পৃষ্ঠা:পাখি লগা মন.pdf/২৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৬
সখী


তৰালী বৰ অকলশৰীয়া হৈ পৰিল। পিছে সৎ ছোৱালী তৰালীক ওচৰ- চুবুৰীয়াই বিপদে-আপদে সহায় কৰি দিয়েহি।

 তৰালীহঁতৰ ঘৰৰ কাষতে মালাহঁতৰ ঘৰ। মালাহঁত ধনী মুহ। দেউতাক জমিদাৰ। মালাৰো মাক নাই। পিছে, চাকৰ-নাকৰে ঘৰখন ভৰি থাকে। মালাই কূটা এগছকে কৰিব নেলাগে। দিনৰ দিনটো তাই খেল- ধেমালি কৰিয়ে সময়বোৰ পাৰ কৰে। তাই তৰালীৰ লগ কেতিয়াও নলৈছিল। দুখীয়া বুলি কাষকে নেচাপিছিল। বৰঞ্চ সুযোগ পালে আমনিহে কৰিছিল।

 মালাহঁতৰ দুমহলীয়া ঘৰ। যেতিয়া তৰালীয়ে বাৰান্দাত বহি সূতাকাটি থাকে, ওখ বাৰান্দাখনৰ পৰা মালাই জিভা উলিয়াই সিঁয়াৰে। তৰালীয়ে একো নকয়। তাইক আইতাকে শিকাইছিল আনে বেয়া কাম কৰিলে, তাকে দেখি কৰিব নেপায়, সজ কামটোহে ল’ব লাগে।’ কেতিয়াবা মালাই তাইৰ গালৈ ইটো সিটো দলিয়াই ৰং চায়। তৰালীয়ে একো নকয়। তাই আঁতৰি গুচি যায়। তাই জানে বৰলোকৰ লগত ভাল কামেৰে ফেৰ মাৰিব লাগে। তৰালী দুখীয়া হ’লেও সদায় ৰঙমনে থাকে। গীত গাই কাম বন কৰি থাকে। তেতিয়া বেয়া কথাই মনত ঠাই পাব নোৱাৰে। এইবোৰ তাই পিতাক আৰু আইতাকৰ পৰা শিকিছে। এইদৰেই দুঘৰত দুয়োজনী ডাঙৰ হ’বলৈ ধৰিলে।

 এবাৰ বকুলপুৰ গাঁৱলৈ ডাঙৰ বিপদ আহিল। প্ৰৱল বানপানীয়ে খেতি পথাৰ তল নিয়ালে। লাহে লাহে মানুহৰ ঘৰলৈও পানী সোমাবলৈ ধৰিলে। তৰালীৰ ঘৰৰ ভিতৰত একাঠু পানী হ’ল। তাকে দেখি মালাই হাত চাপৰি মৰি হাঁহিবলৈ ধৰিলে।

 তৰালীহঁত গাঁৱৰ মানুহবোৰৰ লগত নিৰাপদ ঠাই লৈ গুচি গ’ল। সেই অঞ্চলৰ মানুহে বিপদত পৰা মানুহখিনিত পঢ়া শালিৰ ঘৰ এটাত থকাৰ ব্যৱস্থা কৰি দিলে। খোৱা আহাৰ আৰু কাপোৰ কানিৰো যোগান ধৰিলে।

 পিছে বানপানী বাঢ়ি থাকিল। এদিন বকুলপুৰ গাঁও খনকে ডুবাই পেলালে। কোবাল সোঁতত গৰু-ছাগলী উটি যাবলৈ ধৰিলে। খিৰিকীৰে