পৃষ্ঠা:পাখি লগা মন.pdf/৩৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৮
ডাঙৰ কোন?


 — ‘দেখিছানে, পানীবোৰ অ’ত ত’ত কেনেকৈ আছেগৈ?’

 টুবুলে শলাগিলে, — ‘ওঁ দেখিছো।’

 মাকে ক’লে — ‘তুমি খাই থাকা, মই কৈ যাওঁ বাৰু।’ টুবুলে খাবলৈ ল’লে। মাকে বুজাই গ’ল, ‘ধৰি লোৱা এই ট্ৰেখন পৃথিৱী। জানানে এটা সময়ত মানে লাখ লাখ বছৰৰ আগতে পৃথিৱীত মানুহ, গছ-বন একোৱে নাছিল। — বহুকালৰ পিছত জৈৱিক কাৰণত মানুহ, গছ-গছনিৰ সৃষ্টি হ’ল। মানুহ যে প্ৰথম বানৰ আকৃতি আৰু পেটৰ ভোকৰ কাৰণে কঠিন কাম, হাবি-জংঘল, পৰ্বত-পাহাৰ বগাও বগাওতে সময়ত হাত ভৰি পোন আৰু টান হৈ মানুহৰ আকৃতি হ’ল তাকতো তুমি জানাই।’

 — ‘ওঁ ওঁ। টুবুলে মূৰ দুপিয়ালে।

 ‘এতিয়া শুনা — এই বিশাল পৃথিৱীখনত এই পানীৰ ডোঙাবোৰৰ দৰেই মানুহবোৰ অ’ত ত’ত আছিল। বৰ কম সংখ্যক মানুহ আছিল তেতিয়া। ভয়তে মানুহবোৰ থূপ খাই আছিল। ক’ৰবালৈ গ’লে একেলগে গৈছিল। কেৱল খোজ কাঢ়ি ফুৰিছিল। ঘৰ সাজিব নেজানিছিল নহয় পৰ্ব্বতৰ গুহা বা জোপোহা গছৰ তলত আছিল। কিন্তু তেওঁলোকে অনুভৱ কৰিছিল, ওপৰত এজন শক্তিমান ভগৱান আছেই। তেঁৱে মানুহ আৰু গছ-গছনি জীৱ-জন্তু স্ৰজন কৰিছে। তেওঁ মানুহবোৰক ওপৰৰ পৰা চাই থাকে। তেওঁলোকে ভাবিছিল সেই ভগৱানেই পোহৰ দিবলৈ সূৰ্য্য দেৱতাক, চন্দ্ৰ দেৱতাক আদেশ দিয়ে। বতাহ-ধুমুহা ঢেৰেকণিকো কিছুমান দেৱতা বুলি ভাবিছিল যেতিয়া ধুমুহা গাজনি হয় নেদেখা ওপৰত থকা ভগৱানজনক প্ৰাৰ্থনা কৰে ৰক্ষা কৰিবলৈ। সেইবোৰ এটা সময়ত শাম কাটে আৰু সকলোৱে মানি লয় সেইয়া ভগৱানে নাইকীয়া কৰি পেলাইছে।’

 —‘তেতিয়া যীচু আৰু ঈশ্বৰ নাছিল নেকি? টুবুলে সুধিলে।

 মাকে উত্তৰ দিলে — ‘নাছিল। কোনোৱে তেতিয়া যীচু বা বেলেগ ঈশ্বৰ থকা বুলি নেভাবিছিল। —বহুকাল পাৰ হ’ল। মানুহবোৰৰ বুদ্ধি গিয়ান হ’ল। ঘৰ সাজিবলৈ, খেতি কৰিবলৈ, সমাজ পাতি থাকিবলৈ ল’লে। এই মানুহবোৰৰ বেলেগ বেলেগ জাত হল, নিয়ম হ’ল, ধৰ্ম