শ্ৰেণীত পঢ়া ককায়েক ময়ুৰে তাক আঁতৰলৈ নি ক’লে — ‘তই চিন্তা
নকৰিবি দে, দেউতাই হাঁহজনী নেমাৰে।’
দেউতাক বজাৰৰ পৰা আহিল। বিবিধ শাক-পাচলি লগতে ডাঙৰ মাছ আৰু সৰু মাছো আনিছে। বজাৰৰ টোপোলাটো মাকৰ হাতত দি কাপোৰ কানি সলায় বাৰান্দাৰ চকীখনতে বহিল। তেওঁ সোণকণৰ মাকক ক’লে— ‘পানী এগিলাচ দিয়াছোন। হাঁহজনীক কাটি-বাচি দি আজৰি হৈ লওঁ।’
মাকে পানী গিলাচ লৈ আহিছিলহে। তেনেতে ক’ৰবাৰ পৰা অহা ময়ূৰে চোতালৰ পৰাই চিঞৰ বাখৰ লগালে ‘দেউতা, সাপ সাপ। চকঁৰী ফেটী। চকীৰ তলতে।’
একেজাপে চকীত ভৰিতুলি দেউতাক থিয় হ’ল। তেওঁ চিঞৰিবলৈ ধৰিলে — ‘হেই কোন আছ, বেগাই আহ, ৰমাকান্ত।’
ৰমাকান্ত উধাতু খাই ল'ৰি আহিল। দেউতাকে চকীৰ পৰাটেবুলত উঠি ডেডাউৰিবলৈ ধৰিলে – ‘হেই, হেই– ’
ইতিমধ্যে মাকে পিছফালৰ পৰা লাঠি এডাল আনি ৰমাকান্তলৈ দূৰৈৰ পৰা দলিয়াই দিলে। —‘সৌটো সৌটো’ — বুলি বহলকৈ চকুযোৰ মেলি ময়ূৰে চোতালৰ পৰাই চিঞৰি থাকিল।
হুলস্থুল শুনি ককাকো আহি ওলালহি। ভয়তে থক্ থক্কৈ কঁপা দেউতাকৰ দশা চাব নোৱাৰা হ'ল।
ক্ষন্তেক পিছতে ময়ূৰ তভক্ মাৰি ৰ’ল। সি কলে — ‘সাপ-চাপ নাই। মই মিছাকৈয়ে চিঞৰিছিলো।’
—‘কি?? — সকলোৱে তালৈ চালে। দেউতাক খঙত অগ্নি শৰ্মা হ’ল — ‘তোৰ এই অতপালি— ’ চৰ এটা সোধাবলৈ হাত দাঙি আহিল।
—‘সাপলৈ ইমান ভয়নে?’ — ময়ূৰে ক’লে।