পৃষ্ঠা:পাখি লগা মন.pdf/২৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

সখী


 চহৰৰ পৰা নিলগত থকা বকুলপুৰ এখন সৰু গাঁও। বেথাৰাম সেইগাঁৱৰে এজন দুখীয়া খেতিয়ক। তেওঁৰ এজনী অকণমানি ধুনীয়া ছোৱালী আছে; নাম তৰালী। তৰাটিৰ দৰেই ৰূপহী। দেখাত যেনে কামতো তেনে। বৰ কামিলা।

 তৰালীৰ সৰুতেই মাক ঢুকাল। আইতাকে আৰু পিতাকৰ চেনেহঁতে ডাঙৰ-দীঘল হ’বলৈ ধৰিলে। আইতাকে সূটাকটা, চিলাই কৰা, ঘৰুৱা কাম আদি শিকাই পটু কৰি তুলিলে।

 বয়স হোৱাত এদিন আইতাকজনীও পৃথিৱী এৰি গুচি গ’ল।