থাকে। তাতে তাই নিজৰ কামবোৰ মনত পেলাই লয়। তাইৰ কাম নো কি? — বাৰান্দাৰ এচুকত ধেমালি কৰিবলৈ ঠিক কৰি লোৱা ঠাই দোখৰ তাইৰ কন্যাজনীৰ ঘৰ হিচাবে চাক্-চিকুণ কৰা, - ফটাকানিৰে সজা কন্যাজনীক গা-পা ধুউৱা, তামোলৰ ঢকুৱাখনৰ পৰা বৰ যতনেৰে উলিউৱা পাটৰ কাপোৰ যেন নিমজ বাকলিৰে কন্যাক সাজযোৰ পিন্ধোৱা। নাৰিকলৰ কোৰোঙাত ভাত আঞ্জা সোপা ৰন্ধা আছেই! বাৰান্দাৰ খুটা কেইটাৰ লগত আলহী আলহী খেলা; — তাৰ পিছত লগৰীয়াৰ লগত লুকা-ভাকু খেলা, এইবোৰ তাই নিতৌ থকা কাম।
পাহিৰ পিতাক খৰিকটিয়া। হাবিৰ খৰি বিচাৰি আনি সেইয়া বেচি পোৱা টকাৰে দিনবোৰ কটায়। পুৱাতে পিতাকে ওলাই যায়; গধুলিহে ঘৰ সোমাইহি। পিতাক যিদিনা ঘৰতে থাকে পাহিয়ে বৰ আমনি পায়। পিতাকৰ লাগনি-পাচনি লাগিব লাগে, — পাহি পানী এলোটা আন, পাহি চোতালখন সাৰি পেলা, আইজনী, কাপোৰবোৰ ৰ'দৰ পৰা আন, পাৰ কেইটাক খুদকণ দিলিনে, ক’ত যে লেঠা!
এদিন পিতাকে পহিক ক’লে ‘আইজনী মই কিছুদিনৰ কাৰণে ঘৰৰ বাহিৰত কটাম। জাৰৰ দিন পালেহিয়ে। জাৰৰ দিন বৰ চুটি। কাম- কাজৰ অসুবিধা। সেইবাবে এতিয়াই নৈৰ সিপাৰৰ গাঁওখনত দুদিনমান থাকি তাৰ ওচৰৰ হাবিডৰাৰ পৰা সৰহকৈ খৰি কাটি তাকে বেচি দুপইচামান গোটাই আনোগৈ। তয়ো ৰং-ধেমালিকে কৰি নেথাকিবি। গোটাই থোৱা পুৰণা কাপোৰ খিনি জাপি দি উৱঁলি যোৱাকঠাখন ন-কৈ সিঁ থবি। মই কাপোৰবোৰ কাঠৰ বাকচটোৰ পৰা উলিয়াই থৈছো। এইবাৰ জাৰৰ দিন কেইটা তাৰে চলিব লাগিব।’ — এইবুলি টালি-টোপোলা বান্ধি পিতাকে গুচি গ’ল।
এইদৰে মাজে মাজে পিতাক দূৰলৈ গৈ খৰি বেপাৰ কৰে। সেইদিন কেইটা নিশা পাহি ওচৰৰ মানুহ এঘৰত থাকেগৈ।
পিতাক যোৱাত পাহিয়ে বৰ ভাল পালে। মনতে ভাবিলে এই কেইদিন তাইৰ বৰ মজা হ’ব। ‘ইটো কৰ, সিটো কৰ’ বুলিবলৈ পিতাক নাই। তাইৰ মনটো ফৰকাল লাগিল।