পৃষ্ঠা:পাখি লগা মন.pdf/৪৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪৬
পাখি লগা মন

সুখৰ কথা চিন্তা কৰি উৰি ফুৰে। সিহঁতৰ অৱস্থা বৰ টনকিয়াল নহয়। পৱনে সিহঁতৰ ঘৰৰ অৱস্থাটো অকনো ভাল নেপায়। সিহঁতৰ উঠি ফুৰিবলৈ মটৰ গাড়ী নাই। থাকিবলৈ অট্টালিকা নাই। তাৰ আলপৈচান ধৰিবলৈ নিগাজীকৈ বন কৰা মানুহ এটাও নাই। স্কুললৈ খোজ কাঢ়ি নহ'লে ৰিক্সাত যাব লাগে। সেইবাবে সি স্কুললৈ যাবলৈ ভাল নেপায়। স্কুলৰ কথা ভাবিলেই খং উঠে।

 পৱনৰ শ্ৰেণীৰ ৰিভৱ অপুৰ্ব ৰিজনহঁতলৈ ইমান যে খং উঠে! কাৰণ সিহঁত নিজৰ গাড়ীত স্কুললৈ আহে। ধুনীয়া ধুনীয়া টিফিন বক্সত লোভ লগা টিফিনবোৰ আনে। স্কুল পোছাকবোৰো সদায় নতুন নতুন যেন লাগে। বিশেষকৈ ৰিজনৰ ফুটনিটো তাৰ সহ্য নহয়। এইবোৰ চাই আৰু ভাবি থাকোতেই শ্ৰেণীৰ শিক্ষকে পঢ়োৱা কথাবোৰ তাৰ মগজত নোসোমায়। ফলত সি পঢ়াশুনাত দুৰ্ব্বল হৈ পৰে। পঢ়াশুনাত ভাল নোহোৱাৰ বাবে শিক্ষকৰো গালি খাব লগা হয়।

 পৱনে তাৰ বৰ দেউতাকৰ ল’ৰা বিদুৰ্জৰ কথা ভাৱে। বিদুৰ্জৰ সুখেই সুখ। বৰ দেউতাক ডাক্তৰ। চহৰত থাকে। বিদুৰ্জই নিজৰ গাড়ীত স্কুললৈ অহা-যোৱা কৰে। সিহঁত বৰ ধনী মানুহ। গাড়ী আছে। ডাঙৰ অট্টালিকা যেন ঘৰ আছে। ড্ৰাইভাৰ, বন কৰা মানুহ, মালী, ৰান্ধনীয়ে ঘৰ চম্ভালি থাকে। বিদুৰ্জৰ কম্পিউটাৰো আছে। সিও চেভেনত পঢ়ে। পঢ়াত চোকা। নহ’বনো কিয়? তিনিটাকৈ টিউচন। বিদুৰ্জহঁত আহিলে পৱন কৰবাত সোমাই থাকেগৈ। বৰ মাক জনীয়ে তাক বৰ মৰম কৰে। সিহে নিজকে দুখীয়া বুলি আগলৈ ওলাবলৈ মন নকৰে।

 পৱনৰ ভায়েক সুমন কিন্তু তেনে নহয়। সুমন চিক্সত পঢ়ে। নিজকে কেতিয়াও দুখীয়া বুলি দুখ নকৰে। ঠিকমতে পঢ়াশুনা কৰে। শ্ৰেণীত সদায় প্ৰথম হৈ প্ৰমোছন পায়। ৰঙমনে সকলো সময়তে থাকে। মাক- দেউতাককো কামত সহায় কৰি দিয়ে। পৱনৰ দৰে অকলে অকলে নেথাকে লগৰীয়াও বহুত।

 এদিন আবেলি।

 পৱনে ঘৰৰ মধুৰিআম জোপাত উঠি মধুৰিআম খাই আছিল। সুমনে