰু হাই-কাজিয়া কৰা।’ দেউতাকে পোনাকণৰ কু-অভ্যাসবোৰ দেখি-শুনি মনত বৰ আঘাট পালে। তেওঁ ত’লে ‘তুমি এটা ভাল ল’ৰা হ’বলৈহে চেষ্টা কৰিব লাগে। মিছামতা, অবাবত সময় নষ্ট কৰা, জীৱ-জন্তুৰ প্ৰতি আদৰ নথকা এইবোৰে এজন ভাল মানুহ হোৱাত বাধা দিয়ে। এটা এটা চেকেণ্ড মুকুতাৰ দৰে অমূল্য। তুমি সময়ৰ মূল্য বুজা উচিত৷ এতিয়াই সময়মতে ভালকৈ পঢ়া- শুনা কৰি ল’ব নোৱাৰিলে কেতিয়াও ভাল মানুহ হ’ব নোৱাৰিবা। মনত ৰাখিবা, দগাবাজলোকক সকলোৱে ঘিণ কৰে।’

 দেউতাক বজাৰলৈ ওলাই যোৱাৰ সুযোগতে পোনাকণে গৈ ৰজতৰ ঘৰ পালেগৈ। দেউতাকৰ ওচৰত আজি তাৰ যি দুৰ্গতি হ’ল বাবে সি ৰজতকে দায়ী বুলি ভাবিলে। পোনাকণ ভিতৰলৈ সোমাব খুজি শ‍ইকীয়া চাৰৰ মাত শুনি ৰৈ গ’ল।

 —‘ভাল কিতাপ যিমানে পঢ়িবা সিমানে জ্ঞান বাঢ়িব। পিছে, মন কৰিবা, যাতে শ্ৰেণীৰ পঢ়া ক্ষতি নহয়।’

 শ‍ইকীয়া চাৰ ওলাই আহিল। পোনাকণ দুৱাৰচুকত লুকাই পৰিল। শ‍ইকীয়া চাৰক পদুলিলৈ আগবঢ়াই ৰজত উভটি আহিল। তাৰ হাতত কেইবাখনো কিতাপ।

 —পোনাকণক বাৰাণ্ডাত দেখি ৰজত আচৰিত হ’ল। — ‘এইবোৰ কি কিতাপ?’ পোনাকণে লাহেকৈ সুধিলে। ‘আকাশৰ বিষয়ে, চৰাই- চিৰিকতিৰ বিষয়ে’

 — ‘শইকীয়া চাৰে দিছে?’ ৰজতে ক’লে, পোনাকণে সুধিলে।

 —‘ওঁ। চাৰৰ ঘৰত এটা পুথিভঁৰাল আছে। মই চাৰৰ ঘৰলৈ যাম