পৃষ্ঠা:পাখি লগা মন.pdf/২২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

ভয়

 স্কুলৰ পৰা আহি বাৰান্দাত ভৰি থোৱা সোণকণ আনন্দত চিঞৰি উঠিল – ‘এইটো কি?’

 ককাকে ক’লে — ‘দেখা নাইনে, এইজনী হাঁহ।’

 সোণকণ পলটোৱে ঢাকি থোৱা হাঁহজনীৰ ওচৰ পালেগৈ। আঠুকাঢ়ি পলটোত ফাঁকেৰে জুমি চাই ক’লে - ‘ইমান ধুনীয়া। কোনে আনিলে?’

 ককাকে ক’লে – ‘দেউতাৰে৷’

 হাঁহজনী সচাকৈয়ে ধুনীয়া। শেলুৱৈ আৰু বগা ৰঙৰ হাঁহজনীৰ পাখিবোৰ চিক্‌চিকাই থকা।

 মাকে সোণকণক হাতত ধৰি লৈ গ’ল। ক’লে ‘স্কুলৰ পৰা আহি সোণকালে হাত মুখ ধুই পেলাব লাগে।’

 হাঁহজনী দুটা দিন সোণকণহঁতৰ ঘৰত থাকিল। বনকৰা ল’ৰা ৰমাকান্তই প্ৰথমদিনা ধান এগলৈ খুৱাই খেদি নি বাটৰ কাষৰ পুখুৰীটোত এৰি দি আহিল। ককাকে আবেলি খেদি আনি আকৌ পলটোৰে ঢাকি থলেহি। পিছদিনা হাঁহজনীয়ে খাই বৈ নিজে পুখুৰীটোলৈ ঢাপলি মেলিলে। আবেলি নিজে ঘৰলৈ আহিল। সোণকণ স্কুললৈ যাব লগা হোৱা কাৰণে তাইৰ লগত খেলিবই পৰা নাই।

 সেইদিনা দেওবাৰ। সোণকণে ভাবিলে আজি সি হেঁপাহ পলুৱাই হাঁহজনীৰ লগত খেলিব। সি হাঁহজনীৰ ওচৰ চপা দেখি মাকে ক’লে ‘সোণকণ, হাঁহজনী পলটোৰ পৰা এৰি নিদিবা।’