মাতি মাতি উত্তৰ নেপায় গছত উঠি গৈ পৱনৰ ওচৰ পালেগৈ। ক’লে —
—‘দাদা, খেলিবলৈ যাওঁ আহা।’
—‘ক’ত খেলগৈ?’ পৱনৰ খঙ উঠি গ’ল।
— ‘কেকুঁৰিটোৰ ওচৰৰ মুকলি পথাৰখনত। বিতোপনহঁতে ৰাতিপুৱাতে কৈ থৈছে।’
— ‘তোৰ কাম নাই? এই চবৰ লগত যে খেলি ফুৰ।’
— ‘কিয়?’ সুমনে সুধিলে।
— ‘মই ধনী ল’ৰাৰ লগতহে থাকি ভালপাওঁ। তয়ো এই দুখীয়াবোৰৰ লগ নলবি।’
ককায়েকৰ কথা শুনি সুমনে ক’লে—
— ‘ধনী-দুখীয়া কি কথা অ’? ভাল লগৰীয়া হ'লেই হ’ল।’ — ‘মই বিদুৰ্জৰ নিচিনাকৈ ধনী হৈ, গপছত থাকিবলৈ বিচাৰো নহ’লে অকলে থকাই ভাল বুইছ?’
— ‘তই দুখীয়া মানুহ বেয়াপাৱ?’ সুমনে সুধিলে।
— ‘অঁ!’
— ‘তেনেহ’লে তই ধনী হ’ব লাগিব বিদুৰ্জ দাদাৰ দৰে।’
— ‘ওঁ। মই দেউতাক কৈছো নহয় এইবাৰ মোক এখন চাইকেল আনি দিবই লাগিব। ভাল জোতা আৰু দ্ৰেচো লাগিব।’ পৱনে ক'লে।
— ‘চাইকেল, ভালপোছাক থাকিলেই ধনী নহয় নহয়।’
ভায়েকলৈ পৱনে চকু ঘোপা কৰি চালে। তাকে দেখি সুমনে হাঁহি মাৰি ক’লে —
— ‘ময়ো ধনী হ’বলৈ ভালপাওঁ। গাড়ীত উঠি ফুৰিবলৈ, ভাল ভাল সাজ-পোছাক পিন্ধিবলৈ, ধুনীয়া ঘৰত থাকিবলৈ। কিন্তু মুখেৰে ক’লেই নহ’ব নহয়। শ্ৰেণীত আমাক চাৰে কয় নহয় — বিদ্যাই উন্নতিৰ জখলা। স্কুলীয়া কালত মনপুতি পঢ়াশুনা কৰিলে পিছত পঢ়িশুনি ডাঙৰ