পৃষ্ঠা:পাখি লগা মন.pdf/২০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৯
পাখি লগা মন


 মনৰ ৰঙতে পাহি চোতাললৈ ওলাই আহিল। ফুলে ফুলে উৰি ফুৰা পখিলাবোৰ ধৰিবলৈ খেদি ফুৰিলে। ফুলৰ ৰেণুবোৰ খোৱাত বাধা পাই পখিলাবোৰৰ বৰ খং উঠিল আৰু বহু দূৰলৈ উৰি গুচি গ’ল।

 এইবাৰ পাহি চোতালত খুদ খাই থকা পাৰ দুটাৰ ওচৰলৈ গ’ল। তাইৰ সিহঁতৰ লগতে খেলিবলৈ মন গ’ল। পিছে তাইৰ লগত খেলা দূৰৰ কথা সিহঁতে কূটা কঢ়িউৱাত ইমান লৰালৰি কৰি থাকিল যে, পাহিলৈ কেৰাহিকেও নেচালে। পাহিয়ে বুজিলে সিহঁতে বাঁহ সাজিবলৈ খৰধৰ কৰিছে। পাৰজনীয়ে কণী পাৰি উমনিত বহিব লাগে। সিহঁতক ডাঙৰ নকৰালৈকে সিহঁতৰ আহৰি নাই।

 এনেতে পাহিয়ে দেখিলে, গুণ গুণাই মৌমাখি এটা উৰি আহিছে। তাই সেইফালে দৌৰি গ’ল। ক’লে — ‘মৌমাখি, মৌমাখি মৌ কিমান পালা?’ তাই মৌমাখিটোৰ পিছে পিছে দৌৰি ফুৰিলে। মৌমাখিটোৰ খঙ উঠিল। সি গোৰ্‌গোৰাই উঠিল। সি যেন ক’লে ‘আমনি নকৰিবাছোন। বহুত মৌ গোটাবলৈ আছে। খাবও লগিব নিবও লাগিব।’

 পাহিয়ে পিতাকৰ পৰা জানিছে মৌমাখিবোৰ বৰ কামিলা। সিহঁতে মৌ গোটাব লাগে। মৌচাক সজিব লাগে। তথাপি তাইৰ মৌমাখিৰ লগত খেলিবলৈ মন গ’ল। তাই মৌমাখিটোৰ পিছে পিছে খেদি ফুৰিলে।

 মৌমাখিটোৰ বাৰুকৈয়ে খঙ উঠিল। সি বহু দূৰলৈ গুচি গ’ল। পাহিৰ বৰ খঙ উঠিল। তাই ক’লে - ‘ইমান কাম নে? মোৰ সতে অকণমানো খেলিব নোৱাৰানে?’ চোতলতে পাহি দৌৰি ফুৰিলে। তাৰ পিছত তাই লগৰীয়াৰ লগত খেলিবলৈ গুচি গ’ল।

 এদিন দুদিনকৈ দিনবোৰ পাৰ হ’ল। পাহিৰ হ’লে কঠাখন চিলোৱা নহ’ল। ৰঙ-ধেমালি কৰি দিনবোৰ পাৰ কৰিলে। কঠাখনৰ কথা তাই একেবাৰেই পাহৰি থাকিল।

 পাহিৰ পিতাক উভটি আহিল। পিতাকক দেখিয়ে পাহিৰ কঠাখনৰ কথা মনত পৰিল। তাই লৰালৰিকৈ কাপোৰবোৰ আনিবলৈ গ’ল। পিছে, তাই দেখিলেহি কাপোৰ সোপা নিগনিয়ে তেনেই কুটি পেলাইছে। তাই