পৃষ্ঠা:পাখি লগা মন.pdf/১৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৪
অনুভৱ


 হাতত সাৰে ভৰিত সাৰে পোনাকণ বিচনাৰ পৰা নামি পিছফালে পালেহি। সি মনে মনে পিছফালৰ বাৰাণ্ডাৰ চুক এটাত বহি থাকিল।

 বনকৰা ল’ৰা দধিৰামে দেউতাকে মাতিছে বুলি পোনাকণক লৈ গ’লহি।

 — ‘হাঁহটোৰ ঠেং তুমি ভাঙিছা?’ চোতালত পৰি থকা হাঁহজনীক দেখুৱাই দেউতাকে সুধিলে।

 পোনাকণে আঁৰ চকুৰে হাঁহজনীলৈ চাই পঠিয়ালে। জীৱটো কোনোমতেহে হাঁহজনীৰ দেহত লাগি আছে। মুখখন মেলি অদ্ভুদ ধৰণেৰে উশাহ লৈছে। “নোকোৱা কিয়? দেউতাকৰ সঁচাকৈয়ে খঙ উঠিল,

 — ‘নাই ভঙা।’ সি সেপ ঢুকিলে।

 —‘ক’লেই হ’বনে? ৰজতে কৈছে নহয়, সুবচনৰ লগত তুমি হাঁহজনী খেদি ফুৰিছিলা। মই সুবচনক গৈ সোধোতে তুমি ঠেংটো ভাঙিছা বুলি কৈছে।’ সেউতী বায়ে ৰিহাৰ আঁচলেৰে চকুপানী মুচিলে। কাৰণ ঘৰখনৰ নিমখ তেলৰ খৰচকণ হাঁহজনীৰ পৰাই পাই আছিল।

 ‘অমাত জীৱ-জন্তুৰ ওপৰত এনে অত্যাচাৰ কৰিব পায়নে?’ হাততে পোৱা এছাৰি এডালেৰে দেউতাকে পোনাকণক এচাট লগাই দিলে।

 — ‘এহ্ কি কৰে পেন্দুকনা ল’ৰাটোক’— সেউতী বায়ে পোনাকণক সাৱটি ধৰিলে। গায়ে-মূৰে হাতফুৰাই তাক ভিতৰলৈ পঠিয়াই দিলে।

 দেউতাকে ৰিমাক মাতি মাকৰ পৰা হাঁহজনীৰ দামটো আনি দিবলৈ ক’লে।

 সেউতীবায়ে ক’লে - ‘মই দাম বিচাৰি অহা নাই নহয়, আগলৈ যাতে এনে নকৰে তাকে ক’বলৈহে আহিছিলো বোপা।’ হাঁহজনীলৈ সেউতীবাই গুচি গ’ল।

 দেওবাৰ দিনটোত পুৱাতে অথন্তৰখন হোৱাত পোনাকণৰ ভাল নেলাগিল। ৰজতক এপালি দিয়াৰ কথা সি মনতে ভাবি থলে। ৰজতক পোনাকণহঁতে সমুলি ভাল নেপায় কাৰণ সি শ্ৰেণীত প্ৰথম হোৱা কাৰণে সকলো শিক্ষক-শিক্ষয়িত্ৰীয়ে তাক বেছি মৰম কৰে। আনকি জ্বৰ হ'লে